ETV Bharat / bharat

উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়া

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 10:24 PM IST

Updated : Dec 1, 2023, 10:50 PM IST

Tamil Nadu DVAC Raided in Madurai Enforcement
বলবৎকাৰী সংস্থাৰ বিষয়া গ্ৰেপ্তাৰ

20 লাখ টকা উৎকোচ লৈ দুৰ্নীতি বিৰোধী বিভাগৰ হাতত গ্ৰেপ্তাৰ হ’ল প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়া ৷ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত এজন চিকিৎসকৰ পৰা বিষয়াজনে দাবী কৰিছিল এই টকা ৷

নিউজ ডেস্ক, 1 নৱেম্বৰ : 2018 চনত দিণ্ডিগল চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুৰেশ বাবুৱে আয়তকৈ অধিক সম্পত্তি আহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ 2018 চনত মধ্যপ্ৰদেশত প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়া হিচাপে যোগদান কৰা অংকিত তিৱাৰী 2023 চনৰ এপ্ৰিল মাহত মাদুৰাইলৈ বদলি হয় ৷

ডাঃ সুৰেশ বাবুক এই গোচৰৰ পৰা ৰক্ষা কৰিবলৈ অংকিত তিৱাৰীয়ে তিনি কোটি টকাৰ উৎকোচ বিচৰা বুলি জানিব পৰা গৈছে ৷ প্ৰৱৰ্তন সঞ্চালকালয়ক এই গোচৰ গতাই দিয়া হ’ব বুলি উৎকোচ দাবী কৰে তেওঁ ৷ জানিব পৰা মতে ডাঃ সুৰেশে এই কথাত সন্মতি নিদিলে আৰু অৱশেষত 51 লাখ টকাত দৰদাম সমাপ্ত হয় ৷ ইয়াৰে ডাঃ সুৰেশ বাবুৱে যোৱা 1 নৱেম্বৰত অংকিত তিৱাৰী 20 লাখ টকা দিছিল ৷

অংকিত তিৱাৰীয়ে 30 নৱেম্বৰত হোৱাটছএপ কলৰ জৰিয়তে চিকিৎসকজনক বিচাৰিছিল বাকী থকা ধন ৷ ডাঃ সুৰেশ বাবুৱে 30 নৱেম্বৰত দিণ্ডিগুল দুৰ্নীতি নিবাৰক ব্যুৰোত এখন এজাহাৰ দাখিল কৰে ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে দিয়া পৰামৰ্শ অনুসৰি আজি অৰ্থাৎ 1 ডিচেম্বৰত দিণ্ডিগুলৰ মাদুৰাই বাইপাছ পথত বিষয়াজনৰ গাড়ীত 20 লাখ টকা দিয়ে তেওঁ ৷

অভিযুক্ত বিষয়া অংকিত তিৱাৰীয়ে গাড়ীখন নিবলৈ যাওঁতেই ঘোচ আৰক্ষীয়ে তেওঁক ঘেৰি ধৰে ৷ কিন্তু তাৰ পৰা বিষয়াজন গাড়ীৰে পলাই যায় ৷ পিছত আৰক্ষীয়ে ডিণ্ডিগলৰ পৰা মাদুৰাইলৈ যোৱা পথৰ কোদাই ৰোডত থকা টোলগেটত অৱগত কৰি গাড়ীখন জব্দ কৰি ডিণ্ডিগুল কাৰ্যালয়লৈ আনি তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা 20 লাখ টকা জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ইফালে, ডিণ্ডিগুল জিলাৰ দুৰ্নীতি নিবাৰক বিভাগৰ বিষয়াসকলে তদন্তৰ বাবে মাদুৰাই থাবল থানথি নগৰ অঞ্চলৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ সহকাৰী খণ্ড কাৰ্যালয়ত উপস্থিত হয় ৷ প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত কোনো শীৰ্ষ বিষয়াৰ অনুপস্থিতিত দুৰ্নীতি বিৰোধী বিভাগক তালাচী চলাবলৈ অনুমতি দিব নোৱাৰে বুলি প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়াসকলে জানিবলৈ দিয়ে ৷

এই ক্ষেত্ৰত দুৰ্নীতি বিৰোধী বিষয়াসকলে বহু সময় অপেক্ষা কৰে ৷ ইয়াৰ পিছতে 100 ৰো অধিক আৰক্ষীৰ উপস্থিত হয় ৷ ধৃত বলবৎকাৰী বিষয়াজনে মাদুৰাই মহকুমা কাৰ্যালয়ত কাম কৰি থকাৰ বাবে ব্যৱহাৰ কৰা কোঠাবোৰত তালাচী চলাবলৈ অনুমতি বিচাৰিছিল দুৰ্নীতি বিৰোধী বিভাগৰ বিষয়াসকলে ৷ ইফালে প্ৰৱৰ্তন সঞ্চালকালয়ৰ অধিবক্তাইও প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয় পৰিদৰ্শন কৰে ৷ দুৰ্নীতি নিবাৰক আৰক্ষীয়ে অভিযান চলাবলৈ অনুমতি পোৱাৰ পাছতেই মাদুৰাই প্ৰৱৰ্তন সঞ্চালকালয়ৰ সহকাৰী আঞ্চলিক কাৰ্যালয়ত অভিযান চলাইছে ৷

প্ৰথমবাৰৰ বাবে দুৰ্নীতি বিৰোধী বিভাগে প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত অভিযান চলোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইয়াৰ বাবে শতাধিক আৰক্ষীক নিৰাপত্তাৰ কামত নিয়োজিত কৰা হৈছে ৷ লগতে অৰ্ধসামৰিক বাহিনীৰ 50 জন জোৱানক নিৰাপত্তাৰ বাবে সংগঠিত কৰা হৈছে ৷

লগতে পঢ়ক : ভোট গণনাৰ তাৰিখ সলনি; 4 ডিচেম্বৰতহে ওলাব মিজোৰাম নিৰ্বাচনৰ ফলাফল

Last Updated :Dec 1, 2023, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.