ETV Bharat / bharat

100 শতাংশ ভেকচিনেশ্যন সম্পূৰ্ণ কৰা প্ৰথমখন ৰাজ্য হ’ব ত্ৰিপুৰা: বিপ্লৱ দেৱ

author img

By

Published : Jul 28, 2021, 1:04 PM IST

28 জুলাইৰ ভিতৰত 100 শতাংশ ভেকচিনেশ্যন সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Biplab Kumar Deb) ৷ ইয়াৰ বাবে ৰাজ্যখনৰ মন্ত্ৰী, বিধায়কৰ লগতে উচ্চপদস্থ বিষয়াসকলক ভেকচিনেশ্যন চেন্টাৰসমূহ পৰিদৰ্শনৰ নিৰ্দশে দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Tripura first state to complete 100 percent vaccination: CM Biplab Deb
100 শতাংশ ভেকচিনেশ্যন সম্পূৰ্ণ কৰা প্ৰথমখন ৰাজ্য হ’ব ত্ৰিপুৰা: বিপ্লৱ দেৱ

আগৰতলা, 28 জুলাই : জুলাই 28 অৰ্থাৎ বুধবাৰৰ ভিতৰতে 100 শতাংশ ভেকচিনেশ্যনৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিল্পৱ কুমাৰ দেৱৰ ৷ সেই উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰকাীয়ে তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰী, বিধায়কৰ লগতে দলটোৰ নিৰ্বাচিত সদস্যসকলক নিজ নিজ সমষ্টিত ভেকচিনেশ্যন চেন্টাৰসমূহ পৰিদৰ্শনৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷ ইয়াৰ উপৰিও ভেকচিন গ্ৰহণৰ পৰা বাদ পৰা লোকসকলৰ বাবে 27 আৰু 28 জুলাইত বিশেষ ভেকচিনেশ্যন কাৰ্যসূচীও গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে ৷

Tripura first state to complete 100 percent vaccination: CM Biplab Deb
100 শতাংশ ভেকচিনেশ্যন সম্পূৰ্ণ কৰাৰ দিশে ত্ৰিপুৰা

এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Biplab Kumar Deb) কয়, ইতিমধ্যে ৰাজ্যৰ মন্ত্ৰী, বিধায়কৰ লগতে বিভিন্ন উচ্চপদস্থ বিষয়াই ভেকচিনেশ্যন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি নিজেই সকলো কথাৰ বুজ লৈছে ৷ ত্ৰিপুৰাৰ মুঠ জনসংখ্যাৰ 26 লাখ 24 হাজাৰ লোক 18 বছৰৰ উৰ্ধৰ ৷ ইয়াৰে 22 লাখ 46 হাজাৰ লোকে কৰ’ণা প্ৰতিষেধকৰ (Covid Vaccine) প্ৰথমটো পালি গ্ৰহণ কৰিছে ৷ এই বিশেষ কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ 100 শতাংশ সম্পূৰ্ণ কৰাৰ ৰেকৰ্ড গঢ়িব বিচাৰো ৷

ইয়াৰ লগতে দৰিদ্ৰ লোকসকলৰ বিপদৰ সময়ত সহায় ক্ষেত্ৰত ‘মেগা ডিজিটাইজেশ্যন ড্ৰাইভ’ৰ (Mega Digitization Drive) বাবে প্ৰধানমন্ত্ৰীৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে বিপ্লৱ কুমাৰ দেৱে ৷

লগতে পঢ়ক- প্ৰশান্ত কিশোৰ পৰিচালিত I-PACৰ 22 সদস্যক আটক

বৰ্তমান সময়ত দৰিদ্ৰ লোকসকলে ‘ডাইৰেক্ট বেনিফিট ট্ৰাঞ্চফাৰ’ (Direct Benefit Transfer) সুবিধাৰ দ্বাৰা পোনপটীয়াকৈ 1000 টকাকৈ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ক’ভিডৰ সময়ত আমি এম জি এনৰেগা (MGNREGA)ত সৰ্বাধিক 110 টকাকৈ প্ৰধান কৰিছো ৷ এইয়া কেৱল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবেহে সম্ভৱপৰ হৈছে ৷

Tripura first state to complete 100 percent vaccination: CM Biplab Deb
ভেকচিনেশ্যন কেন্দ্ৰ প্ৰদৰ্শন বিপ্লৱ দেৱৰ

"আমি 100 ভেকচিনেশ্যনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বদ্ধপৰিকৰ ৷ মই আশা কৰো 100 শতাংশ ভেকচিনেশ্যন সম্পূৰ্ণ হোৱৰা ৰাজ্যৰ ভিতৰত প্ৰথম হওক ত্ৰিপুৰা ৷ ইয়াক বাস্তবায়িত কৰাৰ বাবে দিনে-নিশাই নিজৰ জীৱনকো সংকটত পেলোৱা চিকিৎসাকৰ্মী সকল ধন্যবাদৰ পাত্ৰ ৷"

ইয়াৰ উপৰিও ক’ভিডৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত কি কি পদক্ষেপ গ্ৰহণ কৰিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁৰ চৰকাৰেখনে 579 কোটি টকাৰ পেকেজ ঘোষণা কৰিছে ৷ ইয়াৰ উপৰিও গ্ৰাম্য অৰ্থনীতি সবল কৰি ৰক্ষাৰ ক্ষেত্ৰত কৃষকসকলেও প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক- ভূমি বিবাদ : ব্ৰু-হালম সংঘৰ্ষত উত্তপ্ত ত্ৰিপুৰাৰ ডামছেৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.