ETV Bharat / bharat

Kisan Mela at Pasighat: পাচিঘাটত কৃষকৰে মত বিনিময় কেন্দ্ৰীয় কৃষিমন্ত্ৰীৰ

author img

By

Published : Jan 7, 2023, 3:52 PM IST

পাচিঘাটতস্থিত কৃষি বিজ্ঞান মহাবিদ্যালয়ত কিষাণ মেলা সম্পন্ন । উক্ত মেলাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ লগতে অৰুনাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুই (CM of Arunachal Prema Khandu) ।

Kisan Mela in Pasighat
পাচিঘাটস্থিত কৃষি বিজ্ঞান মহাবিদ্যালয়ত কিষাণ মেলা

পাচিঘাটস্থিত কৃষি বিজ্ঞান মহাবিদ্যালয়ত কিষাণ মেলা

জোনাই, ৮ জানুৱাৰী: অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাটস্থিত কৃষি বিজ্ঞান মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে কিষাণ মেলা অনুষ্ঠিত হয় (College of Agricultural Science at Pasighat)। উক্ত অনুষ্ঠানত কৃষি সম্পৰ্কীয় যন্ত্ৰপাতি আৰু সঁজুলি, জৈৱ কীটনাশক, উদ্ভিদ জৈৱ কীটনাশক আৰু কৃষি জৈৱ কীটনাশক আৰু ৰাসায়নিক পদাৰ্থৰ বিতৰণ আৰু বিক্ৰী সম্পৰ্কে সজাগ কৰিবলৈ অনুষ্ঠিত কৰা হয় কিষাণ মেলা (Kisan Mela in Pasighat) । উল্লেখ্য় যে অৰুণাচল প্ৰদেশৰ পূব চিয়াং আৰু অন্যান্য চুবুৰীয়া জিলাৰ কৃষকসকলৰ মাজত এই বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই মেলাৰ আয়োজন কৰা হয় ।

অৰুণাচল প্ৰদেশৰ চিয়াং বায়োটেকে মুম্বাই আৰু বাংগালোৰস্থিত কৃষি প্ৰতিষ্ঠানসমূহৰ সহযোগত পূৱ চিয়াং জিলাৰ পাচিঘাটতস্থিত কৃষি বিজ্ঞান মহাবিদ্যালয়ত দুদিনীয়াকৈ এই কিষাণ মেলা অনুষ্ঠিত কৰে ৷ এই মেলাত কৃষি যন্ত্ৰ আৰু সঁজুলি প্ৰদৰ্শন কৰা হয় । চিয়াং বায়োটেকৰ কাৰিকৰী পৰামৰ্শদাতা কেলেপ ইকোৱে মেলাখনত উপস্থিত থাকে । তেওঁ চিয়াং বায়োটেক আৰু ইয়াৰ অংশীদাৰ এৰিছ এগ্ৰো লিমিটেডৰ (Eris Agro Ltd)সৈতে মুম্বাই,বাৰিক্স এগ্ৰো চাইন্সেছ প্ৰাইভেট লিমিটেড বাংগালোৰ আৰু জৈন জলসিঞ্চন প্ৰযুক্তি,মহাৰাষ্ট্ৰই কৃষকসকলক অন্যান্য সামগ্ৰীসহ কেইবাটাও কৃষি যন্ত্ৰ আৰু সঁজুলি প্ৰদৰ্শন কৰে ।

আনহাতে, এই মেলাৰ শেষৰ দিনা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ (Union Agriculture Minister Narendra Singh Tomar), অৰুনাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু (Arunachal Chief Minister Prema Khandu), ৰাজ্যিক কৃষি মন্ত্ৰী টাগা টাকি, সাংসদ টাপিৰ গাঁৱৰ লগতে কেইবাগৰাকী বিধায়ক উপস্থিত থাকে ৷ অৰুনাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ উন্নয়ণৰ বাবে বিভিন্ন আঁচনি হাতত লোৱা বুলি উল্লেখ কৰে ।

কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ৰাজ্যৰ কৃষকৰ সকলৰ সৈতে মত বিনিময় কৰে (Union Minister Narendra Singh Tomar interact with Farmers) । লগতে তেওঁ ভাৰত চৰকাৰে কৃষকৰ বাবে হাতত লোৱা কেইবাটাও কল্যানমূলক আঁচনিৰ কথাও অৱগত কৰে ৷ তেওঁ কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ উন্নয়ণৰ বাবে সকলো ব্য়ৱস্থা গ্ৰহণ কৰা বুলিও কয় । দুদিনীয়াকৈ আয়োজন কৰা কিষাণ মেলা কৃষি মহাবিদ্যালয়ে উদ্যান শস্য আৰু বন মহাবিদ্যালয়,পাছিঘাট আৰু কৃষি বিজ্ঞান কেন্দ্ৰই সহযোগ কৰে ৷

লগতে পঢ়ক:Indias Biggest Hockey Stadium: ওড়িশাত দেশৰ সৰ্ববৃহৎ হকী ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.