ETV Bharat / bharat

ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱত চেন্নাইত 17 জনৰ মৃত্যু; ক্ৰমাৎ দুৰ্বল হৈ পৰিছে ঘূৰ্ণীবতাহ মিচাউং

author img

By ANI

Published : Dec 6, 2023, 9:46 AM IST

Updated : Dec 6, 2023, 10:02 AM IST

মঙলবাৰে ঘূৰ্ণীবতাহ মিচাউঙে স্থলভাগত প্ৰৱেশ কৰাৰ লগে লগে সোমবাৰৰ পৰা চেন্নাইত ইয়াৰ প্ৰকোপ যথেষ্ট কমি যোৱাৰ পিচতো চেন্নাইত অবিৰত হাৰত বৰষুণ হৈ আছে । অন্ধ্ৰ প্ৰদেশৰ মধ্য উপকূলীয় অংশত ঘূৰ্ণীবতাহ মিচাউং দুৰ্বল হৈ পৰিছে বুলি জনায় ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ৷

Cyclone Michaung
ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱ

ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱ

নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ: ভাৰতৰ বতৰ বিজ্ঞান বিভাগে বুধবাৰে জনোৱা মতে, অন্ধ্ৰ প্ৰদেশৰ মধ্য উপকূলীয় অংশত ঘূৰ্ণীবতাহ মিচাউং দুৰ্বল হৈ পৰিছে । ইতিমধ্যে এই ঘূৰ্ণীবতাহে প্ৰাণ কাঢ়িছে চেন্নাইৰ 17 জনকৈ লোকৰ ৷

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে X যোগে কয়, "ঘূৰ্ণীবতাহ 'মিচাউং' দুৰ্বল হৈ অন্ধ্ৰ প্ৰদেশৰ মধ্য উপকূলত গভীৰ মন্দাৱস্থাত পৰিণত হৈছে । বাপাটলাৰ পৰা প্ৰায় 100 কিলোমিটাৰ উত্তৰ-পশ্চিম আৰু খাম্মামৰ পৰা 50 কিলোমিটাৰ দক্ষিণ-পূবে পৰৱৰ্তী 6 ঘণ্টাত এই বতাহ অধিক মন্দাৱস্থাত পৰিণত হ’ব ৷"

উল্লেখ্য যে, বৰষুণ আৰু পৰৱৰ্তী সময়ত ধুমুহাৰ ফলত হোৱা বানপানীয়ে ৰাজ্যখনৰ সাধাৰণ জীৱনযাত্ৰা স্তব্ধ কৰি পেলায়, ইয়াৰোপৰি মৃতক আৰু সা-সম্পত্তিৰো ক্ষতিসাধন হয় । 5 ডিচেম্বৰ মঙলবাৰে জাৰি কৰা এক বিবৃতিযোগে চেন্নাই আৰক্ষীয়ে মহানগৰীখনত সৃষ্টি হোৱা ঘূৰ্ণীবতাহৰ ফলত হোৱা বানপানীৰ ফলত বিভিন্ন ঘটনাত 17 জন লোকৰ মৃত্যু হোৱা বুলি জনায় ।

আৰক্ষীৰ মতে, পানীত ডুব যোৱাৰ লগতে বিদ্যুৎস্পৃষ্ট হোৱাৰ ঘটনা সংঘটিত হৈছে মহানগৰীখনত ৷ তেওঁলোকক চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে বুলি কয় আৰক্ষীয়ে । ইয়াৰ পূৰ্বে মঙলবাৰে DMK ৰ সাংসদ কানিমোঝিয়ে কয় যে 2015 চনৰ তুলনাত তামিলনাডু চৰকাৰে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বহু বেছি প্ৰস্তুত ৷ 2015 চনত চেন্নাইত হোৱা অবিৰত বৰষুণে বানপানীৰ সৃষ্টি কৰিছিল, যাৰ ফলত মানুহে প্ৰাণ হেৰুওৱাৰ লগতে সা-সম্পত্তিৰ ক্ষতি হৈছিল ।

এই সন্দৰ্ভত তেওঁ কয়, "যোৱা দুদিনত ইয়াত 33 ছে.মি.তকৈ অধিক বৰষুণ হৈছে, 2015 চনতকৈ এই পৰিমাণ বহু বেছি । অৱশ্যে এইবাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰখন ভালদৰে সাজু হৈছে । বহু লোকক আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে ।"

DMK ৰ সাংসদগৰাকীয়ে লগতে কয়, "ইতিমধ্যে 411 টা সাহায্য আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে । বেছিভাগ অঞ্চলৰ পৰাও পানী পাম্পৰ জৰিয়তে উলিয়াই দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু 60-70 শতাংশতকৈ অধিক ঘৰত বিদ্যুৎ পুনৰ সংযোগৰ ব্যৱস্থা কৰা হৈছে ।"

লগতে পঢ়ক: চেন্নাইত বানৰ মাজত উদ্ধাৰকাৰীৰ নাৱত অভিনেতা আমিৰ খান

Last Updated : Dec 6, 2023, 10:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.