ETV Bharat / bharat

Covid cases increase in Tripura: ত্ৰিপুৰা অসামৰিক প্ৰশাসনৰ গণ সজাগতা শিবিৰ, মাস্ক বিতৰণ

author img

By

Published : Jul 18, 2022, 5:32 PM IST

a
a

ত্ৰিপুৰা অসামৰিক প্ৰশাসনে ৰাজ্যখনৰ লগতে আগৰতলাতো এক বৃহৎ সজাগতা অভিযান আৰম্ভ কৰিছে (Tripura civil administration awareness campaign of Covid) । দৈনিক কৰোনা সংক্ৰমণ ক্ৰমাগতভাৱে বৃদ্ধি হ'বলৈ আৰম্ভ কৰাত ৰাজ্যখনৰ দৈনিক কোভিড পজিটিভৰ সংখ্যা শীঘ্ৰেই ৩০০ৰ ঘৰ অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে (Covid positive cases in Tripura soon cross 300) ।

নিউজ ডেস্ক, ১৮ জুলাই : দৈনিক কোভিড সংক্ৰমণৰ ঘটনা তীব্ৰ গতিত বৃদ্ধি হোৱাৰ ফলত ত্ৰিপুৰা অসামৰিক প্ৰশাসনে ৰাজ্যখনৰ লগতে আগৰতলাতো এক বৃহৎ সজাগতা অভিযান আৰম্ভ কৰিছে (Tripura civil administration awareness campaign of Covid) । দৈনিক কৰোনা সংক্ৰমণ ক্ৰমাগতভাৱে বৃদ্ধি হ'বলৈ আৰম্ভ কৰাত ৰাজ্যখনৰ দৈনিক কোভিড পজিটিভৰ সংখ্যা শীঘ্ৰেই ৩০০ৰ ঘৰ অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে (Covid positive cases in Tripura soon cross 300) । অৱশ্যে প্ৰশাসনে এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোনো সিদ্ধান্ত লোৱা নাই । বিগত 24 ঘণ্টাত ৰাজ্যখনত 290 জনতকৈ অধিক লোক নতুনকৈ সংক্ৰমিত হৈছে । ফলত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 1, 282 ।

এইটো হৈছে চলিত বছৰৰ সৰ্বাধিক সংখ্যক দৈনিক সংক্ৰমণৰ ঘটনা । ইয়াৰ মাজতে এজন লোকৰ মৃত্যুও হৈছে । আনহাতে, আজিৰ দিনটোত 2,546 টা নমুনা পৰীক্ষা কৰা হয় । ইয়াৰে ভিতৰত ২৯০ জন লোকৰ ক্ষেত্ৰত সংক্ৰমণ পোৱা যায় । সচৰাচৰৰ দৰে পশ্চিম জিলাই 157 টা পজিটিভ ঘটনাৰ সৈতে সংক্ৰমণৰ শীৰ্ষস্থান দখল কৰিছে । ইফালে পশ্চিম জিলাত আৰু ১৫৭ জন নতুনকৈ সংক্ৰমিত হৈছে । ইয়াৰ উপৰি চেপাহিজালা জিলাত ৩৩ জন, গোমতী জিলাত ২৬ জন, খোৱাই জিলাত ১২ জন, দক্ষিণ জিলাত ২০ জন, ধলাই জিলাত ১৫ জন, উনাকোটি জিলাত ৬ জন আৰু উত্তৰ জিলাত ২১ জন লোক সংক্ৰমিত হৈছে । সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ কি পদক্ষেপ লোৱা হ'ব সেই সন্দৰ্ভত এজন প্ৰশাসনিক বিষয়াই কয় যে তেওঁলোকে ৰাজ্যজুৰি এক গণ সজাগতা শিবিৰ চলাই আছে (mass awareness camp for covid in Tripura) ।

"আমি সমগ্ৰ ৰাজ্যতে বিশেষকৈ বজাৰ সমিতিৰ সৈতে বজাৰত গণ সজাগতা শিবিৰ অনুষ্ঠিত কৰি আছোঁ আৰু মাস্ক বিতৰণ কৰি আছোঁ । আমি আগৰতলা চহৰৰ আশে-পাশে থকা ক্লাবসমূহৰ সৈতেও বৈঠক পাতিছোঁ আৰু কোভিডৰ উপযুক্ত আচৰণবিধি বজাই ৰখাৰ বাবে সজাগতা শিবিৰ অনুষ্ঠিত কৰিছোঁ (maintain covid appropriate behaviors) । লগতে অধিক সজাগতা সৃষ্টি কৰিবৰ বাবে আগবাঢ়িছোঁ " তেওঁ কয় । তেওঁ লগতে এইটোও কয় যে যদি মানুহে আচৰণবিধি অনুসৰণ নকৰে আৰু মাস্ক নিপিন্ধে তেন্তে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব । প্ৰশাসনে অৱশ্যে ইয়াকো জনায় যে ৰাথা যাত্ৰা আৰু খাৰ্চি মেলা কোভিড পজিটিভিটী ঘটনা বৃদ্ধিৰ এনে ধৰণৰ প্ৰৱণতাৰ অন্যতম কাৰণ (Covid positive cases increase in Tripura) ।

অৱশ্যে চৰকাৰী সূত্ৰ মতে, জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলে এতিয়াও পৰিস্থিতিৰ ওপৰত কোনো সিদ্ধান্ত লোৱা নাই । "আমি সাধাৰণ লোকসকলক বজাৰ, মল আদি ৰাজহুৱা স্থানত মাস্ক পিন্ধিবলৈ অনুৰোধ কৰি আহিছোঁ, কিন্তু চৰকাৰী প্ৰশাসনৰ আবেদন আৰু অনুৰোধক মানুহে উপেক্ষা কৰি থকা দেখা গৈছে (common people to wear masks in public places) । আৰু যদি এইটো অব্যাহত থাকে তেন্তে আমি জৰিমনা বিহিবলৈ বাধ্য হ'ম " বিষয়াজনে কয় ।

লগতে পঢ়ক :Covid vaccination in India: ক'ভিড টিকাকৰণৰ 200 কোটি পালি সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.