ETV Bharat / bharat

অশান্ত জম্মু-কাশ্মীৰ: আৰক্ষীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰৰ দুই সন্ত্ৰাসবাদী

author img

By

Published : May 27, 2022, 11:02 AM IST

জম্মু কাশ্মীৰত পুনৰ আৰক্ষীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰৰ দুই সন্ত্ৰাসবাদী ৷ সন্ত্ৰাসবাদীৰ দুটাৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ উদ্ধাৰ কৰা হৈছে ৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছিল লস্কৰ-ই-তৈবাৰ তিনিটা সন্ত্ৰাসবাদী ৷

Two LET militants killed in encounter at Soura
আৰক্ষীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰৰ দুই সন্ত্ৰাসবাদী

নিউজ ডেস্ক, 27 মে’ : শ্ৰীনগৰ জিলাৰ সৌৰা অঞ্চলত শুকুৰবাৰে পুৱা আৰক্ষীৰে হোৱা মুখামুখি সংঘৰ্ষত লস্কৰ-ই-তৈবা(এল ই টি)ৰ দুই সন্ত্ৰাসবাদী নিহত হয়(Two LET militants killed in encounter) ৷ মৃত সন্ত্ৰাসবাদী দুটা শ্বাকিৰ আহমেদ ৱাজা আৰু আফৰিন আফতাব মালিক বুলি চিনাক্ত কৰা হৈছে ৷ শ্বাকিৰ আৰু মালিক শ্বপিয়ান জিলাৰ ট্ৰেঞ্জ গাঁৱৰ বাসিন্দা ৷ সন্ত্ৰাসবাদীৰ দুটাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদকে ধৰি বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলি জম্মু কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়ে ।

জম্মু-কাশ্মীৰত বিগত তিনিদিনত জইছ-ই-মহম্মদৰ 3টা আৰু লস্কৰ-ই-তৈবাৰ 7টা সন্ত্ৰাসবাদীসহ মুঠ 10 জন সন্ত্ৰাসবাদী নিহত হয় বুলি কাশ্মীৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে ( IGP Kashmir Vijay Kumar) সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে লগতে কয় যে, বৃহস্পতিবাৰে পাকিস্তানৰ মোহময়ী অভিনেত্ৰী আমৰিন ভাট হত্যাকাণ্ডৰ গোচৰটো 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে সমাধান কৰিছে ৷

উল্লেখ্য যে বুধবাৰে বাদগামৰ চাদুৰা অঞ্চলত সন্ত্ৰাসবাদীয়ে অভিনেত্ৰীগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি আমৰিন ভাটক হত্যা কৰাৰ লগতে (TV actress Amreen Bhat murder case) 10 বছৰীয়া ভতিজাক ফাৰহান জুবেইৰকো আক্ৰমণ কৰি আহত কৰে ৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে অৱন্তীপুৰাত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ সংঘৰ্ষত আমৰিন ভাটৰ হত্যাত জড়িত শ্বাহিদ মুস্তাক ভাট আৰু ফাৰহান হাবিব নামৰ দুটা সন্ত্ৰাসবাদী নিহত হয় ।

লগতে পঢ়ক : Encounter in Kupwara : কুপৱাৰাত গুলীচালনাত নিহত তিনি সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.