ETV Bharat / bharat

কুম্ভ মেলাত হোৱা ক'ভিড পৰীক্ষা সন্দৰ্ভত ন্য়ায়িক তদন্তৰ দাবী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটৰ

author img

By

Published : Jun 19, 2021, 1:10 PM IST

কুম্ভ মেলাৰ সময়ত হোৱা ক'ভিড পৰীক্ষা সন্দৰ্ভত ন্য়ায়িক তদন্তৰ দাবী জনাইছে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে(Trivendra Singh Rawat) । তেওঁ হৰিদ্বাৰত কুম্ভ মেলাত হোৱা ক'ভিড পৰীক্ষাক ভুৱা আখ্যা দিয়াৰ লগতে এই পৰীক্ষা হত্যাৰ চেষ্টা কৰাৰ সৈতে একে বুলি অভিযোগ উত্থাপন কৰে । শীঘ্ৰেই এই সন্দৰ্ভত তদন্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটকো আহ্বান জনাব বুলি তেওঁ জানিবলৈ দিয়ে ।

Trivendra Singh Rawat seeks judicial inquiry into Kumbh COVID test scam
কুম্ভ মেলাত হোৱা ক'ভিড পৰীক্ষা সন্দৰ্ভত ন্য়ায়িক তদন্তৰ দাবী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটৰ

নেশ্যনেল ডেস্ক, ১৮ জুন: উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে শুকুৰবাৰে অভিযোগ উত্থাপন কৰে যে, হৰিদ্বাৰত কুম্ভ মেলাৰ সময়ত হোৱা ক'ভিড পৰীক্ষা ভুৱা আছিল । লগতে এই পৰীক্ষা হত্যাৰ চেষ্টা কৰাৰ সৈতে একে বুলি তেওঁ অভিযোগ তোলে । এই বিষয়ত মুখ্যমন্ত্ৰীয়ে ন্যায়িক তদন্তৰ নিৰ্দেশ দিয়া উচিত বুলি মন্তব্য কৰে ।

লগতে এই কেলেংকাৰী কেতিয়া সংঘটিত হৈছিল সেই বিষয়েও ৰাজহুৱা কৰা উচিত বুলি ৰাৱাটে মন্তব্য কৰে । মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে ক'ভিড পৰীক্ষা কেলেংকাৰী তেওঁ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বৰ কেলেংকাৰী বুলি মন্তব্য কৰাৰ এদিন পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে ক'ভিড পৰীক্ষা সন্দৰ্ভত অভিযোগ উত্থাপন কৰে ।

ইফালে, মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে ক'ভিড পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত এদিন পূৰ্বে কয় যে, এই কেলংকাৰী তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ আগৰে পৰা সংঘটিত হৈ আছে । তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগে লগে এই বিষয়ে তদন্তৰ নিৰ্দেশ দিছিল বুলিও তেওঁ মন্তব্য কৰে । বৰ্তমান এই ঘটনা সন্দৰ্ভত তদন্ত চলি আছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে দোষী সাব্যস্ত হোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে সকীয়াই দিছিল । উত্তৰাখণ্ড আৰক্ষীয়ে বৃহস্পতিবাৰে এই সন্দৰ্ভত দুটা ব্যক্তিগত পৰীক্ষাগাৰ- লালচান্দানি পৰীক্ষাগাৰ আৰু নলৱা পৰীক্ষাগাৰৰ লগতে মেক্স কৰ্প'ৰেট এজেন্সিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

বছৰৰ চলিত বৰ্ষৰ মাৰ্চ মাহত হৰিদ্বাৰত মহা কুম্ভ মেলা আৰম্ভ হোৱাৰ এসপ্তাহ আগতে ত্ৰিৱেন্দ্ৰ সিং ৰাৱটৰ স্থানত তীৰথ সিং ৰাৱটক উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰা হৈছিল । ১৫ জুনত এই সন্দৰ্ভত সোধা-পোছা কৰাৰ পিছত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া স্বাস্থ্য সচিব লাভ আগৰৱালে কুম্ভ মেলাৰ সময়ত কৰা ক'ভিড পৰীক্ষা সন্দৰ্ভত কেইদিনমানৰ ভিতৰতে এক বিতং তথ্য লাভ কৰাৰ আশা প্ৰকট কৰিছিল ।

লগতে পঢ়ক:ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগ: কাৰ কি প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.