ETV Bharat / bharat

ভোট গণনাৰ তাৰিখ সলনি; 4 ডিচেম্বৰতহে ওলাব মিজোৰাম নিৰ্বাচনৰ ফলাফল

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 9:40 PM IST

4 ডিচেম্বৰলৈ সলনি মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনাৰ তাৰিখ ৷ 3 ডিচেম্বৰ দেওবাৰে ভোটগণনা হোৱাৰ কথা আছিল ৰাজ্যখনৰ ৷

Mizoram Assembly polls counting date changed
মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোট গণনা

নিউজ ডেস্ক, 1 ডিচেম্বৰ : শুকুৰবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ গণনাৰ তাৰিখ 4 ডিচেম্বৰলৈ সলনি কৰে ৷ পূৰ্বতে 3 ডিচেম্বৰ দেওবাৰে ভোটগণনা হ’ব লাগিছিল ৷ ভোটগ্ৰহণ সংস্থাটোৱে নিজৰ অধিসূচনাত কয় যে “বিভিন্ন পক্ষৰ পৰা কেইবাটাও প্ৰতিনিধি দলে” বিধানসভা নিৰ্বাচনৰ ফলাফলৰ তাৰিখ সলনি কৰিবলৈ অনুৰোধ জনাইছে ৷ 3 ডিচেম্বৰ দেওবাৰ হোৱাৰ বাবে মিজোৰামৰ জনসাধাৰণৰ বাবে বিশেষ তাৎপৰ্য আছে বুলি অধিসূচনাত পঢ়িবলৈ পোৱা গৈছে ৷

নিৰ্বাচনী সংস্থাটোৱে কয় যে, আয়োগে এই প্ৰতিনিধিত্বসমূহ বিবেচনা কৰি মিজোৰামৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ বাবে গণনাৰ তাৰিখ 3 ডিচেম্বৰৰ পৰা 4 ডিচেম্বৰলৈ সংশোধন কৰাৰ সিদ্ধান্ত লৈছে ৷ যোৱা 7 নৱেম্বৰত মিজোৰামত একক পৰ্যায়ত ভোটগ্ৰহণ হৈ গৈছিল আৰু 80 শতাংশতকৈ অধিক ভোটাৰৰ ভোটগ্ৰহণ ৰেকৰ্ড কৰা হৈছিল ৷ 8.57 লাখৰো অধিক ভোটাৰে (80 শতাংশতকৈ অধিক) 174 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ ভোটদান কৰিছিল ৷

মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, তেলেংগানাৰ লগতে মিজোৰামৰ ভোটগণনাৰ নিৰ্ধাৰিত দিন 3 ডিচেম্বৰ নিৰ্ধাৰিত হৈ আছিল ৷ কিন্তু গীৰ্জাৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দেওবাৰ হোৱাৰ বাবে ভোটগণনাৰ তাৰিখ সলনি কৰিবলৈ ভোটগ্ৰহণ পেনেলক আহ্বান জনাইছিল ৰাজ্যখনৰ প্ৰধান ৰাজনৈতিক দল, নাগৰিক সমাজ, সংগঠন আদিয়ে ৷

এক বিবৃতিত নিৰ্বাচনী আয়ুক্তই কয় যে, “আয়োগে বিভিন্ন পক্ষৰ পৰা কেইবাটাও প্ৰতিনিধিত্ব লাভ কৰিছে য’ত ৩ ডিচেম্বৰ, ২০২৩ (দেওবাৰ)ৰ ভোট গণনাৰ তাৰিখ সলনি কৰি আন কোনোবা সপ্তাহত দিনলৈ অনুৰোধ জনোৱা হৈছে, এই ভিত্তিত যে ৩ ডিচেম্বৰ, ২০২৩ দেওবাৰ আৰু মিজোৰামৰ জনসাধাৰণৰ বাবে এই দিনটোৰ এক বিশেষ তাৎপৰ্য্য আছে । এই প্ৰতিনিধিত্বসমূহ বিবেচনা কৰি আয়োগে মিজোৰামৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনাৰ তাৰিখ ৩ ডিচেম্বৰ, ২০২৩ (দেওবাৰ)ৰ পৰা ৪ ডিচেম্বৰ, ২০২৩ (সোমবাৰ)লৈ সংশোধন কৰাৰ সিদ্ধান্ত লৈছে ।"

লগতে পঢ়ক : কাজিৰঙাত হ’ব টাটাৰ তাজ হোটেল; কেবিনেটে আৰু কি সিদ্ধান্ত ল’লে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.