ETV Bharat / bharat

Mumbai Crime : ৱাংখেড়েত ভাৰত বনাম নিউজীলেণ্ডৰ মেচ; মুম্বাই আৰক্ষীলৈ অচিনাক্ত ব্যক্তিৰ ভাবুকি

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 1:26 PM IST

ৱাংখেড়েত ভাৰত বনাম নিউজীলেণ্ডৰ মেচ; মুম্বাই আৰক্ষীলৈ অচিনাক্ত ব্যক্তিৰ ভাবুকিবাৰ্তা
Mumbai Crime

ৱাংখেড়ে ষ্টেডিয়ামৰ আশেপাশে কঠোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এজন অজ্ঞাত ব্যক্তিয়ে তেওঁৰ এক্স পোষ্টটোত মুম্বাই আৰক্ষীক টেগ কৰিছে । পোষ্টটোত থকা ফটোখনত এটা বন্দুক, গ্ৰেনেড আৰু গুলীও দেখুওৱা হৈছে ।

নিউজ ডেস্ক, ১৫ নৱেম্বৰ : বুধবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে চলিত ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল । প্ৰথম ছেমি ফাইনেলত এতিয়ালৈকে অপৰাজেয় ভাৰতে নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । কিন্তু মেচখনৰ পূৰ্বে সংঘটিত হৈছে এক অথন্তৰ । এজন অচিনাকি ব্যক্তিয়ে মুম্বাই আৰক্ষীলৈ এক্সত এক ভাবুকিপূৰ্ণ বাৰ্তা পোষ্ট কৰিছে । এই ভাবুকি লাভ কৰাৰ পিছতে মুম্বাই আৰক্ষী ব্যৱস্থাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে । এই ভাবুকিৰ পৰিপ্ৰেক্ষিতত মুম্বাই আৰক্ষীয়ে ৱাংখেড়ে ষ্টেডিয়ামৰ চাৰিওফালে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে ।

ৱাংখেড়ে ষ্টেডিয়ামৰ আশেপাশে কঠোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এজন অজ্ঞাত ব্যক্তিয়ে তেওঁৰ এক্স পোষ্টটোত মুম্বাই আৰক্ষীক টেগ কৰিছে । পোষ্টটোত থকা ফটোখনত এটা বন্দুক, গ্ৰেনেড আৰু গুলীও দেখুওৱা হৈছে । এই সন্দৰ্ভত তথ্য প্ৰদান কৰি মুম্বাই আৰক্ষীৰ আইন-শৃংখলা বিভাগৰ যুটীয়া আৰক্ষী আয়ুক্ত সত্যনাৰায়ণ চৌধুৰীয়ে ইটিভি ভাৰতক কয় যে এটা ভাবুকিবাৰ্তা পোৱা গৈছে আৰু মুম্বাই আৰক্ষীয়ে ইয়াৰ তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে বৰ্তমান ৱাংখেড়ে ষ্টেডিয়াম আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলসমূহত যথেষ্ট মাত্ৰাত আৰক্ষী নিয়োগ কৰা হৈছে আৰু সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।

আনহাতে, ৱাংখেড়ে ষ্টেডিয়ামৰ আশেপাশে মুম্বাই আৰক্ষীয়ে কঠোৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে তালাচী অভিযান অব্যাহত ৰাখিছে । ইফালে মুম্বাই আৰক্ষীক টেগ কৰি ভাবুকি দিয়া অজ্ঞাত ব্যক্তিজনৰ সন্দৰ্ভত আৰক্ষীয়ে দ্ৰুততাৰে তদন্ত কৰিছে ।

উল্লেখ্য যে বুধবাৰৰ ভাৰত বনাম নিউজীলেণ্ডৰ মেচখন উপভোগ কৰিবলৈ যোৱা সাধাৰণ দৰ্শকসকলৰ স্ক্ৰীণিং আৰু প্ৰমাণ-পত্ৰ পৰীক্ষাকে ধৰি কঠোৰ সুৰক্ষা প্ৰটোকল ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আনহাতে, আন এক ঘটনাত মুম্বাই আৰক্ষীয়ে মঙলবাৰে ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ প্ৰথমখন ছেমি ফাইনেলৰ পূৰ্বে টিকটৰ ক'লা ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে । লগতে ১.২ লাখ টকাৰ দুখনকৈ মেচ টিকট জব্দ কৰাৰ পিছত এজন লোকক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ নাম ৰোশন গুৰুবাক্ষনী ।

আৰক্ষী উপায়ুক্ত প্ৰবীণ মুণ্ডেয়ে জনোৱা মতে, ধৃত লোকজনে এই টিকটবোৰ ক'লা বজাৰত বিক্ৰী কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে আৰক্ষীয়ে তেওঁক আটক কৰে । ইয়াৰ পূৰ্বে ছাৰ জে জে মাৰ্গ আৰক্ষী থানাই ৩০ বছৰীয়া আকাশ কোঠাৰীক অত্যধিক মূল্যত ছেমি ফাইনেলৰ টিকট বিক্ৰী কৰাৰ বাবে মালাডৰ পৰা গ্ৰেপ্তাৰ কৰে । আৰক্ষী উপায়ুক্ত প্ৰবীণ মুণ্ডেয়ে প্ৰকাশ কৰা মতে, গ্ৰেপ্তাৰ কৰা অভিযুক্তজনে ২-২.৫ হাজাৰ টকা মূল্যৰ টিকট ৩৫-৪০ হাজাৰ টকাত বিক্ৰী কৰি আছিল ।

লগতে পঢ়ক :Uttarkashi Tunnel Accident : উত্তৰকাশী সুৰংগ দুৰ্ঘটনাৰ উদ্ধাৰকাৰ্য; অগাৰ মেচিনেৰে আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.