ETV Bharat / bharat

Another explosion in Rajouri: ৰাজৌৰীত পুনৰ বিস্ফোৰণ হৈ এজনৰ মৃত্যু, 5 জন আহত

author img

By

Published : Jan 2, 2023, 3:52 PM IST

ইংৰাজী নৱবৰ্ষৰ আৰম্ভনিতে জম্মু কাশ্মীৰত ইটোৰ পিছত সিটোকৈ সংঘৰ্ষৰ ঘটনা পোহৰলৈ আহিছে (Explosion in Rajouri) ৷ সোমবাৰে ৰাজৌৰীত এক বিস্ফোৰণৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে 5 জন লোক আহত হৈছে (5 injured in another explosion in Rajouri ) ৷

1 dead, 5 injured in another explosion in Rajouri within hours
ৰাজৌৰীত পুনৰ বিস্ফোৰণ হৈ এজনৰ মৃত্যু

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী: জম্মু কাশ্মীৰৰ ৰাজৌৰীত ইটোৰ পিছত সিটো অঘটন সংঘটিত হৈছে (Explosion in Rajouri)৷ ৰাজৌৰীত দেওবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই সোমবাৰে এটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ এই বিস্ফোৰণত এজন লোকৰ মৃত্যু (1 dead) হোৱাৰ লগতে 5 জন লোক আহত হয় (5 injured in another explosion in Rajouri ) ৷

আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইফালে দেওবাৰে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতেই জম্মু কাশ্মীৰত ভয়াৱহ সংঘৰ্ষ (Terror attack in Jammu Kashmir) সংঘটিত হয় ৷ পহিলা জানুৱাৰী অৰ্থাৎ দেওবাৰে সন্ধিয়া ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত সন্দেহজনক উগ্ৰপন্থীৰ গুলীত 4 গৰাকী সাধাৰণ লোক নিহত হোৱাৰ উপৰিও 9 গৰাকী লোক আহত হয় ৷ উগ্ৰপন্থীৰ আক্ৰমণৰ এই ঘটনাৰ লগে লগে গাঁওখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷

আক্ৰমণৰ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষীৰ দল গাঁওখনত উপস্থিত হৈ উগ্ৰপন্থীৰ দলটোৰ সন্ধানত গাঁওখনকে ধৰি সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে ৷ ৰাজৌৰীৰ এছ'চিয়েটেড হাস্পতালৰ অধীক্ষক ডাঃ মেহমুদে (Medical Superintendent Dr Mehmood) এই সন্দৰ্ভত কয়, "ৰাজৌৰীৰ ডাংগ্ৰী অঞ্চলত সংঘটিত গুলীচালনাৰ ঘটনাত 4 গৰাকী স্থানীয় লোক নিহত (4 civilians killed) আৰু 9 গৰাকী আহত হৈছে (9 injured in suspected terror attack)৷

আঘাতপ্ৰাপ্তসকলক ইতিমধ্যে চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে । আহতসকলৰ শৰীৰত একাধিক গুলীৰ আঘাত পোৱা গৈছে ৷" ইফালে জম্মুৰ এডিজিপি মুকেশ সিঙে (ADGP Jammu Mukesh Singh) আক্ৰমণত মাত্ৰ দুজন লোকৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰি কয় যে প্ৰায় 50 মিটাৰ দূৰত্বত পৃথক পৃথক তিনিটা ঘৰত গুলীচালনা সংঘটিত হৈছিল । বৰ্তমান উগ্ৰপন্থীৰ সন্ধানত অঞ্চলটোত অভিযান আৰম্ভ কৰা হৈছে ৷" অনাগত সময়ত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ 16 ডিচেম্বৰত ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰৰ কাষতে সংঘটিত উগ্ৰপন্থীৰ আক্ৰমণত দুজন নাগৰিক নিহত হোৱাৰ (Two civilians were killed)ঘটনাৰ আতংক মাৰ নৌযাওঁতেই পহিলা জানুৱাৰীৰ দিনটোতে পুনৰ একেধৰণৰ ঘটনা সংঘটিত হয় ৷

জানিব পৰা মতে সেনাৰ তত্বাবধানত কাম কৰি থকা দুজন লোকে পুৱা প্ৰায় ৬.১৫ বজাত জিলাখনৰ এটা সেনা শিবিৰৰ গেটৰ ওচৰলৈ গৈ থাকোঁতে তেওঁলোকৰ ওপৰত গুলীচালনা কৰা হৈছিল ৷ ইফালে ২৮ ডিচেম্বৰত জম্মু জিলাৰ চিধৰা অঞ্চলত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত হোৱা গুলীচালনাত চাৰিজনকৈ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছিল (Four militants were neutralized)৷

লগতে পঢ়ক: Terror attack in JK: জম্মু কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত 4 গৰাকী নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.