ETV Bharat / bharat

Tripura to provide free coaching: ত্ৰিপুৰাৰ দৰিদ্ৰ জনজাতীয় শিক্ষাৰ্থীলৈ বিনামূলীয়া শিক্ষা

author img

By

Published : Jul 12, 2022, 1:35 PM IST

ত্ৰিপুৰা চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ । ৫০০ খন গাঁৱৰ জনজাতীয় শিক্ষাৰ্থীক ত্ৰিপুৰা চৰকাৰে প্ৰদান কৰিব বিনামূলীয়া প্ৰশিক্ষণ(Tripura government to provide free coaching) । সাংবাদিকৰে হোৱা বাৰ্তালাপত এই বিশেষ পদক্ষেপৰ কথা প্ৰকাশ জনজাতীয় কল্যাণ মন্ত্ৰী ৰামপাদা জামাতিয়াৰ ।

tripura to provide free coaching to poor tribal students in 500 villages
Tripura to provide free coaching: ত্ৰিপুৰাৰ ৫০০ খন গাঁৱৰ দৰিদ্ৰ জনজাতীয় শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া শিক্ষা

আগৰতলা,১২ জুলাই: ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ ৫০০ খন গাঁৱত বাস কৰা দৰিদ্ৰ খিলঞ্জীয়া শিক্ষাৰ্থীসকলক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে (Tripura government to provide free coaching) । সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি জনজাতীয় কল্যাণ মন্ত্ৰী ৰামপাদা জামাতিয়াই প্ৰকাশ কৰে এই পদক্ষেপৰ কথা । তেওঁ উল্লেখ কৰে যে খিলঞ্জীয়া লোকসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ৫০০ খন গাঁৱৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে(Tripura government special initiative for welfare of indigenous people) । এই বছৰৰ আগষ্ট মাহৰ ভিতৰত এই পৰিকল্পনা ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

তেওঁ লগতে জনাই যে চৰকাৰে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ প্ৰতিখন গাঁৱৰ বাবে এজনকৈ শিক্ষক নিয়োগ কৰিব । আনহাতে ৰাজ্যখনত খিলঞ্জীয়াসকলৰ উন্নয়ণৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ কথাও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ উল্লেখ কৰে যে বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে । জনজাতীয় শিক্ষাৰ্থীসকল যাতে উপকৃত হ'ব পাৰে তাৰবাবে চৰকাৰে যথেষ্ট চেষ্টা চলাই আছে । উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ যোৱা সকলো শিক্ষাৰ্থীৰ বাবে এখন হোষ্টেল খোলাৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে(Plans to open hostels for students going to Delhi for higher education) ।

বিষয়টোৰ সন্দৰ্ভত জনজাতীয় কল্যাণ বিভাগৰ সঞ্চালক বিশাল কুমাৰেও সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে । তেওঁ কয় যে আঁচনি অনুসৰি চৰকাৰী বিদ্যালয়সমূহত পঞ্চম শ্ৰেণীলৈ পঢ়ালৈকে শিক্ষাৰ্থীসকলক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । কিয়নো তেওঁলোকে দুৰ্বল অৰ্থনীতিৰ বাবে পৰিপূৰক শিক্ষাৰ লাভালাভ গ্ৰহণ কৰিব নোৱাৰে ।

লগতে পঢ়ক: Tripura assembly elections 2023: তৃণমূলৰ নিৰ্বাচনী ৰণডংকা; আগৰতলাত উদ্বোধন ৰাজ্যিক কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.