Cyber Fraud : 2 লাখৰ আশাত 70,000 টকা হেৰুৱালে ত্ৰিপুৰাৰ এজন লোকে

author img

By

Published : Sep 4, 2021, 6:27 PM IST

Tripura Man loses Rs 70 000 in cyber fraud

অনলাইন প্ৰৱঞ্চকৰ প্ৰলোভনৰ জালত ভৰি দি সৰ্বস্বান্ত হ'ল ত্ৰিপুৰাৰ এজন লোক ৷ 2 লাখ টকাৰ ঋণৰ আশাত 70,000কৈ টকা হেৰুৱালে ত্ৰিপুৰাৰ আগৰতলাৰ এজন ব্যক্তিয়ে ৷ নিজকে বাজাজ ফাইনেঞ্চ (Bajaj finance)ৰ কাৰ্যবাহী বুলি চিনাকী দি প্ৰৱঞ্চকে লোকজনৰ পৰা digital wallet platformৰ জৰিয়তে লুটি নিয়ে 70,000 টকা ৷

আগৰতলা , 4 ছেপ্তেম্বৰ : অজ্ঞাত ব্যক্তিৰ পৰা অহা ফোনৰ ওপৰত ভৰসা কৰি ঋণৰ বাবে আবেদন কৰি সৰ্বস্বান্ত হ'ল আগৰতলাৰ এজন ব্যক্তি ৷ 2 লাখ টকাৰ ঋণৰ প্ৰলোভন দি অনলাইন প্ৰৱঞ্চকে ধনৰ অভাৱত ভোগা ব্যক্তিজনৰ পৰা প্ৰৱঞ্চনাৰে 70000 টকা সৰকাই নিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আগৰতলাৰ ৰামনগৰ অঞ্চল(Ramnagar area of Agartala)ৰ বাসিন্দা আৰু এগৰাকী চৰকাৰী কৰ্মচাৰী ৰাজেশ ভট্টাচাৰ্য নামৰ লোকগৰাকীক কোনো অজ্ঞাত লোকে ফোনযোগে যোগাযোগ কৰি নিজকে বাজাজ ফাইনেঞ্চ (Bajaj finance) কাৰ্যবাহী বুলি চিনাকী দিছিল ৷ ফোনযোগে ভট্টাচাৰ্যক জনোৱা হৈছিল যে, ব্যক্তিগত ঋণ(personal loan) হিচাপে তেওঁৰ বাবে 2 লাখ টকাৰ ঋণৰ পৰিমাণ মঞ্জুৰ কৰা হৈছে ৷

লগতে পঢ়ক : ত্ৰিপুৰাত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব ব্ৰাজিল সাংস্কৃতিক মহোৎসৱ

ইফালে নিজেও ঋণৰ সন্ধানত থকা ভট্টাচাৰ্যই অজ্ঞাত লোকজনক সঁহাৰি দি ঋণ গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰে আৰু তেওঁলোকে কোৱামতেই সকলোবোৰ কাম কৰি যায় ৷ প্ৰাপ্ত তথ্য অনুসৰি, নিজৰ বেংক একাউণ্টৰ তথ্য প্ৰদান কৰাৰ লগতে তেওঁ এক digital wallet platformৰ জৰিয়তে 70000 টকা প্ৰৱঞ্চকলৈ ট্ৰান্সফাৰ কৰে ৷ কিন্তু পাচত তেওঁক ফোন কৰা লোকজনে তেওঁক 2 লাখ টকা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে আৰু 12,000 টকাৰ দাবী কৰে ৷

ৰামনগৰ আউটপোষ্ট(Ramnagar outpost)ত সংবাদ মাধ্যমৰ সন্মুখত ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে, তেওঁ কিস্তিত 70000কৈ টকা ট্ৰান্সফাৰ কৰিছে ৷ প্ৰথমে তেওঁলোকে প্ৰচেছিং মাচুল(processing fee) হিচাপে ৩,৮০০ টকা বিচাৰিছিল ৷ তাৰ পিছত তেওঁলোকে অধিক টকা বিচৰাত ভট্টাচাৰ্যই 10,000, 15,000 আৰু 8,000 টকাৰ কিস্তিত মুঠ 70,000 টকা স্থানান্তৰ কৰিছিল ৷

লগতে পঢ়ক : কিশোৰী অপহৰণত অভিযুক্ত ত্ৰিপুৰা হিন্দু যুৱ পৰিষদৰ নেতা

অৱশেষত আৰু অধিক টকা বিচৰাত ভট্টাচাৰ্যই ধন দিবলৈ অস্বীকাৰ কৰে আৰু ইফালে নিজকে বাজাজ ফাইনেঞ্চ (Bajaj finance) কাৰ্যবাহী বুলি চিনাকী দিয়া লোকজনেও ভট্টাচাৰ্যক টকা পৰিশোধ কৰাৰ বাবে অস্বীকাৰ কৰে ৷ আৰক্ষীক অৱগত কৰিব বুলি সকিয়নী দিয়া স্বত্বেও তেওঁলোকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা বুলি ভট্টাচাৰ্যই জানিবলৈ দিছে ৷

প্ৰৱঞ্চকৰ ফোন নম্বৰ শ্বেয়াৰ কৰি তেওঁ সংবাদ মাধ্যমৰ সন্মুখতে তেওঁলোকলৈ ফোন কৰা স্বত্বেও কোনো ধৰণৰ ধন পৰিশোধ কৰাৰ বাবে তেওঁলোকে অস্বীকাৰ কৰে ৷ অপৰাধীক বিচাৰি উলিওৱাৰ বাবে চাইবাৰ চেলৰ সহায় ল'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে সদৰী কৰা মতে ফোন নম্বৰসমূহ trace কৰা হৈছে আৰু নম্বৰসমূহৰ অৱস্থান মুম্বাই দেখুৱাই আছে ৷

লগতে পঢ়ক : সৰ্প দংশনৰ ফলত ত্ৰিপুৰাত দুজন লোক চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.