ETV Bharat / bharat

ত্ৰিপুৰাত গৰু চুৰিৰ সন্দেহত গণ প্ৰহাৰ: প্ৰাণ গ’ল তিনি যুৱকৰ

author img

By

Published : Jun 21, 2021, 10:11 AM IST

ত্ৰিপুৰাৰ খোৱাই জিলাত তিনি যুৱকক গৰু চুৰিৰ সন্দেহত উন্মত্ত জনতাৰ প্ৰহাৰ ৷ ত্ৰিপুৰাৰ কল্যাণপুৰ উপ-সংমণ্ডলৰ অন্তৰ্গত উত্তৰ মহাৰাণীপুৰ এডিচি গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

tripura-cattle-lifters
ত্ৰিপুৰাত গৰু চুৰিৰ সন্দেহত গণ প্ৰহাৰ: প্ৰাণ গ’ল তিনি যুৱকৰ

আগৰতলা, 21 জুন : ত্ৰিপুৰাৰ খোৱাই জিলাত দেওবাৰে গণ প্ৰহাৰত প্ৰাণ গ’ল তিনি যুৱকৰ ৷ ঘটনাটো সংঘটিত হৈছিল ত্ৰিপুৰাৰ কল্যাণপুৰ উপ-সংমণ্ডলৰ অন্তৰ্গত উত্তৰ মহাৰাণীপুৰ এডিচি গাঁৱত ৷ গৰু চুৰিৰ সন্দেহত উন্মত্ত জনতাৰ প্ৰহাৰত তিনি যুৱকৰ প্ৰাণ যোৱা ঘটনাই দেশ জুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ উল্লেখ্য যে, উক্ত ঘটনাত প্ৰাণ হেৰুওৱা যুৱককেইজন চেপাহিজালা জিলাৰ অন্তৰ্গত সোনামুৰা উপ-বিভাগৰ জাহেদ হোছেইন (২৮), বিল্লাল মিয়া (৩০) আৰু চাইফুল ইছলাম (১৮) বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিবৰণ অনুসৰি, ইতিপূৰ্বে উত্তৰ মহাৰাণীপুৰ এডিচি গাঁৱত গৰু চুৰি হৈছিল আৰু এই ঘটনাত অত্যন্ত ক্ষোভিত হৈ আছিল স্থানীয় লোকসকল ৷ দেওবাৰে তিনিজন অচিনাক্ত যুৱকক অঞ্চলটোত সন্দেহজনকভাৱে ঘূৰি ফুৰা দেখিছিল স্থানীয় লোকসকলে । অভিযোগ অনুসৰি যুবককেইজনে এখন মিনি ট্ৰাকত গৰু কঢ়িয়াই আনিছিল ৷ উক্ত ঘটনাৰ পটভূমিত ক্ষুব্ধ হৈ ক্ৰোধিত জনতাই যুৱক কেইজনৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ চলাইছিল ।

বিষয়টো সন্দৰ্ভত খবৰ লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱক কেইজনক উদ্ধাৰ কৰে ৷ জনতাৰ আক্ৰমণৰ ফলত আঘাতপ্ৰাপ্ত হোৱা যুৱককেইজনক ততাতয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিওঁ চিকিৎসকসকলে তেওঁলোকক মৃত বুলি ঘোষণা কৰে ৷ আৰক্ষীয়ে মিনি ট্ৰাকসহ পাঁচটা গৰু জব্দ কৰে ।

লগতে পঢ়ক : মোডী মন্ত্ৰীসভাত সোণোৱালৰ অন্তৰ্ভুক্তি অসমৰ বাবে ইতিবাচক খবৰ হ’ব : কুইন ওজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.