ETV Bharat / bharat

Tripura Covid Cases : ত্ৰিপুৰাত নতুনকৈ কোভিডত আক্ৰান্ত 431 গৰাকী

author img

By

Published : Jul 26, 2022, 4:01 PM IST

covid
covid

বিগত 24 ঘণ্টাত ত্ৰিপুৰাত ধৰা পৰা 431 টা কোভিড পজিটিভ ঘটনাৰ ভিতৰত (Covid positive cases in Tripura last 24 hours) উক্ত জিলাখনৰ পৰাই 100 টা কোভিড পজিটিভ ঘটনা পোৱা গৈছে । লগতে বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কোভিডত এটা মৃত্যুৰ ঘটনাও লাভ কৰা গৈছে ।

নিউজ ডেস্ক, ২৬ জুলাই : শেহতীয়াভাৱে ত্ৰিপুৰাত বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণত ৰাজ্যখনৰ পশ্চিম জিলা আটাইতকৈ বেছিকৈ প্ৰভাৱিত হৈছে (Covid situation of West District of Tripura worst) । বিগত 24 ঘণ্টাত ত্ৰিপুৰাত ধৰা পৰা 431 টা কোভিড পজিটিভ ঘটনাৰ ভিতৰত (431 covid positive cases in Tripura last 24 hours) উক্ত জিলাখনৰ পৰাই 100 টা কোভিড পজিটিভ ঘটনা পোৱা গৈছে । লগতে বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কোভিডত এটা মৃত্যুৰ ঘটনাৰ তথ্যও লাভ কৰা গৈছে ।

বিগত 24 ঘণ্টাত ত্ৰিপুৰাত 4,247 জন লোকৰ নমুনা পৰীক্ষা কৰা হয় । তাৰে ভিতৰত 431 জন ব্যক্তিৰ শৰীৰত কোভিড পজিটিভ পোৱা যায় । আনহাতে, এজন লোকৰ কোভিডত মৃত্যু হয় । ইয়াৰ লগতে আচৰিত কথাটো হৈছে, বৰ্তমান পশ্চিম জিলাৰ সৈতে দক্ষিণ জিলাতো কোভিড পজিটিভৰ ঘটনা বাঢ়িবলৈ আৰম্ভ কৰিছে । ত্ৰিপুৰা ৰাজ্যিক স্বাস্থ্য বিভাগৰ বুলেটিন অনুসৰি, বিগত ২৪ ঘণ্টাত ত্ৰিপুৰাৰ পশ্চিম জিলাত ১০০ জন লোক সংক্ৰমিত হৈছে ।

আনহাতে, চেপাহিজালা জিলাত ২৭ জন লোক, খোৱাই জিলাত ২৪ জন, গোমতী জিলাত ৬০ জন , দক্ষিণ জিলাত ৯৪ জন লোক সংক্ৰমিত হৈছে । ইয়াৰ উপৰি ধলাই জিলাত ৩৮ জন লোক সংক্ৰমিত হোৱাৰ বিপৰীতে উনাকোটি জিলাত ৪২ জন লোক সংক্ৰমিত হৈছে । আনহাতে, উত্তৰ জিলাত ৪২ জন লোক সংক্ৰমিত হৈছে ।

উল্লেখ্য, ত্ৰিপুৰাত কোভিড পজিটিভিটী হাৰ বৰ্তমান ১০.১৫ শতাংশলৈ বৃদ্ধি পাইছে । ইয়াৰ উপৰি মুঠ সংক্ৰমিতৰ ভিতৰত ৪৮৬ জন লোক সুস্থ হৈ উঠিছে । সুস্থতাৰ হাৰ ৯৬.৮৬ শতাংশলৈ হ্ৰাস পাইছে । বহু ৰোগী বৰ্তমানো চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । হোম আইছ'লেচন আৰু এজিএমচিৰ কোভিড কেয়াৰ চেণ্টাৰত থকা সক্ৰিয় ৰোগীৰ মুঠ সংখ্যা হৈছে 2,310 (total 2310 in home isolation and Covid Care Center) ।

লগতে পঢ়ক :Eklayva school in Tripura: ত্ৰিপুৰাত নিৰ্মাণকাৰ্য চলি আছে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ: মন্ত্ৰী ৰামপাদা জামাতিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.