ETV Bharat / bharat

তাজমহলত পূজা কৰি গ্ৰেপ্তাৰ তিনিজন

author img

By

Published : Mar 11, 2021, 9:01 PM IST

তাজমহলত পূজা কৰি গ্ৰেপ্তাৰ তিনিজন । বৃহস্পতিবাৰে আগ্ৰাৰ তাজমহলৰ ভিতৰত মহা শিৱৰাত্ৰি পূজা কৰাৰ অভিযোগত হিন্দু মহাসভাৰ তিনিজন কৰ্মীক গ্ৰেপ্তাৰ কৰা হয় ।

তাজমহলত পূজা কৰি গ্ৰেপ্তাৰ তিনিজন
তাজমহলত পূজা কৰি গ্ৰেপ্তাৰ তিনিজন

নেশ্যনেল ডেস্ক,১১ মাৰ্চ: তাজমহলত পূজা কৰি গ্ৰেপ্তাৰ তিনিজন । বৃহস্পতিবাৰে আগ্ৰাৰ তাজমহলৰ ভিতৰত মহা শিৱৰাত্ৰি পূজা কৰাৰ অভিযোগত হিন্দু মহাসভাৰ তিনিজন কৰ্মীক গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰৰ পাচত কৰ্মীকেইজনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তেওঁৰ তাৎক্ষণিক মুক্তিৰ দাবী জনায় । সূত্ৰ অনুসৰি, হিন্দু মহাসভাৰ প্ৰদেশ সভাপতি মীনা দিবাকাৰ আৰু সমৰ্থকসকলে তাজমহলৰ ডায়না বেঞ্চত পূজা কৰিছিল । তাৰ পাচতেই গ্ৰেপ্তাৰ কৰা হয় ।

গ্ৰেপ্তাৰৰ পাচতেই হিন্দু মহাসভাৰ সকলো কৰ্মীয়ে সভাপতিক তাৎক্ষণিকভাৱে মুক্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । দীৰ্ঘদিন ধৰি তেওঁক আৰক্ষীৰ জিম্মাত ৰাখিলে পৰিণাম অতি ভয়ংকৰ হোৱাৰ হুংকাৰ প্ৰদান কৰে । এই সন্দৰ্ভত হিন্দু মহাসভাৰ মুখপাত্ৰ সঞ্জয় জাতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় 'আমি সদায় তাজমহলক শিৱ মন্দিৰ বুলি বিবেচনা কৰি আহিছো । হিন্দু মহাসভাৰ সভাপতি মীনা দিবাকাৰে মহা শিৱৰাত্ৰিত পূজা কৰাৰ বাবেই আজি চিআইএছএফে গ্ৰেপ্তাৰ কৰে । তাজমহলৰ ওপৰত আমাৰ জন্মগত অধিকাৰ আছে আৰু সংখ্যালঘু সম্প্ৰদায়ে স্মৃতিস্তম্ভৰ ভিতৰত নামাজ আদায় কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘন কৰিছে । যদি তাজমহল খনন কৰে তেন্তে ভগৱান শিৱৰ মূৰ্তি পাব আৰু যদি নাপাই তেতিয়াহ'লে মই মোৰ জীৱন শেষ কৰিবলৈ সাজু' । যেনেকৈ ৰাম মন্দিৰৰ অৱশেষ অযাধ্যাত পোৱা গৈছিল তেনেকৈ তাজমহলতো শিৱ মন্দিৰ পোৱা যাব' । গতিকে অতি শীঘ্ৰে মুক্তিৰ দাবী জনায় হিন্দু মহাসভাৰ কৰ্মীসকলে ।

লগতে পঢ়ক: আগ্ৰাত ট্ৰাক আৰু স্কপি'অৰ মুখামুখি সংঘৰ্ষত নিহত ৯

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.