ETV Bharat / bharat

AIIMSৰ পৰা ঘৰলৈ উভতিল কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল

author img

By

Published : Jun 29, 2021, 6:26 PM IST

মঙলবাৰে সৰ্ব ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ উভতিল কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল( Ramesh Pokhriyal) । ক'ভিড-১৯(COVID-19)ত আক্ৰান্তৰ হোৱাৰ পিছত তেওঁ আৰোগ্য হৈ উঠিছিল যদিও আন স্বাস্থ্যজনিত সমস্যাত ভূগিছিল । ইয়াৰ পিছতে তেওঁক AIIMSত ভৰ্তি কৰোৱা হয় ।

Union Education Minister Ramesh Pokhriyal discharged from AIIMS Delhi
AIIMSৰ পৰা ঘৰলৈ উভতিল কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল

নেশ্যনেল ডেস্ক, ২৯ জুন: আৰোগ্য হৈ উঠিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক( Ramesh Pokhriyal Nishank) । মঙলবাৰে দিল্লীস্থিত সৰ্ব ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ উভতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকী । ক'ভিড-১৯(COVID-19)ত আক্ৰান্তৰ হোৱাৰ পিছত তেওঁ আৰোগ্য হৈ উঠিছিল যদিও আন স্বাস্থ্যজনিত সমস্যাত ভূগিছিল ।

ইয়াৰ পিছতে যোৱা ১ জুনৰ পুৱা AIIMSত ভৰ্তি কৰোৱা হয় ৰমেশ পোখৰিয়ালক । তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱা বাবে আই চি ইউ(ICU)ত ভৰ্তি কৰোৱা হৈছিল । উল্লখ্য যে, যোৱা ২১ এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । অৱশ্যে, তেওঁ আৰোগ্য হোৱাৰ পিছত পুনৰ কাম আৰম্ভ কৰিছিল ।

ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কেইবাখনো বৈঠকো অনুষ্ঠিত কৰিছিল । চিকিৎসালয়ৰ বিচনাত থাকিও জীয়াই থকাৰ অদম্য হেঁপাহ কলমেৰে প্ৰকাশ কৰিছিল মন্ত্ৰীগৰাকীয়ে । AIIMSত চিকিৎসাধীন হৈ থকা সময়তে এটা সুন্দৰ কবিতাও লিখিছিল আৰু কবিতাটোৰ শিৰোনাম দিয়া হৈছিল "কৰ'ণা" ।

এই কবিতাটো যথেষ্ট চৰ্চিত হৈ পৰিছিল । আনহাতে, চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁক "কানাডা সাহিত্য গৌৰৱ" বঁটাৰে সন্মানিত কৰা হৈছিল । ২০২০ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ "ৱটন শিখৰ বঁটা" আগবঢ়োৱা হয় । বিভিন্ন ক্ষেত্ৰত কৰা কামৰ বাবে লেখক আৰু শিল্পীসকলক এই বঁটাৰে সন্মানিত কৰা হয় ।

বৰ্তমান কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক সুস্থ হৈ উঠিছে । পুনৰ তেওঁ দপ্তৰৰ কাম আৰম্ভ কৰিব পাৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:বুধবাৰে মোডী মন্ত্ৰীসভাৰ বিশেষ কেবিনেট বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.