ETV Bharat / bharat

Nipah virus: নিপা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ তৎপৰ কেৰালা চৰকাৰ, এনআইভি দল উপস্থিত

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 9:05 PM IST

Nipah virus
নিপা ভাইৰাছ

নিপা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ তৎপৰ হৈ পৰিছে কেৰালা চৰকাৰ ৷ পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজীৰ (এনআইভি) কেইবাটাই দলে কেৰালাত উপস্থিত হৈ নিপাৰ পৰীক্ষা কৰাৰ লগতে বাদুলিৰ জৰীপ কৰিব ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) এটা দলে নিপা ভাইৰাছত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় মন’ক্ল'নেল এণ্টিবডী লৈ কেৰালালৈ আহিবলৈ সন্মতি প্ৰদান কৰিছে ৷

নেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ: মঙলবাৰে কেৰালাত দুজনকৈ লোক নিপা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছিল ৷ ইয়াৰ পিচতে জিলাখনত নিপা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ তৎপৰ হৈ পৰিছে কেৰালা চৰকাৰ ৷ এই ঘটনাৰ পিচতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্য়ই জিলাখননৈ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজী (NIV)ৰ এটা দল প্ৰেৰণ কৰাৰ কথা সদৰী কৰিছিল ৷

বুধবাৰে কেৰালা চৰকাৰে কোৱা অনুসৰি, পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজীৰ (এনআইভি) কেইবাটাই দলে কেৰালাত উপস্থিত হৈ নিপাৰ পৰীক্ষা কৰাৰ লগতে বাদুলিৰ জৰীপ কৰিব ৷ ইয়াৰ ইয়াৰ বাবে ৰাজ্যখনৰ কোজিকোড চিকিৎসা মহাবিদ্যালয়ত এটা ভ্ৰাম্যমাণ পৰীক্ষাগাৰ স্থাপন কৰা হ’ব ৷ এতিয়ালৈ ৰাজ্যখনৰ কোজিকোড জিলাৰ চাৰিজন ব্যক্তি দেহত নিপা ভাইৰাছ সংক্ৰমণ হোৱা তথ্য প্ৰায় নিশ্চিত হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ লোৱা হৈছে ৷

বিধানসভাত নিপা ভাইৰাছ সংক্ৰমণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰখনৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে কয় যে, কেৰালাত নিপা ভাইৰাছৰ ফলত মৃত্যুৰ হাৰ অধিক, অৱশ্যে ইয়াৰ সংক্ৰমণৰ হাৰ কম ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) এটা দলে নিপা ভাইৰাছত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় মন’ক্ল'নেল এণ্টিবডী লৈ কেৰালালৈ আহিবলৈ সন্মতি প্ৰদান কৰিছে ৷

নিপা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে পদক্ষেপ :

এই ভাইৰাছৰ ভয়াবহতাৰ ওপৰত বিবেচনা কৰি, কোজিকোড জিলা প্ৰশাসনে সাতখন গাওঁ পঞ্চায়তক নিপা ভাইৰছৰ সংক্ৰমিত অঞ্চল হিচাপে ঘোষণা কৰে ৷ জিলা উপায়ুক্ত এ গীতাই জনোৱা অনুসৰি, সংক্ৰমিত অঞ্চল হিচাপে ঘোষণা কৰা পঞ্চায়তসমূহৰ ভিতৰত আছে আটাঞ্চেৰী, মাৰুথোঙ্কাৰা, তিৰুভাল্লুৰ, কুট্টিয়াদি, কায়াকোডি, ভিলিয়াপল্লী আৰু কবিলুম্পাৰা ৷ পৰৱৰ্তী জাননী নোপোৱালৈকে এই অঞ্চলসমূহৰ ভিতৰত অথবা ইয়াৰ আশে পাশে অন্য লোকে ভ্ৰমণ কৰাৰ অনুমতি দিয়া নহ'ব ৷ ইতিমধ্যে আৰক্ষীক এই অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা বজাই গঢ়ি তুলিবলৈ নিৰ্দেশনা দিয়া হৈছে ৷

এই অঞ্চলসমূহত কেৱল অত্যাৱশ্যকীয় সামগ্ৰী আৰু চিকিৎসাৰ সামগ্ৰী বিক্ৰী কৰা দোকানসমূহহে খুলিবলৈ অনুমতি দিয়া হৈছে ৷ অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকানসমূহ পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ খুলিবলৈ অনুমতি দিয়া হৈছে ৷ অৱশ্যে ফাৰ্মাচী আৰু স্বাস্থ্য কেন্দ্ৰসমূহৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই ৷

স্থানীয় স্ব-চৰকাৰী প্ৰতিষ্ঠান আৰু গ্ৰাম্য কাৰ্যালয়সমূহে কমসংখ্যক কৰ্মচাৰীৰ সৈতে কাম কৰিব পাৰিব ৷ বেংক, অন্যান্য চৰকাৰী বা অৰ্ধ-চৰকাৰী প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আৰু অংগনৱাড়ীসমূহ বন্ধ ৰাখিব লাগিব ৷ ৰাইজে স্থানীয় স্ব-চৰকাৰী প্ৰতিষ্ঠানলৈ যোৱা পৰিহাৰ কৰি অনলাইন সেৱা ব্যৱহাৰ কৰা উচিত ৷ এই অঞ্চলসমূহৰ মাজেৰে থকা ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাছ অথবা বাহনবোৰ ৰ’ব নোৱাৰিব ৷ এই সন্দৰ্ভত আঞ্চলিক পৰিবহন বিষয়া আৰু জিলা পৰিবহন বিষয়াই নিৰ্দেশনা জাৰি কৰিব ৷ সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব আৰু ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব বুলি জিলা উপায়ুক্ত এ গীতাই নিৰ্দেশনা জাৰি কৰে ৷

লগতে পঢ়ক: Nipah virus: নিপা ভাইৰাছত আক্ৰান্ত হৈ কেৰালাত দুজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.