ETV Bharat / bharat

Coal crisis and its impact: ত্ৰিপুৰাৰ চাহ উদ্যোগত ইয়াৰ প্ৰভাৱ

author img

By

Published : Jan 10, 2022, 8:00 AM IST

Coal crisis and its impact:  ত্ৰিপুৰাৰ চাহ উদ্যোগত ইয়াৰ প্ৰভাৱ
Coal crisis and its impact: ত্ৰিপুৰাৰ চাহ উদ্যোগত ইয়াৰ প্ৰভাৱ

শেহতীয়াকৈ ত্ৰিপুৰাত হৈ অহা কয়লাৰ নাটনিৰ বাবেই ত্ৰিপুৰা চাহ উন্নয়ন নিগমে (Tripura Tea Development Corporation) ৰাজ্যখনৰ চাহ উদ্যোগটোৰ দুটাকৈ কলঘৰ গেছ-আধাৰিত উৎপাদন গোটলৈ ৰূপান্তৰ কৰিবলৈ সাজু হৈছে ৷ নিগমে ইতিমধ্যে ত্ৰিপুৰা নেচাৰেল গেছ কৰ্পোৰেচন লিমিটেডৰ (Tripura Natural Gas Corporation Limited) সৈতে স্বাক্ষৰ কৰিছে এক বুজাবুজিৰ চুক্তি (MoU between TTDC and TNGCL)।

আগৰতলা, 10 জানুৱাৰী: দেশজুৰি অব্যাহত থকা কয়লাৰ নাটনিৰ বাবে দেশৰ শক্তিখণ্ডৰ লগতে উত্তৰ-পূবৰ উদ্যোগ সমূহেও সন্মুখীন হ’বলগীয়া হৈছে সংকটৰ ৷ বিগত সময়চোৱাত কয়লাৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পাই অহাৰ সমান্তৰালভাৱে কয়লাৰ নাটনিও এক চিন্তাৰ বিষয় হৈ পৰিছে ।

শেহতীয়াকৈ ত্ৰিপুৰাত হৈ অহা কয়লাৰ নাটনিৰ বাবেই ত্ৰিপুৰা চাহ উন্নয়ন নিগমে (Tripura Tea Development Corporation) ৰাজ্যখনৰ চাহ উদ্যোগটোৰ দুটাকৈ কলঘৰ গেছ-আধাৰিত উৎপাদন গোটলৈ ৰূপান্তৰ কৰিবলৈ সাজু হৈছে ৷ নিগমে ইতিমধ্যে ত্ৰিপুৰা নেচাৰেল গেছ কৰ্পোৰেচন লিমিটেডৰ (Tripura Natural Gas Corporation Limited) সৈতে স্বাক্ষৰ কৰিছে এক বুজাবুজিৰ চুক্তি (MoU between TTDC and TNGCL)। TTDC ৰ অধ্যক্ষ সন্তোষ সাহাই দেওবাৰে আয়োজিত এখন সংবাদমেলত কয়লাৰ নাটনিৰ বাবেই নিগমে ত্ৰিপুৰা নেচাৰেল গেছ কৰ্পোৰেচন লিমিটেড (TNGCL)ৰ সৈতে কৰা স্বাক্ষৰৰ তথ্য সদৰি কৰে ৷

অধ্যক্ষ গৰাকীয়ে লগতে জনালে, "আমি আশা কৰিছো, চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফাললৈ দুৰ্গাবাৰী অঞ্চলত অৱস্থিত আমাৰ কলঘৰ সমূহলৈ গেছ লাইনৰ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ হ'ব । টিএনজিচিৰ দলে ইতিমধ্যে আৰম্ভ কৰিছে তেওঁলোকৰ কাম"৷

সাহাই লগতে উল্লেখ কৰে যে, চলিত বছৰৰ মাৰ্চৰ শেষ অথবা এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা চাহ উৎপাদনৰ বতৰ আৰম্ভ হ'ব । কলঘৰ সমূহ উৎপাদন গোটলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্তই উৎপাদকসকলক কম মূল্যৰ বিন্ময়তে বিদ্যুৎশক্তি লাভ কৰাত সহায় কৰিব ।

"ৰাজ্যখনৰ চাহ উদ্যোগ গঠনৰ ৪২ বছৰৰ অন্তত, উদ্যোগটোৱে প্ৰথমবাৰৰ বাবে এক কোটি টকাৰ অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে । ২০২০-২১ বিত্তীয় বৰ্ষত TTDC য়ে পোন প্ৰথমবাৰৰ বাবে লাভ কৰিছে ১ কোটি ১২ লাখ টকা । মই আশা কৰো, আমি ত্ৰিপুৰাৰ চাহক ঘৰুৱা তথা ৰাষ্ট্ৰীয় বজাৰত জনপ্ৰিয় কৰাৰ লগতে লাভ অৰ্জনৰ ধাৰাটো অব্যাহত ৰাখিব পাৰিম", সাহাই কয় ।

তেওঁ লগতে জনালে, Green Tea ৰ উৎপাদন সঠিক ধৰণে হোৱাটো নিশ্চিত কৰিবলৈ নিগমৰ উদ্যোগত শীঘ্ৰেই Green Tea ৰ খেতিয়কসকলৰ এটা নেটৱৰ্ক গঠন কৰা হ’ব ।

উল্লেখ্য যে, কয়লাৰ নাটনিৰ বাবে চাহ উদ্যোগৰ লগতে লঘু উদ্যোগ সমূহে সন্মুখীন হ’বলগীয়া হৈছে নানান অসুবিধাৰ, যিয়ে উৎপাদন ব্যাৱস্থাটোক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে ।

লগতে পঢ়ক: Jana Shatabdi Express connects Tripura-Manipur : ত্ৰিপুৰা-মণিপুৰ সংযোগী জনশতাব্দী এক্সপ্ৰেছ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.