ETV Bharat / bharat

ঘূৰ্ণীবতাহ মিচাউঙত বিধ্বস্ত তামিলনাডু; ৫ হাজাৰ কোটিৰ সাহায্য বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ ষ্টেলিনৰ

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 11:40 AM IST

ঘূৰ্ণীবতাহ মিচাউং বিধ্বস্ত তামিলনাডুৰ বাবে সাহায্য পুঁজি বিচাৰিছে মুখ্যমন্ত্ৰী ষ্টেলিনে । তেওঁ প্ৰায় ৫ হাজাৰ কোটিৰ সাহায্য বিচাৰি প্ৰধানমন্ত্ৰীলৈ এক পত্ৰ লিখিছে ।

cyclone Michuang hits tamil nadu
ঘূৰ্ণীবতাহ মিচাউঙত বিধ্বস্ত তামিলনাডু

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : ঘূৰ্ণীবতাহ মিচাউঙৰ কোপদৃষ্টিত বিধ্বস্ত তামিলনাডু । বিপৰ্যয়ৰ গৰাহত সমগ্ৰ ৰাজ্যখন । যাৰ বাবে কেন্দ্ৰৰ পৰা সাহায্য বিচাৰিছে তামিলনাডু চৰকাৰে । বুধবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই সন্দৰ্ভত পত্ৰ লিখিছে । ষ্টেলিনে ঘূৰ্ণীবতাহ মিচাউঙৰ পিছত হোৱা ক্ষতিৰ বাবে তাৎক্ষণিকভাৱে ৫,০৬০ কোটি টকাৰ অন্তৰ্ৱৰ্তীকালীন সাহায্য পুঁজি বিচাৰিছে । লগতে ৰাজ্যখনত ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰিবলৈ এটা কেন্দ্ৰীয় দল প্ৰেৰণ কৰিবলৈও অনুৰোধ জনাইছে । পত্ৰখন ডিএমকেৰ সাংসদ টি আৰ বালুৱে ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰী মোদীক দিল্লীত প্ৰদান কৰিব ।

উল্লেখ্য যে মিচাউঙৰ বাবে ৩ ডিচেম্বৰৰ পৰা ৪ ডিচেম্বৰৰ মাজনিশালৈকে চেন্নাই, চেঙ্গালপট্টু, কাঞ্চিপুৰম আৰু তিৰুভাল্লুৰ জিলাত ধাৰাসাৰ বৰষুণ হয় । ইয়াৰ ফলত বহু ঠাইত পানী জমা হয় । লগতে বৰষুণৰ পানী মানুহৰ ঘৰতো প্ৰৱেশ কৰে । যাৰ বাবে বৃহত্তৰ চেন্নাই নিগমৰ কৰ্মচাৰী, টিএনএছডিএমএ, এনডিআৰএফ, ব্যক্তিগত স্বেচ্ছাসেৱক আৰু জনসাধাৰণে পুনৰুদ্ধাৰৰ কামত লাগি পৰে ।

আনহাতে, বুধবাৰে চেন্নাইৰ বহু ঠাইত উদ্ধাৰ অভিযান চলোৱা হয় । ইফালে অৰুম্বাক্কাম এলেকা এতিয়াও সম্পূৰ্ণৰূপে পানীৰ তলত আছে । এই অভাৱনীয় পৰিস্থিতিত ৰাজ্যখনত বুধবাৰে পুৱা ৬ বজালৈকে ৬ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।

এগৰাকী প্ৰায় ৩৫ বছৰ বয়সৰ অজ্ঞাত ব্যক্তিক টণ্ডিয়াৰপেটৰ বৈদ্যনাথন ষ্ট্ৰীটত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে । মাদিপক্কমৰ চামিকান্নু (৮৫ বছৰীয়া অৱসৰপ্ৰাপ্ত ট্ৰেফিক আৰআই) নামৰ এজন ব্যক্তিক তেওঁৰ ঘৰতে পানীত ডুবাৰ ফলত মৃত অৱস্থাত পোৱা গৈছে । তেওঁৰ মৃতদেহ আৰজিজিজিএইচলৈ প্ৰেৰণ কৰা হৈছে । আনহাতে, প্ৰায় ৫৫ বছৰীয়া এগৰাকী অজ্ঞাত ব্যক্তিক মাদিপক্কমৰ কাইভেলি জংচনত মৃত অৱস্থাত পোৱা গৈছে ।

আনহাতে, পানী জমা হোৱাৰ বাবে বন্ধ হৈ পৰা ১১ টা উপপথৰ ভিতৰত আছে গণেশপুৰম উপপথ, চেম্বিয়াম (পেৰামবুৰ) উপপথ, ভিলিভাক্কাম উপপথ আদি । ইফালে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে বুধবাৰে চেন্নাইৰ পেউঙ্গুডি আৰু তাৰামণি অঞ্চল পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰীও প্ৰদান কৰে ।

লগতে পঢ়ক :ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱত চেন্নাইত 17 জনৰ মৃত্যু; ক্ৰমাৎ দুৰ্বল হৈ পৰিছে ঘূৰ্ণীবতাহ মিচাউং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.