ETV Bharat / bharat

Trudeau allegations: কানাডাৰ অভিযোগ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত- ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 9:45 PM IST

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে উত্থাপন কৰা অভিযোগসমূহ "ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত"৷ কানাডাই নিজৰ ভূমিত খলিস্তানী উগ্ৰপন্থী হত্যাত ভাৰতৰ হাত থকাৰ অভিযোগৰ বিষয়ে কোনো নিৰ্দিষ্ট তথ্য দিয়া নাই - বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচি

MEA
কানাডাৰ অভিযোগ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত

নেশ্যনেল ডেস্ক, 21 ছেপ্টেম্বৰ: ভাৰত আৰু কানাডাৰ মাজত চলিছে কূটনৈতিক সংঘাত ৷ কানাডাত এজন খালিস্তানী উগ্ৰপন্থীক হত্যা কৰাক লৈ চলিছে এই সংঘাত ৷ কানাডাৰ অভিযোগ যে খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ সৈতে ভাৰতৰো হাত আছে ৷ অৱশ্যে কানাডাৰ এই অভিযোগ সম্পূৰ্ণ নস্যাৎ কৰিছে ভাৰতৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰালয়ে ৷

বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে এক সংবাদমেলযোগে কয় যে, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে উত্থাপন কৰা অভিযোগসমূহ "ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ৷’’ কানাডাই নিজৰ ভূমিত খলিস্তানী উগ্ৰপন্থী হত্যাত ভাৰতৰ হাত থকাৰ অভিযোগৰ বিষয়ে কোনো নিৰ্দিষ্ট তথ্য দিয়া নাই ৷ এই অভিযোগ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত যেন লাগিছে ৷

বাগচিয়ে লগতে কয় যে, ভাৰতে কানাডাক কৈছে যে তেওঁলোকে এই বিষয়ত আলোচনা কৰিবলৈ ইচ্ছুক, কিন্তু কানাডাই প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ দ্বাৰা উত্থাপিত অভিযোগৰ ওপৰত পূৰ্বেও অথবা বৰ্তমান সময়ত কোনো তথ্য শ্বেয়াৰ কৰা নাই ৷ যদি কানাডাই এই অভিযোগ সন্দৰ্ভত ভাৰতৰ সৈতে তথ্য শ্বেয়াৰ কৰে তেন্তে সেই বিষয়ে জানিবলৈ ইচ্ছুক ৷ ভাৰতৰ হাতত কানাডাৰ নিৰ্দিষ্ট ব্যক্তিসকলৰ বিষয়ে সম্পূৰ্ণ তথ্য আছে আৰু এই সকলো তথ্য কানাডাৰ সৈতে ইতিমধ্যে শ্বেয়াৰ কৰা হৈছে ৷

"ভাৰতে কানাডাক নিজৰ স্থিতি অৱগত কৰিছে," এমইএৰ মুখপাত্ৰগৰাকীয়ে লগতে জানিবলৈ দিয়ে ৷

ইফালে এই সংঘাতৰ বাবে ভাৰত চৰকাৰে "পৰৱৰ্তী জাননী নোপোৱালৈকে" কানাডাৰ নাগৰিকৰ বাবে ভিছা সেৱা স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল ৷

বাগচিয়ে কয় যে, নিৰাপত্তাজনিত সমস্যাৰ বাবে কানাডাত ভাৰতীয় উচ্চায়োগ আৰু কনচুলেটসমূহে অস্থায়ীভাৱে ভিছা আবেদনৰ প্ৰক্ৰিয়া ব্যাহত ৰখা হৈছিল ৷ কানাডিয়ানসকলৰ ভিছা অস্থায়ীভাৱে স্থগিত ৰখা হয় ৷

লগতে পঢ়ক: Manipur Violence: মণিপুৰত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত সংঘাত; পশ্চিম ইম্ফলত সান্ধ্য আইন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.