ETV Bharat / bharat

প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ বিজেপি চৰকাৰ : সুস্মিতা দেৱ

author img

By

Published : May 27, 2022, 10:06 AM IST

Updated : May 27, 2022, 10:45 AM IST

আহি থকা উপ-নিৰ্বাচনৰ লগত সংগতি ৰাখি ত্ৰিপুৰাৰ সুৰমা সমষ্টিত তৃণমূল কংগ্ৰেছ দলৰ সাংগঠনিক সভা (Organizational meeting of TMC at Surma)। সভাত তৃণমূলৰ নেত্ৰী সুস্মিতা দেৱে তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰক । সভাৰ পাছতে সমষ্টিটোত প্ৰতিবাদী কাৰ্যসূচীৰো আয়োজন কৰে দলটোৱে ।

Sushmita
প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ বিজেপি চৰকাৰ

আগৰতলা, ২৭ মে' : অহা ২৩ জুনত ত্ৰিপুৰাৰ ৪ টা বিধানসভা সমষ্টিত হ'ব উপ-নিৰ্বাচন (Tripura bye election 2022)। নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া সকলো ৰাজনৈতিক দলে সমষ্টিবোৰত প্ৰচাৰ আৰম্ভ কৰিছে । দলীয় ভেটি শক্তিশালী কৰাৰ লগতে ভোটাৰৰ মন জয় কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে দলসমূহে । সমষ্টি কেইটাত তৃণমূল কংগ্ৰেছ দলেও আৰম্ভ কৰিছে ৰাজনৈতিক প্ৰচাৰ ।

সমষ্টি কেইটাৰ অন্যতম সুৰমাত বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছে এখন সাংগঠনিক সভাৰ আয়োজন কৰে (Organizational meeting of TMC at Surma)। এই সভাত ত্ৰিপুৰা ৰাজ্যিক তৃণমূলৰ সভাপতি সুবল ভৌমিক, মূল সমিতিৰ সদস্য সুস্মিতা দেৱ আৰু আন আন নেতাসকল উপস্থিত থাকে ।

তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ অভিযোগ প্ৰায় চাৰে চাৰি বছৰত বিজেপি চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে (Sushmita Dev criticizes BJP)। তেওঁ ৰাইজক প্ৰশ্ন কৰে যে উক্ত সময়চোৱাত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজক কি দিছে ? এই সময়চোৱাত ত্ৰিপুৰাৰ সাধাৰণ মানুহে কি পাইছে ? পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে কৈছিল মিছকল দিলেই চাকৰি দিব, ৰাস্তা হ'ব, স্মাৰ্ট চিটি হ'ব । কিন্তু যোৱা সময়চোৱাত একোৱে হোৱা নাই বুলি তেওঁ অভিযোগ কৰে ।

তৃণমূলৰ নেত্ৰী সুস্মিতা দেৱ

তেওঁ লগতে সভাত উপস্থিত থকা দলীয় নেতা-কৰ্মীসকলক বিজেপি চৰকাৰৰ মিথ্যাচাৰ সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ আহ্বান জনায় । তেওঁ কয়,"মানুহে সুধিব পাৰে যে তেওঁলোকে তৃণমূল কংগ্ৰেছক কিয় ভোট দিব ? কাৰণটো হ'ল তৃণমূল কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পাছত ত্ৰিপুৰাৰ ৰাইজৰ স্বাৰ্থত কাম কৰিব আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰিব ।"

সাংগঠনিক সভাৰ পাছতে সুবল ভৌমিক, সুস্মিতা দেৱ আৰু অন্যান্য নেতাসকলে এক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে (TMC protest at Tripura)। সুৰমা বিধানসভা সমষ্টিৰ কমলপুৰ খণ্ডত আয়োজিত এই প্ৰতিবাদী সমদলত তৃণমূল কংগ্ৰেছৰ শ শ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Tripura by poll : ২৩ জুনত ত্ৰিপুৰাৰ ৪ টা সমষ্টিত হ'ব উপ-নিৰ্বাচন

Last Updated : May 27, 2022, 10:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.