ETV Bharat / bharat

প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিলে UGC এ

author img

By

Published : Jul 17, 2021, 2:19 PM IST

চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বিশ্ববিদ্যালয়সমূহে । নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতে ১ অক্টোবৰৰ পৰা আৰম্ভ কৰিব লাগিব প্ৰথম বৰ্ষৰ পাঠদান । শুকুৰবাৰে মহাবিদ্যালয়সমূহক এই নিৰ্দেশনা জাৰি কৰে ইউ জি চি (UGC)য়ে । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা আৰু শৈক্ষিক কেলেণ্ডাৰৰ সন্দৰ্ভতো সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়লৈ এক নিৰ্দেশনা জাৰি কৰে ।

UGC asks universities to complete admissions to 1st year courses by Sept 30
প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিলে UGCই

নেশ্যনেল ডেস্ক, ১৭ জুলাই: ক'ভিড-১৯ৰ সংক্ৰমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়লৈ এক নতুন নিৰ্দেশনা জাৰি কৰিছে ইউ জি চি(UGC)য়ে । শুকুৰবাৰে ইউ জি চিৰ সচিব ৰজনীশ জৈনে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকললৈ এখন পত্ৰ প্ৰেৰণ কৰি পৰীক্ষা আৰু শৈক্ষিক কেলেণ্ডাৰ বিষয়ত জাৰি কৰা নতুন নিৰ্দেশনাৰ বিষয়ে অৱগত কৰে । এই নিৰ্দেশনা অনুসৰি, চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত ২০২১-২২ বৰ্ষৰ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বিশ্ববিদ্যালয়সমূহে । বাকী খালী আসনবোৰ পূৰণ কৰাৰ বাবে নামভৰ্তিৰ অন্তিম দিন ৩১ অক্টোবৰ নিৰ্ধাৰণ কৰা হৈছে ।

আনহাতে, ১ অক্টোবৰৰ পৰা প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ কৰিব লাগিব বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে । ইফালে, পৰীক্ষা সন্দৰ্ভত ইউ জি চিয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি, চলিত শৈক্ষিক বৰ্ষৰ টাৰ্মিনেল ছেমিষ্টাৰ অথবা ২০২১-২০২২ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অফলাইন অথবা অনলাইন পদ্ধতিৰে বাধ্যতামূলকভাৱে অনুষ্ঠিত কৰা হ'ব । ক'ভিড-১৯ৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম মানি পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে । সকলো ব'ৰ্ডৰে দ্বাদশ শ্ৰেণীৰ ফলাফল ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি আশা কৰা হৈছে ।

অৱশ্যে, যদি ফলাফল ঘোষণাত পলম হয় উচ্চ শিক্ষা প্ৰতিষ্ঠানবোৰে ১৮ অক্টোবৰৰ ভিতৰত পাঠদান আৰম্ভ কৰিব পাৰে বুলি ইউ জি চিৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।

ক'ভিড-১৯ মহামাৰীৰ বাবে বিগত বৰ্ষৰ পৰাই শিক্ষাৰ্থীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে । পৰীক্ষা, ফলাফল আদি বিষয়ক লৈও যথেষ্ট অনিশ্চয়তাই দেখা দিছে । আনহাতে, পৰীক্ষা অনুষ্ঠিত কৰা পদ্ধতি আৰু ফলাফলৰ মূল্যায়ন পদ্ধতিক লৈ বহু শিক্ষাৰ্থীয়ে অসন্তুষ্টি ব্যক্ত কৰিছে । আনকি ন্যায়ালয়ৰো দ্বাৰস্থ হৈছে বহু ছাত্ৰ-ছাত্ৰী ।

একাংশই পাঠদানত বাধাৰ সৃষ্টি হোৱাৰ অভিযোগ তুলি পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰিছে । আন একাংশই যিকোনো পৰিস্থিতিতে অফলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰা পৰিলক্ষিত হৈছে । শিক্ষাবৰ্ষ নষ্ট হ'ব বুলি শংকিত হৈ পৰিছে শিক্ষাৰ্থীসকল ।

লগতে পঢ়ক:টি-ছিৰিজৰ পৰিচালন সঞ্চালক ভূষণ কুমাৰৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.