Tripura CM planning : ত্ৰিপুৰাত প্ৰতিখন জিলাত ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jul 19, 2022, 4:48 PM IST

a

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ সাহাই কয় যে, ৰাজ্য চৰকাৰে ৰাজ্যখনৰ আঠখন জিলাৰ প্ৰতিখনতে কমেও এটাকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা চিন্তা কৰি আছে (constructing eight stadium in Tripura) । উল্লেখ্য, মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহা একালত নিজেও এগৰাকী খেলুৱৈ আছিল ।

নিউজ ডেস্ক, ১৯ জুলাই : ক্ৰীড়াৰ ক্ষেত্ৰত অধিক মনোনিবেশ কৰিছে ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই (Tripura CM Manik Saha focusing on sports) । যাৰ বাবে ৰাজ্যখনত ক্ৰীড়া আন্তঃগাঁথনি অধিক সুদৃঢ় কৰাৰ পদক্ষেপ হাতত লৈছে । ৰাজ্যখনৰ প্ৰতিখন জিলাতেই ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়ন তথা বৃদ্ধিৰ উদ্দেশ্যেই এই পদক্ষেপ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাৰ ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ সাহাই এই সন্দৰ্ভত কয় যে, ৰাজ্য চৰকাৰে ৰাজ্যখনৰ আঠখন জিলাৰ প্ৰতিখনতে কমেও এটাকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা চিন্তা কৰি আছে (constructing eight stadium in Tripura) । উল্লেখ্য, মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহা একালত নিজেও এগৰাকী খেলুৱৈ আছিল । ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ সাহাই কয় (state level sports man Dr Manik Saha) যে, এনে ধৰণৰ পদক্ষেপে যুৱক-যুৱতীসকলক খেল আৰু ক্ৰীড়াৰ সৈতে জড়িত হোৱাত সহায় কৰিব ।

আগৰতলাত এক কাৰ্যসূচী উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে সোমবাৰে কয় যে, তেওঁৰ চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া খণ্ডৰ উন্নতিৰ লগতে ক্ৰীড়া আন্তঃগাঁথনিৰ বিকাশৰ বাবে কেইবাটাও পৰিকল্পনা গ্ৰহণ কৰিছে (Tripura Government taken plans to develop sports infrastructure) ।

তেওঁ লগতে কয় যে, ৰাজ্য চৰকাৰ আৰু ক্ৰীড়া বিভাগৰ মিলিত প্ৰচেষ্টাৰে ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰ উপ-সংমণ্ডলৰ চন্দ্ৰপুৰত সংশ্লেষিত ফুটবল টাৰ্ফ (synthetic football turf) স্থাপন কৰা হৈছে । তেওঁ জানিবলৈ দিয়ে যে 'খেলো ইণ্ডিয়া' (Khelo India) কাৰ্যসূচীৰ অধীনত খোৱাই জিলাত শীঘ্ৰেই আন এটা সংশ্লেষিত ফুটবল টাৰ্ফৰ কাম আৰম্ভ হ'ব । ইয়াৰ বাবে ৫ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ উপৰি, পানীসাগৰ 'খেলো ইণ্ডিয়া' কাৰ্যসূচীৰ অধীনত প্ৰায় ৫ কোটি টকা ব্যয়েৰে এটা ছুইমিং পুল নিৰ্মাণৰ কামো আৰম্ভ কৰা হ'ব (construction of swimming pool) ।

মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই লগতে কয়, "আগৰতলাৰ বধৰঘাট দশৰথদেৱ ক্ৰীড়া কমপ্লেক্সত (Badharghat Dashrathdev Sports Complex Agartala) ইতিমধ্যে তিনিখন সংশ্লেষিত টেনিছ কোৰ্ট (synthetic tennis courts) নিৰ্মাণ কৰা হৈছে । আনহাতে, ৰাজ্যখনৰ বিভিন্ন খণ্ড, মহকুমা আৰু জিলাত ২০৬ টা প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰা হৈছে ।"

লগতে পঢ়ক :Covid cases increase in Tripura: ত্ৰিপুৰা অসামৰিক প্ৰশাসনৰ গণ সজাগতা শিবিৰ, মাস্ক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.