ETV Bharat / bharat

Threat to Rakesh Tikait : কৰ্ণাটকলৈ আহিলে পৰিণাম ভুগিব লাগিব; ৰাকেশ টিকাইতক ভাবুকি

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:52 PM IST

কৃষক নেতা ৰাকেশ টিকাইতক মৃত্যুৰ ভাবুকি । মুজাফ্ফৰনগৰত বিকেইউৰ মুখপাত্ৰগৰাকীয়ে এই ভাবুকি লাভ কৰিছে । এই বিষয়ে আহক।

Threat to Rakesh Tikait
Threat to Rakesh Tikait

নিউজ ডেস্ক, ৩১ আগষ্ট : ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চৌধুৰী ৰাকেশ টিকাইতলৈ মৃত্য়ুৰ ভাবুকি । এটা ভুৱা মোবাইল নম্বৰেৰে ফোন কৰি তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছে । অভিযুক্তই তেওঁক কৰ্ণাটকলৈ আহিলে ভয়ানক পৰিণামৰ সন্মুখীন হ'ব লাগিব ভাবুকি দিছে । এই সন্দৰ্ভত চিভিল লাইন আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ।

মুজাফ্ফৰনগৰৰ নতুন মাণ্ডিৰ কল্যাণপুৰী মহল্লাৰ বাসিন্দা তথা ভাৰতীয় কিষাণ ইউনিয়নৰ কৰ্মী ধীৰেন্দ্ৰ জাৱালাই এই গোচৰটো ৰুজু কৰিছে । তেওঁ গোচৰটোত লিখিছে যে ২৮ আগষ্টত চৌধুৰী ৰাকেশ টিকাইতক কোনোবাই এটা ফোনকলৰ জৰিয়তে ভাবুকি দিয়ে । অভিযুক্তই কৈছে যে যদি তেওঁ কৰ্ণাটকলৈ আহে তেন্তে তেওঁ ইয়াৰ পৰিণামৰ সন্মুখীন হ'ব লাগিব । আনহাতে, ভাবুকি দিয়া ব্যক্তিজনে তেওঁৰ ৱাটছএপতো এটা মেছেজ প্ৰেৰণ কৰি ভাবুকি দিয়ে ।

বিষয়টো সন্দৰ্ভত ইতিমধ্যে আৰক্ষী বিষয়াসকলক অৱগত কৰোৱা হৈছে । ইয়াৰ পিছতে চিভিল লাইন আৰক্ষী থানাত অভিযোগ দাখিল কৰা হয় । জানিব পৰা মতে, আৰক্ষীয়ে ভাবুকি দিবলৈ ব্যৱহাৰ কৰা মোবাইল নম্বৰটোৰ ওপৰত এটা গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে কৃষক নেতা ৰাকেশ টিকাইতে পূৰ্বতেও বহুবাৰ এনেধৰণৰ ভাবুকি লাভ কৰিছে । চলিত বৰ্ষৰ ৫ মে'তো তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰিছিল । এই ক্ষেত্ৰত এটা গোচৰো ৰুজু কৰা হৈছে । আৰক্ষীৰ অনুসন্ধানত হাৰিয়ানাৰ পাণিপথৰ বাসিন্দা কুশ ৰাণাৰ নাম এই কাণ্ডত পোহৰলৈ আহে ।

আনহাতে, ইয়াৰ পূৰ্বে ১০ মাৰ্চত বিকেইউৰ সভাপতি নৰেশ টিকাইতৰ পুত্ৰ গৌৰৱ টিকাইতে তেওঁৰ মোবাইল ফোনত এটা ফোনকলত তেওঁৰ পৰিয়ালটোক উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছিল । ভউৰাকালান আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হয় । ইয়াৰ উপৰি ২০২১ চনৰ এপ্ৰিল আৰু ২০২২ চনৰ মাৰ্চ মাহকে ধৰি তেওঁ কেইবাবাৰো ভাবুকি লাভ কৰিছিল । ঘটনা সন্দৰ্ভত চিঅ' চিটিৰ এছপি আয়ুষ বিক্ৰম সিঙে কয় যে অভিযোগৰ ভিত্তিত চিভিল লাইন আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে । অনুসন্ধানৰ বাবে এটা নিৰীক্ষণ দল মোতায়েন কৰা হৈছে । অভিযুক্তক সোনকালেই বিচাৰি উলিওৱা হ'ব ।

লগতে পঢ়ক :Arvinder Singh Lovely : দিল্লী কংগ্ৰেছক পুনৰ সংগঠিত কৰিবলৈ অৰবিন্দৰ সিং লাভলীক দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.