ETV Bharat / bharat

ত্ৰিপুৰাত ৰাজনৈতিক হিংসাৰ ঘটনা সৰ্বাধিক

author img

By

Published : Aug 31, 2022, 2:14 PM IST

Tripura
ত্ৰিপুৰাত ৰাজনৈতিক হিংসাৰ ঘটনা সৰ্বাধিক

ত্ৰিপুৰাত ৰাজনৈতিক হিংসাৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে (Political crimes increased in Tripura)। বিগত বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ত্ৰিপুৰাত সৰ্বাধিক ৰাজনৈতিক অপৰাধৰ ঘটনা সংঘটিত হৈছে । NCRBৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ।

আগৰতলা, ৩১ আগষ্ট : উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰাত আটাইতকৈ বেছি সংঘটিত হৈছে ৰাজনৈতিক অপৰাধমূলক ঘটনা (Tripura tops in political crimes)। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ'(NCRB)ৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে (National Crime Records Bureau reports)। ২৯ আগষ্টত প্ৰকাশ পাইছে NCRBৰ ২০২১ চনৰ অপৰাধ সম্পৰ্কীয় পৰিসংখ্যাৰ নতুন সংস্কৰণ । 'ক্ৰাইম ইন ইণ্ডিয়া' শীৰ্ষক এই বাৰ্ষিক প্ৰতিবেদন অনুসৰি ৰাজনৈতিক অপৰাধৰ ঘটনাৰ সংখ্যাৰ ফালৰ পৰা উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰা শীৰ্ষ স্থানত আছে ।

সমগ্ৰ দেশত ২০২১ চনত আইপিচিৰ বিভিন্ন ধাৰাৰ অধীনত ৰাজহুৱা শান্তিৰ বিৰুদ্ধে অপৰাধৰ মুঠ ৪,৫৭৭ টা গোচৰ পঞ্জীয়ন কৰা হৈছে । ইয়াৰ ভিতৰত আইন বহিৰ্ভূত সমাবেশৰ গোচৰ হৈছে ২,১৯১ টা । যি মুঠ গোচৰৰ ৪৭.৯ শতাংশ । আনহাতে ৰাজহুৱা শান্তি বিঘ্নিত কৰা ঘটনাৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা অপৰাধৰ গোচৰ ২০২০ চনৰ তুলনাত ২০২১ চনত ৩.২ শতাংশ বৃদ্ধি হৈছে ।

NCRBয়ে উল্লেখ কৰা মতে উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা আৰু মণিপুৰত এটাকৈ ৰাজহুৱা অশান্তি সম্পৰ্কীয় গোচৰ ৰুজু হৈছে । আনহাতে অসমত ১২৯২ টা গোচৰ ৰুজু হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহত এনে গোচৰৰ সংখ্যা শূন্য ।

প্ৰতিবেদন অনুসৰি সংঘৰ্ষৰ ঘটনা অৰুণাচল প্ৰদেশত ৬ টা সংঘটিত হৈছে । অসমত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা ৭৮০ টা, য'ত ১৪৯৮ গৰাকী ভুক্তভোগী, মেঘালয়, নাগালেণ্ডত এটাকৈ এনে ধৰণৰ গোচৰ ৰুজু হৈছে । মণিপুৰত ৰুজু হোৱা গোচৰৰ সংখ্যা ৬০ টা ।

আনহাতে ত্ৰিপুৰাত ১১৭ টা ঘটনা সংঘটিত হৈছে য'ত ২৫৯ গৰাকী ভুক্তভোগীৰ সৈতে ই দ্বিতীয় স্থানত আছে আনহাতে ছিকিম আৰু মিজোৰামত এনেধৰণৰ গোচৰ ৰুজু হোৱা নাই ।

ৰাজনৈতিক হিংসা (Political rioting incidents) বা অপৰাধজনিত ঘটনা মণিপুৰত ২ টা সংঘটিত হৈছে য'ত ৮ জন ভুক্তভোগী । ত্ৰিপুৰাত এনেধৰণৰ ৬৪ টা গোচৰ ৰুজু হৈছে য'ত ১৩৬ জন ভুক্তভোগী আৰু উত্তৰ-পূৱৰ বাকীবোৰ ৰাজ্যত এটাও গোচৰ ৰুজু হোৱা নাই । আৰক্ষী কৰ্মী বা চৰকাৰী কৰ্মচাৰীৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত NCRBয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ত্ৰিপুৰাত এনে ধৰণৰ ১১ টা ঘটনা সংঘটিত হৈছে । যিবোৰ ঘটনাত ভুক্তভোগীৰ সংখ্যা হৈছে ৪৯ গৰাকী ।

আনহাতে অসমত ১১ গৰাকী ভুক্তভোগীয়ে এনে ধৰণৰ ১০ টা গোচৰ ৰুজু কৰিছে । মণিপুৰত ৭ টা গোচৰ পঞ্জীয়ন কৰা হৈছে । ত্ৰিপুৰাত ৰাজহুৱা শান্তি বিঘ্নিত সন্দৰ্ভত ২০২১ চনত ৰুজু হোৱা গোচৰৰ সংখ্যা ১৩৮ টা ।

NCRBয়ে যোৱা বছৰৰ প্ৰতিবেদন 'ভাৰতত অপৰাধ ২০২০'ত (Crime in India 2020) দাবী কৰিছে যে ত্ৰিপুৰাত ৰাজনৈতিক সংঘৰ্ষৰ প্ৰায় ২২ টা গোচৰ পঞ্জীয়ন কৰা হৈছে, আনহাতে অৰুণাচল প্ৰদেশ আৰু মণিপুৰত এটাকৈ । ইয়াৰ বাহিৰে উত্তৰ-পূব অঞ্চলৰ আন কোনো ৰাজ্যত ৰাজনৈতিক সংঘাতৰ কোনো গোচৰ পঞ্জীয়ন কৰা হোৱা নাই ।

লগতে পঢ়ক :KAM সন্মিলনত তিনিটাকৈ বঁটাৰে উজলিল ই টিভি বাল ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.