ETV Bharat / bharat

গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইটাৰৰ পৰা ফটো আঁতৰালে কোনে ?

author img

By

Published : Nov 13, 2020, 11:37 AM IST

গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইটাৰৰ পৰা ফটো আঁতৰালে কোনে ?
গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইটাৰৰ পৰা ফটো আঁতৰালে কোনে ?

টুইটাৰ কৰ্তৃপক্ষই গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰফাইল ফটো পুনৰ আপলোড কৰিলে ৷ ইয়াৰ পূৰ্বে কোনো লোকে অমিত শ্বাহৰ ফটোক লৈ কপিৰাইট দাবী কৰাৰ বাবে টুইটাৰ কৰ্তৃপক্ষই প্ৰফাইলৰ পৰা অমিত শ্বাহৰ ফটো খন আঁতৰাই দিছিল ৷

নতুন দিল্লী,13 নৱেম্বৰঃ বৃহস্পতিবাৰে নিশা মাইক্ৰ'ব্লগিং চাইট টুইটাৰৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পূৰ্বতে দিয়া ডিছপ্লে পিক্সাৰখন আঁতৰাই দিয়ে ৷ অৱশ্যে কিছু সময়ৰ পিচত আকৌ ডিপি আপলোড কৰে ৷

টুইটাৰত একাংশ লোকে ফটোৰপ কপিৰাইট দাবী কৰাৰ পিচতে টুইটাৰ কৰ্তৃপক্ষই এনেধৰণে একাংশ ফটো আতৰাই দিয়া দেখা গৈছে ৷ যদিও টুইটাৰ কৰ্তৃপক্ষই গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইটাৰ একাউন্টৰ পৰা তেখেতৰ ডিপি খন আতৰাই দিছিল, কিছু সময়ৰ পিচে পুনৰ আপলোড কৰে৷

গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইটাৰৰ পৰা ফটো আঁতৰালে কোনে ?
গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইটাৰৰ পৰা ফটো আঁতৰালে কোনে ?

পিচত টুইটাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰে যে,গৃহমন্ত্ৰীৰ ফটোক লৈ কোনে কপিৰাইট দাবী কৰিব পাৰে ?

আচলতে বৃহস্পতিবাৰে নিশা অমিত শ্বাহৰ ডিপিত মিডিয়া প্ৰদৰ্শিত নহয় বুলি এটা বাৰ্তা দেখা পোৱা গৈছিল৷ টুইটাৰ বাৰ্তাটোত জনাইছিল যে, ফটোখন কোনো লোকে কপিৰাইট দাবী কৰাৰ বাবে আতৰাই দিয়া হৈছিল ডিপিৰ পৰা ৷

গৃহমন্ত্ৰী অমিত শ্বাহ চ'ছিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় ব্যক্তি হিচাপে পৰিচিত ৷ টুইটাৰত অনুগামী সকলৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিচতে তেখেত দ্বিতীয়গৰাকী নেতা যাৰ সৰ্বোচ্চ অনুগামী আছে ৷ টুইটাৰত অমিত শ্বাহৰ 23.6 মিলিয়ন অনুগামী আছে আৰু অমিত শ্বাহে মাত্ৰ 296 গৰাকী লোককহে অনুসৰণ কৰে টুইটাৰত ৷

লগতে চাওকঃ নাৰ্জী ফুলৰ খেতিৰে স্বাৱলম্বী হোৱা এজন লোক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.