ETV Bharat / bharat

দুই হত্যাকাৰীক মৃত্যুদণ্ডৰ শাস্তি উত্তৰ ত্ৰিপুৰা জিলা আৰু সত্ৰ ন্যায়ালয়ৰ

author img

By

Published : Mar 26, 2021, 4:06 PM IST

২০১৬ চনৰ ১৮ জুলাইত অজিৰুদ্দিন নামৰ লোকজনক নৃশংসভাৱে হত্যা কৰা হৈছিল । অজিৰুদ্দিনৰ পত্নী নাজৰিমা বেগমৰ ফাইজুল জালাল নামৰ এগৰাকী ব্যক্তিৰে সৈতে থকা অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা গম পোৱাত পত্নী আৰু ফাইজুলে অজিৰুদ্দিনক তেওঁৰ কোঠাৰ ভিতৰতে জ্বলাই নৃশংসভাৱে হত্যা কৰিছিল । অৱশেষত উত্তৰ ত্ৰিপুৰা জিলা আৰু সত্ৰ ন্যায়ালয়ে বৃহস্পতিবাৰে দুয়োজন হত্যাকাৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে ।

Tripura_capital_pubishment
দুই হত্যাকাৰীক মৃত্যুদণ্ডৰ শাস্তি উত্তৰ ত্ৰিপুৰা জিলা আৰু সত্ৰ ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, ২৬ মাৰ্চ: অৱশেষত উত্তৰ ত্ৰিপুৰা জিলা আৰু সত্ৰ ন্যায়ালয়ে বৃহস্পতিবাৰে দুই হত্যাকাৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে । ২০১৬ চনৰ ১৮ জুলাইত অজিৰুদ্দিন নামৰ লোকজনক নৃশংসভাৱে হত্যা কৰা হৈছিল । অজিৰুদ্দিনৰ পত্নী নাজৰিমা বেগমৰ ফাইজুল জালাল নামৰ এগৰাকী ব্যক্তিৰে সৈতে থকা অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা গম পোৱাত পত্নী আৰু ফাইজুলে অজিৰুদ্দিনক তেওঁৰ কোঠাৰ ভিতৰতে জ্বলাই নৃশংসভাৱে হত্যা কৰিছিল । কদমতলা আৰক্ষী থানাৰ অন্তৰ্গত ৰাজনগৰৰ কুৰ্টি গাঁৱত এই জঘন্য ঘটনা সংঘটিত হৈছিল ।

উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ এদিন পাচত ভুক্তভোগীৰ পিতৃয়ে কদমতলা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিত্তিত দুইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । উপ-পৰিদৰ্শক পিয়ুষ কান্তি সাহাই গোচৰটোৰ সম্পূৰ্ণ তদন্ত কৰি আদালতত অভিযোগনামা দাখিল কৰিছিল । অৱশেষত, উত্তৰ ত্ৰিপুৰা জিলা আৰু সত্ৰ আদালতে দুই অভিযুক্তক ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩০২, ৩০১ আৰু ১২০(বি)ৰ অধীনত দোষী হিচাপে চিনাক্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে ।

লগতে পঢ়ক: মনছুখ হিৰেণ হত্যাকাণ্ড: বিলাসী বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.