ETV Bharat / bharat

Two Died due to cockfight: কুকুৰা যুঁজ চাওঁতেই অঘটন, কুকুৰাৰ আক্ৰমণত প্ৰাণ গ’ল দুজনৰ

author img

By

Published : Jan 16, 2023, 11:53 AM IST

এক ভয়ংকৰ প্ৰতিযোগিতা ৷ যি প্ৰতিযোগিতাই প্ৰাণ কাঢ়িলে দুজন লোকৰ (Two Died due to cockfight) ৷ এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত ৷

TWO DIED DUE TO COCKFIGHT KNIFE AT EAST GODAVARI AND KAKINADA DISTRICTS
কুকুৰা যুঁজৰ বাবে অন্ধ্ৰ প্ৰদেশত প্ৰাণ গ’ল দুজনৰ

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী: নতুন বছৰটোৰ আৰম্ভণিতে সমগ্ৰ দেশতে মাঘ মাহত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় । কিয়নো এই মাহত দেশৰ বিভিন্ন প্ৰান্তত শস্য চপোৱা উৎসৱ হিচাপে উদযাপন কৰা হয় । এই উৎসৱৰ নাম বিভিন্ন ঠাইত বেলেগ বেলেগ হ’লেও একেসময়তে অনুষ্ঠিত হয় এই উৎসৱটি ।

ইফালে উৎসৱ উপলক্ষে দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হয় বিভিন্ন খেল প্ৰতিযোগিতাও ৷ কিন্তু উৎসৱ উপলক্ষে খেল অনুষ্ঠিত কৰিবলৈ গৈ অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ এখন খেলৰ বাবেই প্ৰাণ গ’ল দুজনৰ ৷ অন্ধ্ৰ প্ৰদেশৰ পূৱ গোদাবৰী জিলাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা (Two killed due to knife injuries during cockfights) । সেয়া জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

কিন্তু এখন খেলৰ বাবেই কেনেকৈ প্ৰাণ যাব পাৰে দুজন ব্যক্তিৰ ?

মকৰ সংক্ৰান্তিৰ দিনা অন্ধ্ৰপ্ৰদেশত দুখন জিলাৰ মাজত অনুষ্ঠিত হয় এখন বিশেষ খেল প্ৰতিযোগিতা ৷ কিন্তু এই প্ৰতিযোগিতা কোনো ব্যক্তি বিশেষৰ মাজত অনুষ্ঠিত নহয় ৷ বৰঞ্চ এই প্ৰতিযোগিতা অনুষ্ঠিত হয় কুকুৰাৰ মাজতহে (Cock fight competition in AP) ৷ হয়, শুনিবলৈ অলপ আচৰিত যেন লাগিলেও এনে খেল অনুষ্ঠিত হয় অন্ধ্ৰপ্ৰদেশত ৷ কিন্তু এই যুঁজ কোনো সাধাৰণ যুঁজ নহয় ৷ কিয়নো যুঁজৰ সময়ত কুকুৰাৰ ভৰিত বান্ধি দিয়া হয় এখন ধাৰ অস্ত্ৰ ৷ যাৰ ফলত বহু সময়ত বহু দুৰ্ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হয় ৷

প্ৰত্যেক বছৰৰ দৰেই এইবাৰো অনুষ্ঠিত হৈছিল কুকুৰা যুঁজ প্ৰতিযোগিতা (Two Died due to cockfight) ৷ ৰাজ্যখনৰ গোদাৱৰী জিলাত প্ৰতিবছৰেই অনুষ্ঠিত হৈ আহিছে এই প্ৰতিযোগিতা ৷ ইফালে কুকুৰা যুঁজ প্ৰতিযোগিতা বন্ধ কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে ৷ যদিও সেয়া কাৰ্যত হে পৰিণত হোৱা নাই ৷ কাৰণ বৰ্তমানলৈকে বন্ধ হোৱা এই খেল ৷ আয়োজকৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ ৷ কিন্তু কুকুৰা যুঁজৰ আয়োজকসকলৰ ওপৰত ইয়াৰ কোনো বিশেষ প্ৰভাৱ পৰা পৰিলক্ষিত নহ’ল ।

তদুপৰি এই যুঁজৰ আয়োজনত ৰাজনীতিবিদৰ হাত থকাত আৰক্ষীয়ে কিছুমান ক্ষেত্ৰত পিছুৱাই গৈ তেওঁলোকৰ সৈতে মুখামুখি হ’বলগীয়া হয় । আন কোনো কোনো ঠাইত আকৌ শাসকীয় দলৰ বিধায়ক আৰু সাংসদে মুকলি আকাশৰ তলত প্ৰতিদ্বন্দ্বিতা চলাই গৈছে ৷ কিন্তু মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস নকৰে ।

উল্লেখ্য যে পূৱ গোদাৱৰী আৰু কাকিনাদা জিলাত দেওবাৰে আয়োজন হয় কুকুৰা যুঁজ প্ৰতিযোগিতা ৷ দেওবাৰে যুঁজ চলি থকাৰ সময়ত এটা কুকুৰা উৰি আহি পদ্মাৰাজু নামৰ এজন ব্যক্তিৰ ভৰিত পৰে আৰু লগে লগে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন ৷ অধিক ৰক্তক্ষৰণ হোৱাত অৱশেষত মৃত্যু হয় লোকজনৰ ৷ নাল্লাজাৰলা আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে (Nallajerla mandal in East Godavari district) ।

কাকিনাদা জিলাৰ কিৰলামপুডি মণ্ডলৰ ভেলাংকাত সংঘটিত হয় এই শোকাৱহ ঘটনা । কুকুৰাৰ ভৰিত চোকা অস্ত্ৰ বান্ধি দিয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় । ইফালে সুৰেশ নামৰ ৪৫ বছৰীয়া এজন ব্যক্তিয়ে কুকুৰাৰ ভৰিত চোকা অস্ত্ৰখন বান্ধি থাকোঁতে তেওঁৰ বাহুত লাগি স্নায়ু কটা যায় । ততাতৈয়াকৈ সুৰেশক প্ৰত্তিপাডু চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও প্ৰচণ্ড ৰক্তক্ষৰণৰ হোৱাত মৃত্যু হয় সুৰেশৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি থকা বুলি জানিব পৰা গৈছে ।

সচেতন মহলে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মকৰ সংক্ৰান্তি উৎসৱৰ সময়ত এনে কৰুণ ঘটনা সংঘটিত হোৱাটো দুখৰ বিষয় ৷ সেয়াহে এই ভয়ংকৰ কুকুৰা প্ৰতিযোগিতা অনতি পলমে বন্ধ কৰিব লাগে ৷

লগতে পঢ়ক: Aircraft crashed in Nepal: 72 গৰাকী আৰোহীসহ জাহ গ’ল এখন বিমান; প্ৰত্যক্ষদৰ্শীয়ে দিলে শিহৰণকাৰী বৰ্ণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.