ETV Bharat / bharat

Porn watching in Assembly: বিধানসভাৰ ভিতৰত অশ্লীল ভিডিঅ’ চোৱাত ব্যস্ত এগৰাকী বিজেপি বিধায়ক

author img

By

Published : Mar 30, 2023, 5:24 PM IST

ত্ৰিপুৰা বিধানসভাত এগৰাকী বিজেপি বিধায়কে অশ্লীল ভিডিঅ’ চাই থকাৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ সোমবাৰে সংঘটিত হৈছিল এই ঘটনা ৷ বিজেপি বিধায়কগৰাকীৰ নাম যাদৱ লাল নাথ বুলি জানিব পৰা গৈছে (Tripura MLA caught watching porn) ৷

Porn watching in Assembly
বিধানসভাৰ ভিতৰত অশ্লীল ভিডিঅ’ চোৱাত ব্যস্ত এগৰাকী বিজেপি বিধায়ক

নেশ্যনেল ডেস্ক, 30 মাৰ্চ: ত্ৰিপুৰাৰ বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে অশ্লীল ছবি চোৱাত ব্যস্ত এগৰাকী বিধায়ক ৷ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’ ৷ অশ্লীল ছবি চাই থকা অৱস্থাত প্ৰত্যক্ষ কৰা লোকজন বিজেপি বিধায়ক যাদৱ লাল নাথ (Tripura BJP MLA Jadab Lal Nath) বুলি জানিব পৰা হৈছে ৷ পূৰ্বৰ কমিউনিষ্ট দলৰ নেতা যাদৱ লালে 2018 চনত যোগদান কৰিছিল বিজেপিত (Tripura MLA watching porn in assembly) ৷

বিধানসভাৰ অধিৱেশত কোনো এগৰাকী বিধায়কে ভাষণ প্ৰদান কৰি থকাৰ সময়তে নিজৰ ম’বাইলত একান্তমনে অশ্লীল ভিডিঅ’ চোৱাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গ’ল বিজেপি বিধায়ক যাদৱ লালক ৷ সোমবাৰে বিধানসভা অধিৱেশনত সংঘটিত হৈছিল এই ঘটনা ৷ বুধবাৰৰ নিশাৰ পৰা সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈ পৰিছে এই ভিডিঅ’ (Porn watching in Tripura assembly) ৷

এগৰাকী জনপ্ৰতিনিধিয়ে অধিৱেশন চলি থকাৰ মাজতে এইদৰে অশ্লীল ভিডিঅ’ চাই থকা কাৰ্যত ৰাজ্যখনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ ত্ৰিপুৰাৰ নেটিজেনে এই কাৰ্যক অতি লজ্জাজনক বুলি আখ্যা দিছে ৷ ইফালে, বিধায়ক যাদৱ লালৰ এই কৰ্মকাণ্ডৰ বিষয়ে বিধানসভাৰ অধ্যক্ষক অৱগত কৰাৰ পাচতো কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ অভিযোগ উত্থাপন হৈছে (BJP MLA watched porn in assembly) ৷

উল্লেখ্য যে, 2018 চনত যাদৱ লালে চিপিআইএমৰ প্ৰাৰ্থী ৰমেন্দ্ৰ চন্দ্ৰ দেৱনাথৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও পৰাজয়বৰণ কৰিছিল ৷ কিন্তু শেহতীয়া ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত বাগবাছা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে ৷ এইগৰাকী যাদৱ লালেই সোমবাৰে বিধানসভা অধিৱেশৰ মাজতে হাতত টেবলেট লৈ অশ্লীল ভিডিঅ’ চোৱাত ব্যস্ত হৈ পৰিল (Tripura MLA caught watching porn) ৷

পূৰ্বেও ভাৰতৰ ৰাজনীতিত বিধানসভাৰ ভিতৰত জনপ্ৰতিনিধিয়ে অশ্লীল ভিডিঅ’ চোৱাৰ ঘটনা সংঘটিত হৈছে ৷ আনহাতে 2022 চনত ব্ৰিটেইনৰ এগৰাকী জনপ্ৰতিনিধিয়ে বিধানসভাত অশ্লীল ভিডিঅ’ চোৱাৰ বাবে তেওঁৰ পদ খাৰিজ কৰা হৈছিল ৷ নীল পেৰিছ নামৰ জনপ্ৰতিনিধিগৰাকীয়ে নিজেই স্বীকাৰ কৰিছিল সদনত অশ্লীল ভিডিঅ’ চোৱাৰ কথা ৷

লগতে পঢ়ক: EC press meet: 2022-2023 চনৰ নিৰ্বাচনত বিভিন্ন ৰাজ্যৰ পৰা জব্দ মুঠ 1028 কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.