ETV Bharat / bharat

Tripura Assembly Elections 2023 : শান্তিপূৰ্ণভাৱে ত্ৰিপুৰাত চলি আছে ভোটগ্ৰহণ

author img

By

Published : Feb 16, 2023, 1:55 PM IST

নিৰ্বাচন আয়োগৰ তথ্য মতে ১ বজালৈ ৫০.৪০ শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছে (Tripura assembly election voting)। ৬০ আসনৰ বাবে অনুষ্ঠিত হৈছে ত্ৰিপুৰা বিধান সভা নিৰ্বাচন । ৩,৩৫৭ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ভোটকেন্দ্ৰবোৰত কটকটীয়া নিৰাপত্তা বেষ্টনী ।

Tripura Assembly Elections 2023
শান্তিপূৰ্ণভাৱে ত্ৰিপুৰাত চলি আছে ভোটগ্ৰহণ

নেশ্যনেল ডেস্ক,১৬ ফেব্ৰুৱাৰী : আজি ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন (Tripura Assembly Elections 2023)। পুৱাৰে পৰা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । নিৰ্বাচনী আয়োগৰ মতে পুৱা ৯ বজালৈকে ৩১ শতাংশতকৈও অধিক ভোটগ্ৰহণ সম্পন্ন হৈছে । আয়োগৰ মতে, ১১ বজালৈকে ৩২.০৬ শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছে । ইফালে নিৰ্বাচন আয়োগৰ মতে, দুপৰীয়া ১ বজালৈকে ৫০.৪০ শতাংশ ভোটগ্ৰহণ হৈছে ।

উল্লেখ্য যে পুৱা ৭ বজাৰ লগে লগে ৬০ আসনৰ ত্ৰিপুৰা বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয় (Tripura assembly seats)। নিৰ্বাচনৰ বাবে ৰাজ্যখনত মুঠ ৩,৩৫৭ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ভোট ২ মাৰ্চত গণনা কৰা হ'ব (Tripura assembly election results date)। ইফালে ভোটাৰসকলে ভোট প্ৰদানৰ বাবে পুৱাৰে পৰা শাৰীত আগ্ৰহেৰে অপেক্ষা কৰি থকা গৈছে ।

ইফালে ৰাজনৈতিক দলসমূহৰ বুথ এজেণ্টসকলে মক পোলৰ জৰিয়তে ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) পৰীক্ষা কৰাৰ পাছতে ভোটগ্ৰহণ আৰম্ভ হৈছে । ভোটকেন্দ্ৰবোৰৰ বাহিৰতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । প্ৰতিটো কেন্দ্ৰৰে বাহিৰত যথেষ্ট সংখ্যক নিৰাপত্তা কৰ্মী নিয়োগ কৰা হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ত্ৰিপুৰাৰ জনসাধাৰণক অভিলেখ সংখ্যক ভোট দিবলৈ আহ্বান জনাইছে । বিশেষকৈ যুৱক-যুৱতীসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে টুইটযোগে আহ্বান জনাইছে (PM tweet on Tripura election)।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও ত্ৰিপুৰাৰ জনসাধাৰণক কোনো ভয় নোহোৱাকৈ ভোট দিবলৈ আহ্বান জনাইছে । ৰাইজক পৰিৱৰ্তনৰ বাবে একত্ৰিত হ'বলৈ তেওঁ আহ্বান জনাইছে । যুৱসমাজক ওলাই আহি গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰি শান্তি আৰু প্ৰগতিৰ বাবে ভোট দিবলৈ আন্তৰিকতাৰে অনুৰোধ জনাইছে কংগ্ৰেছৰ সভাপকিগৰাকীয়ে ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাইও সকলোকে শান্তিপূৰ্ণভাৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । তেওঁ এশ শতাংশ আত্মবিশ্বাসী যে বিজেপিয়ে নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব । দলটোৱে যোৱাবাৰতকৈ অধিক আসন পাব বুলিও তেওঁ বিশ্বাসী । মহাৰাণী তুলসীবাটী ছোৱালী বিদ্যালয়ৰ এটা ভোটকেন্দ্ৰত উপস্থিত হৈ তেওঁ সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে । ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰেও ভোটদান কৰা দেখা গৈছে (Tripura CM on election voting)।

ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী কিৰণ গিটে নিৰ্বাচনত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীয়ে (বিএছএফ) পৰীক্ষা কৰি থকা সীমান্ত অঞ্চলত বাস কৰা ভাৰতীয় নাগৰিকৰ এখন ফটো শ্বেয়াৰ কৰিছে । আন্তৰ্জাতিক সীমান্ত অঞ্চলৰ ভোটাৰসকলে তেওঁলোকৰ ভোট দান কৰাৰ এটা দৃশ্য বুলি তেওঁ টুইটযোগে শ্বেয়াৰ কৰিছে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী মানিক সাহাই টাউন বৰদোৱালী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে আৰু তেওঁৰ দলৰ সহকৰ্মী তথা কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে ধনপুৰ আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে । চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে চাব্ৰুম বিধানসভা আসনৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে । তেওঁ বাওঁপন্থী আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ।

ইফালে ৰাজ্যখনত তিনিকোণীয়া প্ৰতিযোগিতা চলি আছে য'ত শাসকীয় বিজেপিয়ে এফালে বাওঁপন্থী আৰু কংগ্ৰেছ মিত্ৰজোঁট আৰু আনফালে টিপ্ৰা মোথা অৱতীৰ্ণ হৈছে । ত্ৰিপুৰাৰ ৰাজপৰিয়াল সদস্য প্ৰদ্যুত দেব্বাৰ্মাৰ আঞ্চলিক দল টিপ্ৰা মোথাই টিপ্ৰালেণ্ড ৰাজ্যৰ দাবীক নিৰ্বাচনী অস্ত্ৰ হিচাপে লৈ যুঁজত অৱতীৰ্ণ হৈছে । দেব্বৰ্মা নিজে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই যদিও দলটোৱে ৪২ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে (TIPRA Motha party)।

বিজেপিয়ে ৫৫ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে আনহাতে তেওঁলোকৰ সহযোগী আইপিএফটিয়ে ৬ টা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিছে । চিপিআই(এম) দলে ৪৭ খন আসনত মনোনীত লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আনহাতে মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছে ১৩ টা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিছে । তৃণমূল কংগ্ৰেছে ২৮ টা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিছে । নিৰ্বাচনত ৫৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে । শাসকীয় বিজেপিয়ে সৰ্বাধিক সংখ্যক ১২ গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক :Tripura Assembly Elections 2023: মোডী-শ্বাহৰ বাবে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন হৈ পৰিছে সন্মানৰ যুঁজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.