ETV Bharat / bharat

Twitter Paid API: পেইড API প্লেটফৰ্ম মুকলি কৰাত পুনৰ পলম কৰিছে টুইটাৰে

author img

By

Published : Feb 15, 2023, 1:04 PM IST

টুইটাৰে ঘোষণা কৰে যে টুইটাৰৰ পেইড সংস্কৰণৰ সপক্ষে নিজৰ বিনামূলীয়া API প্লেটফৰ্মক আঁতৰাইছে । মূলতঃ বিনামূলীয়া সংস্কৰণটো ৯ ফেব্ৰুৱাৰীত বন্ধ হ’বলগীয়া আছিল যদিও পিছত ইয়াক ১৩ ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হয় ৷ লগতে মুকলি হ'বলগীয়া পেইড API প্লেটফৰ্মকলৈ টুইটাৰে কৰিলে এই ঘোষণা..

Twitter again delayed release of its paid API platform
পেইড API প্লেটফৰ্ম মুকলি কৰাত পুনৰ পলম কৰিছে টুইটাৰে

নেশ্যনেল ডেস্ক, 15 ফেব্ৰুৱাৰী: ইলন মাস্কৰ দ্বাৰা পৰিচালিত টুইটাৰে ঘোষণা কৰিছে যে, তেওঁলোকৰ নতুন পেইড এপিআই অৰ্থাৎ Application Programming Interface প্লেটফৰ্ম মুকলি কৰাত আৰু কেইদিনমান পলম হ’ব(Which API is used for twitter?)। টুইটাৰ ডেভলপাৰ একাউণ্টৰ (Twitter Developer account)জৰিয়তে টুইটাৰত এই তথ্য শ্বেয়াৰ কৰি কোম্পানীটোৱে কয় যে, টুইটাৰ APIৰ সৈতে অহা পৰিৱৰ্তনৰ বাবে বহু উৎসাহ দেখা গৈছে (Twitter again delayed release of API platform) ।

Developer সমূদায়ৰ বাবে এক অনুকূল অভিজ্ঞতা সৃষ্টি কৰাৰ আমাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আমি আমাৰ নতুন API প্লেটফৰ্ম মুকলি কৰিবলৈ আৰু কেইদিনমান সময় লম, অনাগত দিনত অধিক বিৱৰণ অনুসৰণ কৰিব(Twitter API platform)।

  • There has been an immense amount of enthusiasm for the upcoming changes with Twitter API. As part of our efforts to create an optimal experience for the developer community, we will be delaying the launch of our new API platform by a few more days.

    More information to follow… https://t.co/FUZcwJqf9p

    — Twitter Dev (@TwitterDev) February 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰথমাৱস্থাত কোম্পানীটোৱে ৯ ফেব্ৰুৱাৰীত নিজৰ APIৰ বিনামূলীয়া প্ৰৱেশ বন্ধ কৰাৰ পৰিকল্পনা কৰিছিল যদিও পিছত এই সময়সীমা ১৩ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰি এতিয়া কোনো নিৰ্দিষ্ট তাৰিখ নোহোৱাকৈ পুনৰ পলম কৰা হৈছে(Twitter Paid API)। বিগত সপ্তাহত মাইক্ৰ’ব্লগিং প্লেটফৰ্মে কৈছিল যে APIৰ মৌলিক স্তৰৰ বাবে প্ৰতিমাহে ১০০ ডলাৰ ল’ব(Twitter delays launch of its new API platform)। কোম্পানীটোৱে লগতে কয় যে, তেওঁলোকে বিনামূলীয়াকৈ কেৱল লিখাৰ API প্ৰদান কৰিব যিটো মাহত ১৫০০টা টুইট পোষ্ট কৰাৰ বাবে লাভদায়ক হ'ব(What can you do with twitter API?)।

ইফালে টুইটাৰ ব্লু এতিয়া ভাৰত, ব্ৰাজিল আৰু ইণ্ডোনেছিয়ালৈ সম্প্ৰসাৰিত কৰা হৈছে(Twitter Paid API)। কোম্পানীটোৱে নিশ্চিত কৰিছে যে, ৱেবত ভেৰিফিকেচনৰ(Verification on the web) সৈতে ব্লু সেৱাৰ বাবে প্ৰতিমাহে ৬৫০ টকা আৰু এণ্ড্ৰইড আৰু আই অ’ এছ মোবাইল ডিভাইচৰ বাবে ৯০০ টকা ল’ব(Twitter Again Delays Roll Out Paid API Platform)। মাইক্ৰ’ব্লগিং প্লেটফৰ্মটোৱে ভাৰতত বছৰি ৬৮০০ টকাৰ ৰেহাই মূল্যৰ বাৰ্ষিক পৰিকল্পনাও আগবঢ়াইছে, যিটো প্ৰতিমাহে ৫৬৬.৬৭ টকা (Microblogging platform Twitter)।

লগতে পঢ়ক: Apple iPhone Ultra Model: ২০২৪ চনত মুকলি হোৱাৰ দিশে হাই-এণ্ড আইফোন ‘আল্ট্ৰা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.