ETV Bharat / bharat

টীকাকৰণ অভিযান ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 12, 2021, 1:41 PM IST

ত্ৰিপুৰাত এই পৰ্যন্ত জনসংখ্যাৰ অনুপাতে ক’ভিডৰ প্ৰতিষেধক (Covid vaccine) প্ৰদান কৰাৰ ক্ষেত্ৰত দেশত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ ত্ৰিপুৰাত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলৰ বাবে টীকাকৰণ অভিযান (Vaccination drive) ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Biplab Deb) ৷

as-ntl-tripura-cm-orders-to-accelerate-the-vaccination-drive-in-the-state-img
টীকাকৰণ অভিযান (Vaccination drive) ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

আগৰতলা, 12 জুন : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Biplab Deb) শনিবাৰে স্বাস্থ্য বিভাগৰ বিষয়াসকলক ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ বাবে ২.৫ লাখ ভেকচিনৰ পালি আৱণ্টন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ৰাজ্যখনে এতিয়ালৈকে জনসংখ্যাৰ অনুপাতে প্ৰতিষেধক প্ৰদান কৰাৰ ক্ষেত্ৰত দেশত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Biplab Deb) অসামৰিক সচিবালয়ত ৰাজ্যখনৰ টীকাকৰণ অভিযান সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰি বিষয়াসকলক ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলৰ বাবে টীকাকৰণ অভিযান (Vaccination drive) ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীৰ অফিচিয়েল ফেচবুক হেণ্ডেলৰ এটা পোষ্টত উল্লেখ কৰা হৈছে এই কথা ।

as-ntl-tripura-cm-orders-to-accelerate-the-vaccination-drive-in-the-state-img
টীকাকৰণ অভিযান (Vaccination drive) ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

ইয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে বৈঠকখনত প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ পৰামৰ্শ দিয়ে যাতে মহামাৰীৰ সময়ত স্বাস্থ্যসেৱা প্ৰদান প্ৰণালী সুচাৰুৰূপে মানুহৰ দুৱাৰমুখলৈ যাব পাৰে ।

"প্ৰণালীটো সুশৃংখল কৰাৰ প্ৰয়োজন । প্ৰয়োজন হ'লে ক’ভিডৰে চলা এই যুঁজ চম্ভালিবলৈ অধিক শিক্ষকক অন্তৰ্ভুক্ত কৰা হ’ব । থলুৱা অধ্যুষিত জনপদসমূহত অধিকসংখ্যক লোকক টীকাকৰণৰ বাবে অগ্ৰাধিকাৰ দিয়া উচিত", মুখ্যমন্ত্ৰীৰ পোষ্টত উল্লেখ কৰিছে এই কথা ৷

তদুপৰি ক’ভিড টেষ্টৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে বুলিও সামাজিক মাধ্যমৰ পোষ্টটোত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক: ত্ৰিপুৰাত চৰকাৰী কাৰ্যালয়ত বিজেপি কৰ্মীৰ তাণ্ডৱৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.