ETV Bharat / bharat

ত্ৰিপুৰাৰ তিনি বিধায়কে ল’লে শপত: মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাৰ শপত গ্ৰহণ বাকী

author img

By

Published : Jun 28, 2022, 9:06 PM IST

ত্ৰিপুৰা উপ-নিৰ্বাচনত নিৰ্বাচিত চাৰিজন বিধায়কৰ ভিতৰত তিনিজন বিধায়কে মঙলবাৰে শপত গ্ৰহণ কৰে (Three newly elected Tripura MLA takes oath)। মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই আজি শপত গ্ৰহণ কৰা নকৰিলে ৷

Three newly elected Tripura MLA takes oath
Three newly elected Tripura MLA takes oath

ত্ৰিপুৰা, 28 জুন: শেহতীয়াকৈ অনুষ্ঠিত ত্ৰিপুৰা উপ-নিৰ্বাচনত নিৰ্বাচিত হোৱা চাৰিজন বিধায়কৰ ভিতৰত তিনিজন বিধায়কে মঙলবাৰে বিধানসভাত শপত গ্ৰহণ কৰে (Three newly elected Tripura MLA takes oath)। এই চাৰিজন বিধায়কৰ ভিতৰত আছে বিজেপিৰ দুজন আৰু কংগ্ৰেছৰ দুজন বিধায়ক ৷ বিজেপিৰ মলিনা দেবনাথ, স্বপ্না দাস পাল আৰু কংগ্ৰেছ বিধায়ক সুদীপ ৰয় বৰ্মনে আজি শপত গ্ৰহণ কৰে ৷ অৱশ্যে, মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই আজি শপত গ্ৰহণ কৰা নকৰিলে ৷

বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে আজি বিধানসভাৰ লবীত শপত গ্ৰহণ কাৰ্যসূচী পৰিচালনা কৰে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে কয় যে, আজি তিনিজন বিধায়কে শপত গ্ৰহণ কৰে আৰু মুখ্যমন্ত্ৰীয়ে ফলাফল ঘোষণাৰ পৰা আৰম্ভ কৰি ১৪ দিনৰ ভিতৰত শপত লোৱাৰ সিদ্ধান্ত ল'ব পাৰে ।

ৰাজ্যপালে কয়, "মুখ্যমন্ত্ৰী মানিক সাহা ৰাজ্যসভাৰ এজন সাংসদ । নিৰ্বাচনৰ পিছত তেওঁ দুটা পদৰ মাজত বাচনি কৰিব লাগিব । অৱশ্যে তেওঁ মুখ্যমন্ত্ৰী পদত থাকিবলৈ বিধায়ক হিচাপে শপত ল'ব লাগিব । উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পৰা আৰম্ভ কৰি 14 দিনৰ ভিতৰত তেওঁ সিদ্ধান্ত ল'ব লাগিব আৰু শপত ল'ব লাগিব" ৷

শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত শাসকীয় বিধায়ক আৰু মন্ত্ৰীসকল উপস্থিত আছিল ৷ অৱশ্যে বিৰোধী চিপিআইএমে শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰে । উল্লেখ্য় যে, যোৱা 23 জুনত ত্ৰিপুৰা বিধানসভাৰ চাৰিখন আসনৰ উপ-নিৰ্বাচন অনুষ্ঠিত হয় আৰু 26 জুনত ফলাফল ঘোষণা কৰা হয় ৷

লগতে পঢ়ক : বান পৰিস্থিতি পৰিদৰ্শন কৰি বৰপেটা সত্ৰত সেৱা জনালে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.