ETV Bharat / bharat

Cases Against Rahul Gandhi : এপ্ৰিলত ঝাৰখণ্ড আদালতত ৰাহুলৰ বিৰুদ্ধে ৩ গোচৰৰ শুনানি

author img

By

Published : Mar 26, 2023, 5:36 PM IST

ইতিমধ্যে ৰাহুল গান্ধীক চুৰাট আদালতে কাৰাদণ্ডৰে দণ্ডিত কৰিছে (Rahul Gandhi sentenced by Surat court) । লগতে তেওঁ লোকসভাৰ সদস্যপদো হেৰুৱাইছে । কিন্তু তেওঁৰ বিৰুদ্ধে গোচৰৰ তালিকা যেন এতিয়াও শেষ হোৱা নাই । এইবাৰ ঝাৰখণ্ডত তেওঁৰ সৈতে সম্পৰ্কিত তিনিটা গোচৰ শুনানিৰ বাবে আগবাঢ়িছে ।

Rahul Gandhi
Rahul Gandhi

নিউজ ডেস্ক, ২৬ মাৰ্চ : সমস্যাৰ আন এক নাম যেন বৰ্তমান ৰাহুল গান্ধী । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমস্যা এতিয়াও হ্ৰাস হোৱা নাই । 'সকলো মোডী চোৰ' বুলি কৰা বিতৰ্কিত মন্তব্যৰ বাবে চুৰাট আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড বিহিছে (Rahul Gandhi centenced by Surat court) । তাৰ পিছত লোকসভাৰ অধ্যক্ষই তেওঁৰ সাংসদ পদ খাৰিজ কৰে (Rahul Gandhi disqualified from Lok Sabha) । কিন্তু ইমানৰ পিছতো ৰাহুল গান্ধীৰ সমস্যা এতিয়াও হ্ৰাস হোৱা নাই । এইবাৰ ৰাহুল গান্ধীৰ উকীলসকল ৰাওনা হ'ব লাগিব ঝাৰখণ্ড আদালতলৈ ।

তেওঁৰ সৈতে সম্পৰ্কিত তিনিটা গোচৰৰ শুনানি ঝাৰখণ্ড আদালতত অহা এপ্ৰিল মাহত হ'ব । প্ৰথম গোচৰটোৰ শুনানি এপ্ৰিলৰ প্ৰথমদিনা হ'ব (hearing on Jharkhand court against Rahul Gandhi cases) । প্ৰদীপ মোডী হৈছে এই গোচৰটোৰ আবেদনকাৰী । তেওঁৰ আবেদন নম্বৰ হৈছে 17/2021 । এই ক্ষেত্ৰত ৰাঁচীৰ নিম্ন আদালতে চমন জাৰি কৰিছিল । তাৰ পিছত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰাজেশ ঠাকুৰ লবিষ্ট হয় । তেওঁ উচ্চ ন্যায়ালয়ত এখন আবেদনো দাখিল কৰিছিল । কিন্তু তাৰ শুনানিৰ পিছত উচ্চ ন্যায়ালয়ে সেয়া নাকচ কৰে । ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত সকাহ নোপোৱাৰ পিছত নিম্ন আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে (Rahul Gandhi defamation case in Jharkhand court) ।

১৭ জানুৱাৰীত ৰাঁচীৰ নিম্ন আদালতৰ ন্যায়াধীশ কুমাৰ বিপুলে মানহানিৰ গোচৰত ৰাহুল গান্ধীক চমন জাৰি কৰিছিল । তেওঁক ২২ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল । চমন জাৰি কৰাৰ পিছতহে ৰাজেশ ঠাকুৰে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ।

প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে অশালীন মন্তব্যৰ বাবে সদস্যপদ হেৰুওৱা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধেও অশালীন মন্তব্য কৰিছিল । এই ক্ষেত্ৰতো ঝাৰখণ্ডত তেওঁৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰা হৈছে । এটা গোচৰ ৰাঁচীৰ এমপি-এমএলএ আদালতত আছে । তাৰ আবেদনকাৰী হৈছে নবীন ঝা । একে সময়তে চাইবাছাৰ আদালতত এখন আবেদন পঞ্জীয়ন কৰা হয় । ইয়াৰ আবেদনকাৰীজন হৈছে প্ৰদীপ কুমাৰ ।

নবীন ঝাৰ আবেদনৰ নম্বৰ হৈছে 16/2021 । তাত কোৱা হৈছে যে 2018 চনৰ কংগ্ৰেছ অধিবেশনত ৰাহুল গান্ধীয়ে অমিত শ্বাহৰ বাবে হত্যাকাৰী শব্দটো ব্যৱহাৰ কৰিছিল । এই ক্ষেত্ৰতো নিম্ন আদালতে ৰাহুল গান্ধীক জাননী জাৰি কৰিছিল । যাৰ বিৰুদ্ধে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছে । এই ক্ষেত্ৰত আবেদনকাৰী নবীন ঝাই উত্তৰ দাখিল কৰিবলৈ সময় বিচাৰে । সেয়া ন্যায়াধীশে গ্ৰহণ কৰে । গোচৰটোৰ পৰৱৰ্তী শুনানি ৫ এপ্ৰিলত হ'ব ।

একে সময়তে, চাহবাচা আদালতত পঞ্জীয়ন কৰা গোচৰটোৰ বিৰুদ্ধে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত এটা অভিযোগ দাখিল কৰা হৈছে । যাৰ ওপৰত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা এতিয়াও আহিবলৈ বাকী আছে । বিষয়টোৰ শুনানি ৩ এপ্ৰিলত হ'ব ।

লগতে পঢ়ক :Goa CM slams Rahul Gandhi: সাভাৰকাৰৰ নাম মুখত লৈ আকৌ সমালোচনাৰ সন্মুখীন ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.