ETV Bharat / bharat

চিপিআই(এম) ৰ অবৈধ দলীয় কাৰ্যালয়ত বিজেপি চৰকাৰৰ হাঁতোৰা

author img

By

Published : Mar 15, 2022, 2:02 PM IST

ত্ৰিপুৰাত চিপিআই(এম) দলে অবৈধভাৱে নিৰ্মাণ কৰিছে দলীয় কাৰ্যালয় (CPIM party illegally builds party office in Tripura) । এই অভিযোগ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ । যাৰ বাবে চিপিআই(এম)ৰ প্ৰায় ৯০০ অবৈধ কাৰ্যালয় চৰকাৰে ভাঙি দিছে । বিৰোধী চিপিআই(এম)ক জনবিৰোধী আখ্যা ।

Tripura
বিপ্লৱ কুমাৰ দেৱ

নেশ্যনেল ডেস্ক, ১৫ মাৰ্চ : শেহতীয়াকৈ ত্ৰিপুৰাত শাসকীয় বিজেপি আৰু পূৰ্বে শাসনত থকা চিপিআই(এম) দলৰ মাজত তীব্ৰ সংঘাত অব্যাহত আছে (Clashes between BJP and CPIM in Tripura) । কিছুদিন পূৰ্বে চিপিআই(এম) দলে অভিযোগ কৰা মতে, বিজেপি শাসনলৈ অহাৰ পাছত তেওঁলোকৰ বহু দলীয় কাৰ্যালয় বিজেপিৰ গুণ্ডাবাহিনীয়ে লণ্ড-ভণ্ড কৰিছে । এই অভিযোগৰ পাছতে মুখ খুলিছে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।

সোমবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিৰোধী চিপিআই(এম) দলে অবৈধভাৱে নিৰ্মাণ কৰা প্ৰায় ৯০০ টা কাৰ্যালয়ত উচ্ছেদ চলাইছে চৰকাৰে (Illegally constructed CPIM party office evicted) । মুখ্যমন্ত্ৰীগৰাকীৰ অভিযোগ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে কাৰ্যালয়সমূহ নিৰ্মাণ কৰিছিল চিপিআই(এম) দলে । প্ৰায় ২৫ বছৰ শাসনত থকা চিপিআই(এম) দলক সমালোচনা কৰি দেৱে কয় যে, ২০১৮ চনৰ পৰা চৰকাৰী ভূমিত অবৈধভাৱে তেওঁলোকে দলীয় কাৰ্যালয় নিৰ্মাণ কৰি আহিছে (CPIM party illegally builds party office in Tripura) ।

জিলা আৰু মহকুমা স্তৰত দলীয় কাৰ্যালয় নিৰ্মাণৰ বাবে চৰকাৰী ভূমি বেদখল কৰা কাৰ্যক গৰিহণা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে দলটোৰ এনে মানসিকতাক সমালোচনা কৰি চিপিআই (এম)ক জনবিৰোধী আখ্যা দিয়ে মুখ্যমন্ত্ৰী দেৱে । কেৱল এয়াই নহয় দলীয় কাৰ্যালয় নিৰ্মাণৰ নামত চিপিআই(এম) দলে জনসাধাৰণৰ ভূমি বলপূৰ্বকভাৱে দখল কৰাৰো অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আনহাতে, নিজ দলৰ প্ৰশংসা কৰি তেওঁ কয় যে, বিজেপি দলৰ এটা কাৰ্যালয়েও চৰকাৰী ভূমি বেদখল কৰি নিৰ্মাণ কৰা হোৱা নাই । শাসনত থকাৰ পাছতো চৰকাৰী ভূমি বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰা নাই বিজেপিয়ে । মাটি ক্ৰয় কৰিহে বিজেপিৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছে । সেয়ে বিজেপিৰ হাতত সকলো নথিপত্ৰও আছে ।

অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো প্ৰশংসা কৰে । যেনেদৰে উত্তৰ প্ৰদেশত মাফিয়াৰাজ বন্ধৰ বাবে চৰকাৰে পদক্ষেপ লৈছে, তেনেদৰে ত্ৰিপুৰা চৰকাৰো অবৈধ কাৰ্যকলাপৰ প্ৰতি শূন্য সহনশীল ।

লগতে পঢ়ক : Political violence in Tripura : ত্ৰিপুৰাত ৰাজনৈতিক হিংসাৰ ভয়ংকৰ তথ্য ফাদিল চিপিআই(এম)ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.