ETV Bharat / bharat

Tragic road mishap: তিৰুভান্নামালাই-বেংগলুৰুৰ ঘাইপথত পথ দুৰ্ঘটনা, একে পৰিয়ালৰ 7 জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 2:15 PM IST

তিৰুভান্নামালাই -বেংগলুৰুৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ৷ এই শোকাৱহ পথ দুৰ্ঘটনাত 7 গৰাকী লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷

তিৰুভান্নামালাই -বেংগলুৰুৰ ঘাইপথত পথ দুৰ্ঘটনা, একে পৰিয়ালৰ 7 জনৰ মৃত্যু
তিৰুভান্নামালাই -বেংগলুৰুৰ ঘাইপথত পথ দুৰ্ঘটনা, একে পৰিয়ালৰ 7 জনৰ মৃত্যু

নেশ্যনেল ডেস্ক, 15 অক্টোবৰ: তিৰুভান্নামালাই -বেংগলুৰুৰ ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দেওবাৰে পুৱা তিৰুভান্নামালাই -বেংগলুৰুৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয় ৷ এই শোকাৱহ পথ দুৰ্ঘটনাত 7 গৰাকী লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, কৰ্ণাটকৰ পঞ্জীয়ন নম্বৰ থকা এখন বাহনে তিৰুভান্নামালাইৰ পৰা চেংগাম হৈ তিৰুভান্নামালাই-বাংগালোৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বেংগালুৰু অভিমুখে যাত্ৰা কৰি আছিল ৷ একেটা পথেৰে চিংগাৰাপেট্টাইৰ পৰা তিৰুভান্নামালাই অভিমুখে এখন ট্ৰাক আহি আছিল ৷ হঠাতে ট্ৰাক আৰু ব্যক্তিগত বাহনখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷

এই দুৰ্ঘটনাত ব্যক্তিগত চাৰিচকীয়া বহনখন সম্পূৰ্ণৰূপে ভাঙি-চিঙি চূৰমাৰ হৈছিল ৷ ফলত বাহনখনৰ ভিতৰত থকা একেটা পৰিয়ালৰ দুটি শিশু, চাৰিজন পুৰুষ আৰু এগৰাকী মহিলাসহ ৭ জন লোক ঘটনাস্থলীতেই মৃত্যুক আকোঁৱালি লয় ৷

এই দুৰ্ঘটনাৰ পিচতে আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে উদ্ধাৰ বাহিনী ঘটনাস্থলীত উপস্থিত হয় ৷ স্থানীয় ৰাইজৰ সহায়ত উদ্ধাৰকাৰী দলে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰৰ পৰা আৱদ্ধ হৈ থকা মৃত লোকসকলক উদ্ধাৰ কৰে ৷ সম্প্ৰতি মৃত লোকসকলৰ মৃতদেহ দেহচেংগাম চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছে ৷ ইফালে, দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালকজন পলাই যায় বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ৷ দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হৈছিল আৰক্ষীয়ে অনুসন্ধান কৰি আছে ৷

এই ঘটনাৰ পিচতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে মৃত লোকসকলৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷ লগতে মৃত লোকৰ পৰিয়াললৈ 2 লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে আঘাতপ্ৰাপ্ত ব্যক্তিসকলক পৰ্যাপ্ত সকলো সুবিধাৰে চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশনা দিছে ৷

লগতে পঢ়ক: Attack on BJP MLA car : উত্তৰ প্ৰদেশত বিজেপি বিধায়িকাৰ বাহনত আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.