ETV Bharat / bharat

Tripura bye election 2022 : মোতায়েন কৰা হ'ব পৰ্যাপ্ত নিৰাপত্তা বাহিনী

author img

By

Published : May 27, 2022, 11:58 AM IST

আহি থকা ত্ৰিপুৰাৰ উপ-নিৰ্বাচন সম্পৰ্কে ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল (Election Commission on Tripura bye election)। ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা মতে পৰ্যাপ্ত কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হ'ব । ৪ টা সমষ্টিৰ মুঠ ১৩৯ টা স্থানত ২২১ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব এই উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ ।

Tripura bye election 2022
ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল

আগৰতলা,২৭ মে' : ত্ৰিপুৰা বিধানসভাৰ ৪ খন আসনত অহা ২৩ জুনত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন (Tripura bye election 2022)। এই নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ তাৰ বাবে বিশেষ পৰিকল্পনা কৰিছে নিৰ্বাচন আয়োগে । নিৰ্বাচনৰ সময়ত ৰাজ্যখনৰ লগতে সমষ্টি কেইটাত যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় বা নিৰ্বাচনত বাধা আহিব নোৱাৰে তাৰ বাবে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰাৰো চিন্তা চৰ্চা কৰিছে নিৰ্বাচন আয়োগে ।

ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা মতে এই নিৰ্বাচন যাতে মুক্ত আৰু নিৰপেক্ষ হয় তাৰ বাবে ৫০ শতাংশ ৱেবকাষ্টিঙৰ সৈতে পৰ্যাপ্ত পৰিমাণৰ কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হ'ব (Election Commission on Tripura bye election)। সংবাদমেল সম্বোধন কৰি মুখ্য কাৰ্যবাহী বিষয়া গীটে কিৰণ কুমাৰ দিনকাৰ ৰাওয়ে কয় যে যিহেতু ভাৰতীয় নিৰ্বাচন আয়োগে (ECI) ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে সেয়েহে নিৰ্বাচনী আচৰণ বিধি ইতিমধ্যে বলবৎ হৈছে । বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে ৪ টা সমষ্টিৰ মুঠ ১৩৯ টা স্থানত ২২১ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব এই উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ ।

নিৰ্বাচনৰ লগত সংগতি ৰাখি শুকুৰবাৰে সৰ্বদলীয় বৈঠকৰো আয়োজন কৰিছে নিৰ্বাচন আয়োগে (All party meeting ahead of bye election in Tripura)। ইয়াৰোপৰি নিৰ্বাচন শান্তিপূৰ্ণ হোৱাটো কামনা কৰি ৰাজ্য চৰকাৰে বিচাৰিলে অতিৰিক্ত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে । জিলা দণ্ডাধীশ আৰু জিলা আৰক্ষী অধীক্ষসকলে নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ ওপৰত কাম কৰি আছে আৰু তেওঁলোকৰ মূল্যায়নৰ ওপৰত ভিত্তি কৰি ৰাজ্যিক নিৰ্বাচন আয়োগে ভাৰতীয় নিৰ্বাচন আয়োগলৈ তেওঁলোকৰ প্ৰয়োজনসমূহ প্ৰেৰণ কৰিব ।

বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে যিকোনো অবৈধ কাৰ্যকলাপ আৰু সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । আৰক্ষী আৰু আবকাৰী বিভাগৰ সৈতে এক যুটীয়া টাস্ক ফ'ৰ্চ গঠন কৰাৰ কথাও উল্লেখ কৰে বিষয়াগৰাকীয়ে । মুঠতে উপ-নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে ।

লগতে পঢ়ক :প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ বিজেপি চৰকাৰ : সুস্মিতা দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.