ETV Bharat / bharat

Udaypur murder: উদয়পুৰৰ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী

author img

By

Published : Jun 29, 2022, 10:04 PM IST

উদয়পুৰৰ ধনমাণ্ডি আৰক্ষী থানা অঞ্চলত এজন দৰ্জীক দুজন লোকে নিৰ্মমভাৱে হত্যা কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্য়াহত । ইয়াৰ মাজতে অন্ত্যেষ্টিক্ৰিয়াক লৈ পৰিয়াল আৰু আৰক্ষীৰ মাজত বিবাদ । আনহাতে, হত্যাকাণ্ডৰ গোচৰৰ তদন্তৰ বাবে এন আই এৰ দল উপস্থিত উদয়পুৰত ।

jaipur
Udaypur murder: উদয়পুৰৰ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী

নেচনেল ডেস্ক, ২৯ জুন: সোমবাৰে উদয়পুৰৰ ধনমাণ্ডি আৰক্ষী থানা অঞ্চলত এজন দৰ্জীক দুজন লোকে নিৰ্মমভাৱে হত্যা কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্য়াহত আছে (Udaypur murder case) । ইয়াৰ মাজতে বুধবাৰে কানহায়ালাল লাল চাহু নামৰ দৰ্জীজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা এমবি চিকিৎসালয়ৰ (উদয়পুৰ হত্যা গোচৰ) চিকিৎসকৰ এটা দলে সম্পন্ন কৰে (Kanhaiyalal Lal Chahu Post Mortem)। সেই সময়ত এই গোচৰটোৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি তাত অধিক আৰক্ষী বাহিনী মোতায়েন কৰা হয়।

jaipur
Udaypur murder: উদয়পুৰৰ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী

ইপিনে,মৰণোত্তৰ পৰীক্ষাৰ পিছত কানহায়ালালৰ মৃতদেহ পৰিয়ালৰ লোকে ঘৰলৈ অনাৰ পাছতে অন্ত্যেষ্টিক্ৰিয়াক লৈ পৰিয়াল আৰু আৰক্ষীৰ মাজত বিবাদৰ সূত্ৰপাত ঘটে । আৰক্ষীয়ে পৰিয়ালটোক ঘৰৰ ওচৰত অন্তিম সংস্কাৰ কৰিবলৈ কয় যদিও পৰিয়াল আৰু ৰাইজে জন্ম গাঁৱৰ অশোক নগৰ শ্মশানত অন্তিম সংস্কাৰৰ দাবী জনায় । অৱশ্য়ে ৰাইজৰ দাবীত আৰক্ষীয়ে অশোক নগৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সন্মতি প্ৰদান কৰে । এই সময়ত তেওঁৰ ঘৰৰ বাহিৰত হাজাৰ হাজাৰ লোক উপস্থিত সমৱেত হৈ 'কানহাইয়া অমৰ ৰহে' শ্ল'গান দিয়ে।

udaypur
Udaypur murder: উদয়পুৰৰ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী

এই লোমহৰ্ষক হত্য়াকান্ডৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য় ৰাখি উদয়পুৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্তৰ বাবে এন আই এৰ এটা ৭-১০ জনীয়া দল বুধবাৰে উদয়পুৰত উপস্থিত হৈছে ( NIA arrived in Udaipur)। এই দলটোত ফৰেনচিক বিশেষজ্ঞও আছে । আনহাতে,আৰক্ষী অধীক্ষক মনোজ কুমাৰে আইনী প্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস ৰাখিবলৈ ৰাইজক আহ্বান জনাইছে । তেওঁ অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি কয় । ৰাজ্য়ৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি উল্লেখ কৰি হত্যাৰ পিছত কোনো অপ্ৰত্যাশিত ঘটনা সংঘটিত হোৱা নাই বুলি কয় ।

udaypur
Udaypur murder: উদয়পুৰৰ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী

ইপিনে, বুধবাৰে বিজেপি নেতা গুলাব চান্দ কাটাৰিয়া এমবি চিকিৎসালয়ৰ শৱগৃহৰ বাহিৰত উপস্থিত হৈ কয় ,' এইটো ৰাজস্থানৰ পঞ্চম ঘটনা। এইটো এটাৰ পিছত এটা শৃংখলা চলি থকা যেন লাগিছে ( BJP leader Gulab Chand Kataria) ।'

ইপিনে,উদয়পুৰত সংঘটিত নৃশংস হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক আবেদন জনোৱা মুখ্যমন্ত্ৰী অশোক গেহলটৰ অনুৰোধক বিজেপিয়ে প্ৰত্যুত্তৰ দিছে (Chief Minister Ashok Gehlot)। বুধবাৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা বিধায়ক ৰাম লাল শৰ্মাই কয় যে ৰাজস্থানত অপৰাধ সংঘটিত হৈছে আৰু প্ৰধানমন্ত্ৰীক শান্তিৰ বাবে আবেদন কৰিবলৈ কোৱাটো উচিত নহয় (MLA Ram Lal Sharma)। বিজেপিয়ে উদয়পুৰৰ নিৰ্মম হত্যাকাণ্ডৰ গোচৰত অভিযুক্তৰ মৃত্যুদণ্ড ১৫ দিনৰ ভিতৰত দিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

আনহাতে,আজমেৰ দৰগাহ দিৱান চৈয়দ জয়নুয়াল আবেদীন আলী খানে উদয়পুৰৰ ঘটনাক গৰিহণা দিছে । তেওঁ কয়,'কোনো ধৰ্মই মানৱতাৰ বিৰুদ্ধে হিংসাৰ প্ৰচাৰ নকৰে । আমি তালিবানী সংস্কৃতিক দেশত প্ৰৱেশ কৰিবলৈ নিদিওঁ। এই ধৰণৰ কাম কৰি থকা এই লোকসকলে কেৱল ইছলামক বদনাম নকৰে । ধৰ্মক বদনাম কৰা হৈছে, দেশক বদনাম কৰা হৈছে। এইটো ভুল ।'

উল্লেখ্য় যে নুপুৰ শৰ্মাৰ পক্ষত পোষ্ট দিয়া বাবেই উদয়পুৰৰ ধনমাণ্ডি অঞ্চলৰ এখন দোকানত কানহাইয়া লাল চাহুক চোকা অস্ত্ৰৰে হত্যা কৰিছল দুজন লোকে । পিছত দুয়োজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: Police firing on drug paddler: মৈৰাবাৰীত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলিচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.