ETV Bharat / bharat

ত্ৰিপুৰা জিলা পৰিষদৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান

author img

By

Published : Apr 8, 2021, 8:16 AM IST

ত্ৰিপুৰাত এইবাৰ সৰ্বাধিক 85.74 শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা তথ্য অনুসৰি উত্তৰ ত্ৰিপুৰাৰ কাঞ্চনপুৰ সমষ্টিৰ বাহিৰে প্ৰতিটো সমষ্টিতে ভোটদানৰ হাৰ আছিল 80 শতাংশৰো অধিক ৷ শিলাচৰী, মনু আৰু বানকুল সমষ্টিত সৰ্বাধিক 90.32 শতাংশ ভোটাৰে ভোটদান কৰে ।

TTAADC final turn out 85.74 percent despite violence
ত্ৰিপুৰা জিলা পৰিষদৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান

নিউজ ডেস্ক, 8 এপ্ৰিল : ত্ৰিপুৰা জিলা পৰিষদৰ অষ্টম সাধাৰণ নিৰ্বাচনত এইবাৰ অভিলেখ সংখ্যক 85.74 শতাংশ ভোটদান হয় ৷ ৰাজ্যখনত নিৰ্বাচনৰ পূৰ্বে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছতো জনতাৰ বিপুল ভোটদানত সকলো ৰাজনৈতিক দলে সন্তোষ প্ৰকাশ কৰিছে । ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা চূড়ান্ত তথ্য অনুসৰি ত্ৰিপুৰাৰ 28 টা সমষ্টিৰ কাঞ্চনপুৰ সমষ্টিক বাদ দি প্ৰতিটো সমষ্টিতে 80 শতাংশৰো অধিক ভোটদান সম্পন্ন হৈছে ৷

নিৰ্বাচনী আয়োগৰ দাখিল কৰা প্ৰতিবেদন অনুসৰি, দক্ষিণ ত্ৰিপুৰা জিলাত সৰ্বাধিক সংখ্যক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ দক্ষিণ ত্ৰিপুৰাৰ দুয়োটা সমষ্টিতে ভোটদানৰ হাৰে 90 শতাংশ অতিক্ৰম কৰে ৷ স্থানীয় প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে ত্ৰিপুৰা জিলা পৰিষদৰ নিৰ্বাচনত এইবাৰ 8,56,666 গৰাকী ভোটাৰৰ 7,34,666 গৰাকী ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ৰাজ্যখনৰ শিলাচৰী, মনু আৰু বানকুল সমষ্টিত সৰ্বাধিক 90.32 শতাংশ ভোটাৰে ভোটদান কৰে । সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা আছিল 37,106 গৰাকী আৰু ইয়াৰে 33,805 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে । পূৰৱা মাদাৰীপুৰ, ভূৰথলী সমষ্টিত ভোটদানৰ হাৰ আছিল 90.27 শতাংশ ৷ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা আছিল 33,805 গৰাকী আৰু ইয়াৰে 30,517 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ।

আনহাতে, উত্তৰ ত্ৰিপুৰা জিলাৰ কাঞ্চনপুৰ উপ-সংমণ্ডলৰ অন্তৰ্গত ডামচেৰা-জামপুই সমষ্টিত এইবাৰ সকলোতকৈ কম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে । সমষ্টিটোত ভোটদানৰ হাৰ আছিল 76.64 শতাংশ । সমষ্টিটোৰ 35, 307 গৰাকী ভোটাৰৰ 27,061 গৰাকী ভোটাৰে ভোটদান কৰে ।

লগতে পঢ়ক : ক'ভিড-19 : ৰাজনৈতিক অনুষ্ঠানৰ ক্ষেত্ৰত পঞ্জাৱ চৰকাৰৰ নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.