ETV Bharat / bharat

Minor gang raped in Tripura: ত্ৰিপুৰাত একেদিনাই সংঘটিত হৈছে দুটাকৈ ধৰ্ষণৰ ঘটনা

author img

By

Published : Oct 27, 2022, 9:26 PM IST

ত্ৰিপুৰাত একেদিনাই সংঘটিত হৈছে দুটাকৈ ধৰ্ষণৰ ঘটনা (Minor gang raped in Tripura) ৷ ত্ৰিপুৰাৰ কুমাৰঘাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ দিনাই খোৱাই জিলাৰ অন্তৰ্গত কল্যাণপুৰ অঞ্চলত আন এগৰাকী নাবালিকাক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে (Sensational gang rape) ৷

tripura-witness-another-gang-rape-of-minor-one-held
ত্ৰিপুৰাত একেদিনাই সংঘটিত হৈছে দুটাকৈ ধৰ্ষণৰ ঘটনা

ত্ৰিপুৰা, 27 অক্টোবৰ: দেশত অব্যাহত আছে এটাৰ পিছত আনটো নাৰী নিৰ্যাতন তথা ধৰ্ষণৰ ঘটনা (Rape case in India) ৷ শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত একেদিনাই সংঘটিত হৈছে দুটাকৈ ধৰ্ষণৰ ঘটনা (Minor gang raped in Tripura) ৷

ত্ৰিপুৰাৰ কুমাৰঘাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ দিনাই খোৱাই জিলাৰ অন্তৰ্গত কল্যাণপুৰ অঞ্চলত আন এগৰাকী নাবালিকাক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে (Sensational gang rape) ৷ ইতিমধ্যে আৰক্ষীয়ে বুধবাৰে নিশা ধৰ্ষণকাৰী তিনিজনৰ ভিতৰত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাত সফল হৈছে ।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মঙলবাৰে ভুক্তভোগী নাবালিকাগৰাকী ঘৰলৈ হৈ থকাৰ সময়তে পথতে এটা তিনিজনীয়া এটা দলে অপহৰণ কৰে । ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালৰ মতে, তিনিজনীয়া দলটোৱে পৰিয়ালটোৰ দুজন পুৰুষত গুৰুতৰভাৱে আহত কৰি নাবালিকাগৰাকীক জংঘললৈ লৈ গৈ যৌন নিৰ্যাতন চলায় ৷

লগতে ঘটনা সংঘটিত হোৱাৰ পিছতে অতি সোনকালেই দুষ্কৃতিকাৰীৰ দলটোৱে তাইক জংঘলতে এৰি থৈ যায় । বুধবাৰে পুৱা নাবালিকাগৰাকী ঘৰত উপস্থিত হৈ সকলো বৰ্ণনা কৰে বুলি আৰক্ষীয়ে জনায় ৷ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালে আদিত্য দাস, তপস দেৱনাথ আৰু ৰতন দেৱনাথৰ নাম উল্লেখ কৰি কল্যাণপুৰ আৰক্ষী থানাত (Kalyanpur police station) এখন এজাহাৰ দাখিল কৰে ।

আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিতে অনুসন্ধান চলাই আত্মগোপন কৰি থকা তপস দেৱনাথক আটক কৰে (Arresting one accused) ৷ অৱশ্যে ঘটনাৰ লগত জড়িত আদিত্য দাস আৰু ৰতন দেৱনাথ বৰ্তমানেও পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

আৰক্ষী সূত্ৰই জনোৱা মতে, এজাহাৰত নাম উল্লেখ কৰা অভিযুক্ত আদিত্য দাস, তপস দেৱনাথ আৰু ৰতন দেৱনাথৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৪১, ৩২৫, ৩৯২, ৩৫৪, ৩৭৬ আৰু ৩৪ ধাৰা (Indian Penal Code) আৰু পি অ’ চি এছ অ’ আইনৰ ৪ নং ধাৰা (Section 4 of the POCSO act ) আৰোপ কৰিছে ।

লগতে পঢ়ক: Barmese supari seized: কাছাৰৰ দিগৰখালত জব্দ বাৰ্মিজ চুপাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.