ETV Bharat / bharat

Nipah virus : কেৰালাত পুনৰ নিপা ভাইৰাছত আক্ৰান্ত এজন

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 1:53 PM IST

Nipah virus
কেৰালাত পুনৰ নিপা ভাইৰাছত আক্ৰান্ত এজন

কেৰালাত এতিয়ালৈ ৫ গৰাকী লোক নিপা ভাইৰাছৰ চিকাৰ হৈছে । বুধবাৰে পুনৰ এগৰাকী স্বাস্থ্য কৰ্মীৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ইতিমধ্যে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ।

নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ : কেৰালাত নিপা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত আছে । কোজিকোডত পুনৰ এজন নিপা ভাইৰাছৰ চিকাৰ হৈছে । স্বাস্থ্য বিভাগে জনোৱা মতে বুধবাৰে এখন ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰীৰ দেহত নিপা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । আক্ৰান্ত লোকজনৰ বয়স ২৪ বছৰ বুলি জানিব পৰা গৈছে । ব্যক্তিগত চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীজনক পৰ্যৱেক্ষণত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।

স্বাস্থ্য বিভাগে জনোৱা মতে যুৱকজন এগৰাকী নিপা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ঘনিষ্ঠ সংস্পৰ্শলৈ আহিছিল । ইয়াৰ লগে লগে কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫ লৈ বৃদ্ধি পাইছে । তাৰ ভিতৰত দুগৰাকী ৰোগীৰ মৃত্যু হৈছে আৰু বাকী তিনিগৰাকী চিকিৎসাধীন হৈ আছে ।

ইফালে, স্বাস্থ্য বিভাগে কোজিকোড জিলাৰ বিভিন্ন ৱাৰ্ডত জনসাধাৰণৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু অন্যান্য কেবিনেট মন্ত্ৰীসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হৈছে । বৈঠকৰ পাছত বীণা জৰ্জে জিলাখনত সমাৱেশ নিয়ন্ত্ৰণ কৰাৰ কথা ঘোষণা কৰিছে । উৎসৱ আৰু অন্যান্য অনুষ্ঠানত বৃহৎ সংখ্যক লোকৰ সমাৱেশ নিষিদ্ধ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । জিলাখনৰ ৯ টা পঞ্চায়তৰ ৱাৰ্ডসমূহক কণ্টেইটমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

নিৰ্দেশনা অনুসৰি ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খোলা ৰখাৰ অনুমতি দিয়া হৈছে । অৱশ্যে ফাৰ্মাচী আৰু স্বাস্থ্য কেন্দ্ৰবোৰক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে । বাছকে ধৰি বাহনবোৰ নিষিদ্ধ এলেকাত ৰ'ব নোৱাৰিব বুলি নিৰ্দেশ দিয়া হৈছে । ইফালে জিলা উপায়ুক্তগৰাকীয়ে কোজিকোডৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে ।

সংক্ৰমিত লোকৰ সৈতে ১৫৭ গৰাকী স্বাস্থ্য কৰ্মীসহ ৭৮৯ গৰাকী লোক সংস্পৰ্শলৈ অহাৰ কথা পোহৰলৈ আহিছে । আনহাতে ১৩ গৰাকী লোকক আইচ'লেচন ৱাৰ্ডত ৰখা হৈছে । আনহাতে ৪ জনক আইচিইউত ভৰ্তি কৰোৱা হৈছে । কোজিকোড জিলাত ৭৮ গৰাকী লোক তীব্ৰ বিপদাশংকাৰ শ্ৰেণীত আছে বুলিও উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক :Nipah virus: নিপা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ তৎপৰ কেৰালা চৰকাৰ, এনআইভি দল উপস্থিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.