ETV Bharat / bharat

জৈৱিক প্ৰমাণ পত্ৰ এজেন্সী স্থাপনৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

author img

By

Published : Sep 15, 2022, 3:45 PM IST

ত্ৰিপুৰাই ইয়াৰ জৈৱিক কৃষিৰ ক্ষেত্ৰখন সম্প্ৰসাৰিত কৰিছে । জৈৱিক কৃষিৰ অধীনত আমাৰ 2,000 হেক্টৰ এলেকা আছিল । চৰকাৰে ২১,০০০ হেক্টৰ এলেকালৈ জৈৱিক কৃষি সম্প্ৰসাৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে (organic cultivation in Tripura) ।

Tripura
Tripura

আগৰতলা, ১৫ ছেপ্টেম্বৰ : ত্ৰিপুৰা চৰকাৰে শেহতীয়াকৈ অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে (Tripura Govt cabinet decision)। কৃষি আৰু কৃষক কল্যাণ বিভাগৰ অধীনত এটা জৈৱিক প্ৰমাণ-পত্ৰ এজেন্সী স্থাপনকে ধৰি একাধিক সিদ্ধান্ত উক্ত কেবিনেটে গ্ৰহণ কৰিছে (Tripura to set up organic certification agency) । আনহাতে, কেবিনেটে দুৰ্গাপূজাৰ বন্ধ ৯ দিনলৈকে বৃদ্ধি কৰিছে ।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে (Tripura Information and Cultural affairs Minister) কয় যে ছিকিমে ইতিমধ্যে ৰাজ্য হিচাপে জৈৱিক প্ৰমাণ-পত্ৰ লাভ কৰিছে (organic certification holder state Sikkim) আৰু ত্ৰিপুৰাইও ইয়াৰ জৈৱিক কৃষিৰ ক্ষেত্ৰ সম্প্ৰসাৰিত কৰিছে ।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) উত্তৰ-পূৰ্বাঞ্চলক জৈৱিক কৃষিজাত সামগ্ৰীৰ কেন্দ্ৰ হিচাপে পৰিৱৰ্তন কৰাৰ সপোন দেখিছে (North East as organic agriculture hub) । আমাৰ চুবুৰীয়া ছিকিমে ইতিমধ্যে এখন ৰাজ্য হিচাপে জৈৱিক প্ৰমাণ-পত্ৰ লাভ কৰিছে । একেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহো সেই লক্ষ্যৰ দিশত আগবাঢ়িছে । ত্ৰিপুৰাই ইয়াৰ জৈৱিক কৃষিৰ ক্ষেত্ৰখন সম্প্ৰসাৰিত কৰিছে । জৈৱিক কৃষিৰ অধীনত আমাৰ 2,000 হেক্টৰ এলেকা আছিল । চৰকাৰে ২১,০০০ হেক্টৰ এলেকালৈ জৈৱিক কৃষি সম্প্ৰসাৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে (organic cultivation in Tripura) ।" চৌধুৰীয়ে এনেদৰে কয় ।

তেওঁ লগতে কয় যে উক্ত সংস্থাটোৰ নাম ত্ৰিপুৰা ৰাজ্যিক জৈৱিক সামগ্ৰী প্ৰমাণ-পত্ৰ সংস্থা (Tripura State Organic Product Certification Agency) হিচাবে সিদ্ধান্ত লোৱা হৈছে আৰু ই সকলো ধৰণৰ তথ্য, কাৰিকৰী নিৰ্দেশনা আৰু জৈৱিক কৃষি সম্পৰ্কীয় উন্নয়নৰ বাবে দায়বদ্ধ হ'ব ।

মন্ত্ৰীজনে লগতে এইটোও কয় যে ৰাজ্য চৰকাৰে দুৰ্গাপূজাৰ বন্ধ পূৰ্বৰ চাৰি দিনৰ পৰা ৯ দিনলৈ বৃদ্ধি কৰিছে (Tripura Govt extended durga puja holiday to 9 days) ।

লগতে পঢ়ক :যোগীৰ ৰাজ্যত ২ দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা: গছত ওলোমাই থ’লে মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.