ETV Bharat / bharat

Drugs Smugglers Arrested : কুপৱাৰাত নিচাজাতীয় সামগ্ৰীসহ ২ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ

author img

By

Published : Feb 24, 2023, 10:31 PM IST

কুপৱাৰা আৰক্ষীৰ এজন মুখপাত্ৰই প্ৰকাশ কৰা মতে, দুয়োজন লোক নিচাজাতীয় দ্ৰৱ্যৰ দুৰ্ধৰ্ষ চোৰাং ব্যৱসায়ী । সহজলভ্য ধন উপাৰ্জন কৰিবলৈ আৰু জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ কাৰ্যকলাপ বৃদ্ধিৰ বাবে ড্ৰাগছৰ আসক্তি বঢ়াবলৈ এলঅ'চিৰ সিপাৰৰ পৰা এই সামগ্ৰীসমূহ লাভ কৰিছিল (Narcotics Smugglers Arrested in JK) ।

drugs smuggling
drugs smuggling

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : উত্তৰ-কাশ্মীৰৰ কুপৱাৰাৰ সীমান্ত জিলাত ড্ৰাগছৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে আন এক ডাঙৰ সফলতা । আৰক্ষীয়ে সেনাৰ সৈতে চলোৱা যৌথ অভিযানত ৪.৫ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰীৰ সৈতে দুজন ড্ৰাগছৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে (drugs smugglers arrested in Kupwara of north Kashmir) । আৰক্ষীৰ মুখপাত্ৰই জনোৱা অনুসৰি, স্থানীয় আৰক্ষীৰ নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি ২৩ আৰু ২৪ ফেব্ৰুৱাৰীৰ মাজনিশা এই গ্ৰেপ্তাৰ আৰু ড্ৰাগছ উদ্ধাৰ কৰা হয় ।

কুপৱাৰাৰ কাৰ্নাহ অঞ্চলৰ পৰা দুটা পৃথক ঘটনাত ৪.৫৮৮ কিলোগ্ৰাম ওজনৰ মুঠ পাঁচ পেকেট নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলিও তেওঁ কয় (narcotics substance recovered from Kupwara JK) । প্ৰথমটো ঘটনাত তাদ অঞ্চলত নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়ৰ বিষয়ে লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি কাৰ্ণা আৰক্ষী থানাত এটা গোচৰ (এফআইআৰ নং 17/2023 ইউ/এছ 8/21-29 এনডিপিএছ আইন) পঞ্জীয়ন কৰা হৈছিল (narcotics smuggling in LoC) ।

গোচৰটোৰ তদন্তৰ সময়ত পঞ্জাতাৰা কাৰ্নাহৰ বাসিন্দা ৰাকীব হুছেইন শ্বাহৰ পুত্ৰ ফাৰুক আহমেদ শ্বাহ নামৰ এজন সন্দেহজনক লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছিল (drugs smuggling in Jammu and Kashmir) । তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত কুপৱাৰা আৰক্ষীয়ে সেনাবাহিনীৰ 06 জেএকে ৰাইফলছৰ সৈতে কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত তেওঁৰ ঘৰৰ ওচৰৰ এক স্থানৰ পৰা লুকুৱাই থোৱা অৱস্থাত 2.674 কিলোগ্ৰাম ওজনৰ (পেকিংসহ) তিনি পেকেট নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে ।

তাৰ পিচত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হয় আৰু গোচৰটোৰ অধিক তদন্ত চলি আছে । পৰৱৰ্তী সময়ত ইয়াৰ সৈতে জড়িত আৰু অধিক ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে । একেধৰণৰ আন এটা গোচৰত, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত কাৰ্ণা আৰক্ষী থানাত 18/2023 ইউ/এছ 8/21-29 এনডিপিএছ আইনৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছিল । এই গোচৰটোৰ তদন্তৰ সময়ত টিথৱালৰ বাসিন্দা ৰাজা গোলাম আকবৰৰ পুত্ৰ ৰাজা আফতাব ওৰফে বাবু নামৰ এজন সন্দেহজনক ব্যক্তিক সোধা-পোছাৰ বাবে আটক কৰা হৈছিল ।

তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত কুপৱাৰা আৰক্ষীয়ে টিটৱালত তেওঁৰ ঘৰৰ ওচৰত কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত সেনাৰ 06 জেএকে ৰাইফলছৰ সৈতে প্ৰায় 1.914 কিলোগ্ৰাম ওজনৰ (পেকিংসহ) দুই পেকেট নিচাজাতীয় পদাৰ্থ উদ্ধাৰ কৰে । তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত চলি আছে ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে, দুয়োজন ব্যক্তি নিচাজাতীয় দ্ৰৱ্যৰ দুৰ্ধৰ্ষ চোৰাং ব্যৱসায়ী আৰু সোনকালে টকা উপাৰ্জনৰ বাবে ড্ৰাগছৰ আসক্তি বৃদ্ধি কৰিবলৈ আৰু পূৰ্বতে অবৈধভাৱে এলঅ'চি পাৰ হোৱাৰ পিচত পাক অধিকৃত কাশ্মীৰত বাস কৰা জম্মু-কাশ্মীৰৰ আফতাবৰ ভায়েক জহুৰতে সন্ত্ৰাসবাদ সৃষ্টিৰ বাবে এলঅ'চিৰ সিপাৰৰ পৰা এই সামগ্ৰীসমূহ লাভ কৰিছিল । তেওঁৰ ভাতৃক নিচাজাতীয় সামগ্ৰী যোগান ধৰাৰ সন্দেহ কৰা হৈছে । আনহাতে, এজন ভাতৃয়ে ইতিমধ্যে ২০১৮ চনত জম্মুৰ নাগৰোটা আৰক্ষী থানাৰ দ্বাৰা পঞ্জীয়ন কৰা নিচাজাতীয় সামগ্ৰী চোৰাং ব্যৱসায়ৰ গোচৰত বিচাৰৰ সন্মুখীন হৈছে ।

প্ৰথম ঘটনাটোত গ্ৰেপ্তাৰ কৰা ফাৰুক শ্বাহৰো এই অবৈধ ব্যৱসায়ত পাক অধিকৃত কাশ্মীৰৰ চোৰাং ব্যৱসায়ীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি আৰক্ষীয়ে কয় । উল্লেখ্য, যোৱা বছৰৰ ডিচেম্বৰত আৰক্ষীয়ে পাকিস্তানৰ পৰা উদ্ভৱ হোৱা এক বৃহৎ নিচাজাতীয় সামগ্ৰী চোৰাং ব্যৱসায় মডিউল উদ্ধাৰ কৰাৰ পিছত কুপৱাৰা আৰু বাৰামুলা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা 17 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক :Pakistan economic crisis : কাশ্মীৰী বিচ্ছিন্নতাবাদীৰ ওপৰত পাকিস্তানৰ আৰ্থিক সংকটৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.