ETV Bharat / bharat

Balasore train accident: মঙলবাৰে সম্পন্ন হ’ব 28 টা অচিনাক্ত মৃতদেহৰ শেষকৃত্য

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 9:46 AM IST

Balasore train accident
মঙলবাৰে সম্পন্ন হ’ব 28 টা অচিনাক্ত মৃতদেহৰ শেষকৃত্য

মঙলবাৰে সম্পন্ন কৰা হ’ব জুন মাহত ওড়িশাৰ বালাছোৰ জিলাত সংঘটিত হোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা 28 টা অচিনাক্ত মৃতদেহৰ শেষকৃত্য ৷ দেওবাৰে ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ ভুৱনেশ্বৰ পৌৰ নিগমৰ মেয়ৰ সুলোচনা দাসে সংবাদ মাধ্যমৰ আগত জনায় এই কথা ৷

নেশ্যনেল ডেস্ক, 9 অক্টোবৰ: জুন মাহত ওড়িশাৰ বালাছোৰ জিলাত সংঘটিত হোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা 28 টা অচিনাক্ত মৃতদেহৰ শেষকৃত্যৰ বাবে দেওবাৰে ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ ভুৱনেশ্বৰৰ AIIMS ত ৰখা অচিনাক্ত মৃতদেহবোৰ সঠিকভাৱে শেষকৃত্যৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (CBI)য়ে খুৰদা জিলা উপায়ুক্তক অনুৰোধ জনোৱাৰ পিছতে ভুৱনেশ্বৰ পৌৰ নিগমে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰে ।

উল্লেখ্য যে, ওড়িশাৰ বালাছোৰ জিলাত হোৱা ৰেল দুৰ্ঘটনাৰ ফলত 297 জন লোকৰ প্ৰাণহানি হৈছিল আৰু ইয়াৰে চাৰি মাহৰ পাছতো 28 টা মৃতদেহ চিনাক্ত নোহোৱাত দেওবাৰে ভুৱনেশ্বৰ পৌৰ নিগমৰ কৰ্তৃপক্ষই শেষকৃত্যৰ বাবে যথাযথ ব্যৱস্থা আৰম্ভ কৰে ।

ভুৱনেশ্বৰ পৌৰ নিগমৰ মেয়ৰ সুলোচনা দাসে সংবাদ মাধ্যমৰ আগত কয়, "চিবিআই বিষয়াৰ উপস্থিতিত মৃতদেহসমূহ নিগমক গতাই দিয়া হ’ব আৰু মঙলবাৰে আমি শ্মশানৰ পৰিকল্পনা কৰিছো ।"

সূত্ৰসমূহে জনোৱা মতে, ৰে’ল দুৰ্ঘটনাৰ তদন্ত চলাই অহা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই খুৰদা জিলা উপায়ুক্তলৈ পত্ৰ লিখি মৃতদেহসমূহ বৈজ্ঞানিকভাৱে নিষ্কাশন কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতে বিএমচিয়ে এই প্ৰক্ৰিয়া আৰম্ভ কৰে । জুন মাহত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা মৃতদেহকেইটা ভুৱনেশ্বৰৰ AIIMS ত ৰখা হৈছিল ।

আনহাতে বিএমচিয়ে এইমছৰ পৰা সত্যনগৰ আৰু ভৰতপুৰৰ শ্মশানলৈ মৃতদেহসমূহ সুকলমে পৰিবহণৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে । এইমছৰ ভুৱনেশ্বৰৰ সঞ্চালকে মৃতদেহ দাহ কৰাৰ বাবে ৰাজ্য, কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিয়ম-নিৰ্দেশনা অনুসৰণ কৰি আনুষ্ঠানিকভাৱে মৃতদেহসমূহ বিএমচিৰ স্বাস্থ্য বিষয়াক গতাই দিব বুলিও তেওঁ জনায় ।

বিএমচিয়ে জাৰি কৰা এছঅ’পি অনুসৰি সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ’গ্ৰাফ কৰা হ’ব । এইমছ ভুৱনেশ্বৰে 162 টা মৃতদেহ লাভ কৰিছিল আৰু ইয়াৰে 81 টা মৃতদেহ প্ৰথম পৰ্যায়ত মৃতকৰ পৰিয়ালৰ সদস্যক গতাই দিয়া হৈছিল । পিছত ডি এন এ পৰীক্ষাৰ অন্তত আৰু 53 টা মৃতদেহ পৰিয়ালৰ সদস্যক দিয়া হয় যদিও আন 28 জনৰ অৱশিষ্ট দাবী কৰা হোৱা নাই বুলি বিষয়াগৰাকীয়ে জনায় ।

মৃতদেহ দুটা পাৰাডিপ প’ৰ্ট ট্ৰাষ্টৰ পৰা ক্ৰয় কৰা কমেও পাঁচটা ডিপ ফ্ৰীজাৰ কণ্টেইনাৰত ৰখা হৈছিল । শালিমাৰ-চেন্নাই চেণ্ট্ৰেল ক’ৰ’মেণ্ডেল এক্সপ্ৰেছ, বেংগালুৰু-হাওৰা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ আৰু এখন মাল ট্ৰেইন সংঘটিত হয় ।

স্মৰ্তব্য যে, 2 জুনত বালাছোৰ জিলাৰ বাহানাগা বজাৰ ষ্টেচনৰ সমীপত সংঘটিত শোকাৱহ দুৰ্ঘটনাটোত চেন্নাই অভিমুখী কৰমণ্ডেল এক্সপ্ৰেছ, হাওৰা অভিমুখী এছএমভিপি-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষত 290 জনৰো অধিক লোকৰ মৃত্যু হয় ৷

লগতে পঢ়ক: Indian Army rescue operation : ছিকিমত আৱদ্ধ 1700 পৰ্যটকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.