ETV Bharat / bharat

ৰাম মন্দিৰ আৰু মুখ্যমন্ত্ৰী আদিত্যনাথক বোমাৰে উৰুৱাৰ ভাবুকি দি গ্ৰেপ্তাৰ ২

author img

By PTI

Published : Jan 4, 2024, 11:03 AM IST

অযোধ্যাৰ ৰাম মন্দিৰ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক বোমাৰে উৰুৱাই দিয়াৰ বিস্ফোৰণ কৰাৰ ভাবুকি দি ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে। লক্ষ্ণৌৰ গোমতি নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুজনক।

Two arrested for bomb threat to Ram temple, CM Adityanath
ৰাম মন্দিৰ আৰু মুখ্যমন্ত্ৰী আদিত্যনাথক বোমাৰে উৰুৱাৰ ভাবুকি দি গ্ৰেপ্তাৰ ২

নিউজ ডেস্ক, ৪ ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অযোধ্যাৰ ৰাম মন্দিৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া অভিযোগত বুধবাৰে দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে লক্ষ্ণৌৰ গোমতি নগৰৰ বিভূতি খণ্ড অঞ্চলৰ পৰা দুই অভিযুক্ত তাহাৰ সিং আৰু ওমপ্ৰকাশ মিশ্ৰক গ্ৰেপ্তাৰ কৰে । "নৱেম্বৰ মাহত এক্স’ত পোষ্ট কৰি দুই অভিযুক্ত তাহাৰ সিং আৰু ওমপ্ৰকাশ মিশ্ৰই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, এছটিএফৰ মুৰব্বী অমিতাভ যশ আৰু অযোধ্যাৰ ৰাম মন্দিৰক ভাবুকি দিছিল" । চৰকাৰী বিবৃতিত উল্লেখ কৰা হয় ৷

আৰক্ষীৰ তদন্তত প্ৰথমে ভাবুকিৰ পোষ্ট প্ৰেৰণৰ বাবে alamansarikhan608@gmail.com আৰু zubairkhanisi199@gmail.com ইমেইল আইডি ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে । ইমেইল আইডিসমূহৰ কাৰিকৰী বিশ্লেষণৰ অন্তত দেখা গ’ল যে তাহাৰ সিঙে ইমেইল একাউণ্টসমূহ সৃষ্টি কৰিছিল আৰু ওমপ্ৰকাশ মিশ্ৰই ভাবুকি বাৰ্তা প্ৰেৰণ কৰিছিল ।

অভিযুক্ত তাহাৰ সিং আৰু ওমপ্ৰকাশ মিশ্ৰ গোণ্ডাৰ বাসিন্দা আৰু তেওঁলোক দেৱেন্দ্ৰ তিৱাৰীৰ পেৰামেডিকেল ইনষ্টিটিউটত কাম কৰে । তাহাৰ সিং আৰু ওমপ্ৰকাশ মিশ্ৰক এছ টি এফে চলোৱা জেৰাত ভাৰতীয় কিষাণ মঞ্চ তথা ভাৰতীয় গো সেৱা পৰিষদৰ সভাপতি দেৱেন্দ্ৰ তিৱাৰীয়ে এই ষড়যন্ত্ৰ ৰচনা কৰাৰ কথা জানিব পৰা হৈছে । নিৰাপত্তা লাভ কৰি ডাঙৰ নেতা হ’বলৈ তেওঁ নিজৰ কৰ্মচাৰীৰ জৰিয়তে এই ভাবুকিপূৰ্ণ ইমেইল কৰিছিল ।

এছ টি এফৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিশাল বিক্ৰম সিঙে জনোৱা মতে, দেৱেন্দ্ৰ তিৱাৰীয়ে প্ৰথমে নিজৰ কৰ্মচাৰীসকলক ফোন, ই-মেইল আৰু হোৱাটছএপ মেছেজ কৰি ১১২ নম্বৰত ডায়েল কৰিছিল । ইয়াৰ পিচত তেওঁ তেওঁক কোনো লোকে ছ’চিয়েল মিডিয়াত ভাবুকি দিয়াৰ কথা উল্লেখ কৰে ৷ কেৱল এয়াই নহয়, লাইমলাইটলৈ অহাৰ স্বাৰ্থত তেওঁ নিজৰ নামৰ লগতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো ভাবুকি দিছিল ।

বিশাল বিক্ৰম সিঙে লগতে কয় যে, ভাবুকিপূৰ্ণ মেইল কৰোৱাৰ পিচত তেওঁ মোবাইল নষ্ট কৰি পেলাইছিল । অৱশ্যে তেওঁ নিজৰ অফিচৰ ৱাই-ফাই ব্যৱহাৰ কৰিয়েই এই মেইলসমূহ প্ৰেৰণ কৰোৱাইছিল । সিঙৰ মতে, দেৱেন্দ্ৰই নিৰাপত্তা আৰু ৰাজনৈতিক সুবিধা লাভ কৰাৰ বাবে এই কাণ্ড সংঘটিত কৰিছিল ৷ এছ টি এফে সম্প্ৰতি দেৱেন্দ্ৰ তিৱাৰীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ৰাম মন্দিৰলৈ যাবনে লালু-নীতিশ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.