ETV Bharat / bharat

খিলঞ্জীয়া লোকৰ অধিকাৰৰ দাবীত TMC ৰ বিশাল জনসমাৱেশ

author img

By

Published : Mar 4, 2022, 2:26 PM IST

Updated : Mar 4, 2022, 2:40 PM IST

খিলঞ্জীয়া লোকসকলৰ বাবে সমান অধিকাৰ আৰু কল্যাণৰ দাবীত ত্ৰিপুৰাত TMC ৰ বিশাল জনসমাৱেশ (mass protest by TMC) । পদযাত্ৰাত অংশগ্ৰহণ AITC ৰ নেতা-কৰ্মীৰ । খিলঞ্জীয়া লোকৰ দাবী পূৰণ নকৰিলে ভৱিষ্যতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ ।

tripura agartala tmc demands
খিলঞ্জীয়া লোকৰ অধিকাৰৰ দাবীত TMC ৰ বিশাল জনসমাৱেশ

আগৰতলা, ০৪ মাৰ্চ: খিলঞ্জীয়া লোকসকলৰ বাবে সমান অধিকাৰ (rights of indigenous people of tripura) আৰু কল্যাণৰ দাবীত সমগ্ৰ ত্ৰিপুৰাত অখিল ভাৰতীয় তৃণমূল কংগ্ৰেছে এক বিশাল গণ সমাৱেশৰ আয়োজন কৰে (mass protest by TMC)। ৰাজ্যজুৰি উপ-বিভাগীয় দণ্ডাধীশৰ ওচৰত ১৮ দফা স্মাৰক পত্ৰ প্ৰদান কৰে AITCৰ নেতা কৰ্মীসকলে । বৃহস্পতিবাৰে AITCৰ অনুসূচীত জনজাতি(ST) কোষৰ আহ্বানত উলিওৱা পদযাত্ৰাত AITCৰ বহুসংখ্যক কৰ্মীৰ লগতে স্থানীয় লোকৰ উপস্থিতি দেখা গৈছিল ।

বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ বিফলতাৰ কথা উল্লেখ কৰি AITC ৰ ৰাজ্যিক আহ্বায়ক সুবল ভৌমিকৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য

AITC ত্ৰিপুৰাৰ ৰাজ্যিক আহ্বায়ক সুবল ভৌমিক, প্ৰাক্তন মন্ত্ৰী প্ৰকাশ দাস আৰু এ আই টি চি ত্ৰিপুৰা পৰিচালনা সমিতিৰ সদস্য কল্প মোহন ত্ৰিপুৰাৰ দৰে গুৰুত্বপূৰ্ণ নেতাসকলেও খিলঞ্জীয়া লোকসকলৰ সৈতে তেওঁলোকৰ দাবী সাব্যস্ত কৰিবলৈ সমদলত অংশগ্ৰহণ কৰে । বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ বিফলতাৰ কথা উল্লেখ কৰি AITC ৰ ৰাজ্যিক আহ্বায়ক সুবল ভৌমিকৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

সুবল ভৌমিক কয় যে, "ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদ অঞ্চলৰ লোকসকল তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে । আনকি তেওঁলোকে নূন্যতম সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই । বিধানসভা নিৰ্বাচনৰ পূৰ্বে, প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাত দ্বৈত ইঞ্জিনৰ চৰকাৰ থাকিলে এডিচি অঞ্চলত উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু, আমি এই ক্ষেত্ৰবোৰত কোনো উন্নয়ন দেখা পোৱা নাছিলো ৷"

লগতে ভৌমিকে ত্ৰিপুৰাৰ বিজেপি চৰকাৰে পথ সংযোগ, খোৱাপানী, আৰু খিলঞ্জীয়া লোকসকলৰ বাবে কাৰ্যকৰী স্বাস্থ্যসেৱা আৰু শিক্ষাৰ আন্তঃগাঁথনি নিশ্চিত কৰাত ব্যৰ্থ হৈছে বুলি দাবী কৰি BJP নেতৃত্বাধীন চৰকাৰখন ধাৰাবাহিকভাৱে বিফল হোৱা বুলি আৰু উন্নতিৰ প্ৰতি কোনো প্ৰৱণতা প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে তেওঁলোকে চৰকাৰে নিদ্ৰাৰ পৰা সাৰ পোৱা আৰু ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্মাৰক পত্ৰখন প্ৰদান কৰিছে । যদি ৰাজ্য চৰকাৰে কোনো প্ৰয়োজনীয় পদক্ষেপ নলয় তেন্তে তেওঁলোকে ভৱিষ্যতে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে ।

AITC ত্ৰিপুৰাই দাখিল কৰা দাবীসমূহৰ তালিকাখনক আছে ৰাষ্ট্ৰীয় ঘাইপথৰ পূব কৰিডৰ নিৰ্মাণ আৰু এডিচি অঞ্চলত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথসমূহৰ নৱীকৰণ আৰু কোভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কমেও পৰৱৰ্তী ছয় মাহৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিনামূলীয়াকৈ বিতৰণ কৰাকে ধৰি ৰেচন প্ৰণালীৰ উন্নীতকৰণ ইত্যাদি দাবী । AITC য়ে ADC অঞ্চলত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে খিলঞ্জীয়া লোকসকলৰ বাবে বিশুদ্ধ খোৱা পানী নিশ্চিত কৰিবলৈও দাবী উত্থাপন কৰে ।

লগতে AITCয়ে চৰকাৰক দৰিদ্ৰ খিলঞ্জীয়া লোকসকলক বিনামূলীয়াকৈ উপযুক্ত চিকিৎসা আৰু ঔষধ প্ৰদান কৰিবলৈ দাবী জনাই । দলটোৱে ADC অঞ্চলৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰা আৰু খিলঞ্জীয়া লোকসকলক বিনামূলীয়া বিদ্যুতৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰে ।

লগতে বৰ্তমানৰ চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি, NREGA ৰ মজুৰি দুগুণ কৰিব লাগিব আৰু ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ দৰিদ্ৰতাৰ কথা বিবেচনা কৰি অতি কমেও ২০০ দিনৰ কৰ্ম-সংস্থাপন দিব লাগিব । চৰকাৰী সেৱাত নিযুক্তি পোৱাৰ বাবে খিলঞ্জীয়া লোকসকলৰ শিক্ষিত যুৱক-যুৱতীসকলক আশ্বাস দিয়া উচিত বুলিও তেওঁলোকে প্ৰদান কৰা স্মাৰক পত্ৰখনত উল্লেক কৰে ।

লগতে পঢ়ক: ত্ৰিপুৰাত শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে যথেষ্ট পদক্ষেপ লৈছে চৰকাৰে:মুখ্যমন্ত্ৰী

Last Updated : Mar 4, 2022, 2:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.