ETV Bharat / bharat

পেগাচাছ কাণ্ড : আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

author img

By

Published : Sep 13, 2021, 11:36 AM IST

NAT-HN-SC hearing Pegasus-12-09-2021-Bhasha
পেগাচাচ সন্দৰ্ভত আবেদনসমূহৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সংসদৰ বৰ্ষাকালীন অধিৱেশনত ধুমুহাৰ সৃষ্টি কৰিছিল পেগাচাছ স্পাইৱেৰৰ বিষয়টোৱে ৷ এই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে গণতন্ত্ৰৰ বুলি ভাবুকিস্বৰূপ বুলি একাংশই মন্তব্য কৰাৰ বিপৰীতে কংগ্ৰেছে সমগ্ৰ বিষয়টোৰ সৈতে বিজেপি জড়িত আছে বুলি অভিযোগ উত্থাপন কৰিছিল ৷ পেগাচাছৰে সম্বন্ধিত আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷

নেশ্যনেল ডেস্ক, 13 ছেপ্তেম্বৰ : ভাৰতীয় ৰাজনীতিত ধুমুহা কঢ়িয়াই অনা পেগাচাছ স্পাইৱেৰ (Pegasus Spyware) ঘটনাৰ অজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ তিনিজনীয়া বিচাৰপীঠৰ দলে 7 ছেপ্তেম্বৰৰ ভিতৰত কেন্দ্ৰক এই সন্দৰ্ভত জবাব দাখিল কৰিবলৈ সময় প্ৰদান কৰিছিল ৷ ছলিচিটৰ জেনেৰেল (solicitor general) তুষাৰ মেহতাই কিছু সমস্যাৰ বাবে দ্বিতীয়টো এফিডেফিট দাখিলৰ বাবে নিৰ্ণয় ল’বলৈ বিষয়াসকলৰ সৈতে মিলিত হ’ব নোৱাৰাৰ বাবে উচ্চতম ন্যায়ালয়ে সময়সীমা বৃদ্ধি কৰিছিল ৷

কেন্দ্ৰই উচ্চতম ন্যালায়লত সংক্ষিপ্ত এফিডেফিট দাখিল কৰিছিল আৰু কৈছিল যে, পেগাচাছ (Pegasus) সন্দৰ্ভৰ গোচৰত স্বাধীন অনুসন্ধানৰ অনুৰোধ কৰা আবেদনসমূহ, অন্য অপ্ৰমাণিত মিডিয়া ৰিপ’ৰ্ট, আধৰুৱা বা অস্পষ্ট সামগ্ৰীৰ ওপৰত আধাৰিত ৷ উচ্চতম ন্যায়ালয়ে 17 আগষ্টত আবেদনসমূহৰ ওপৰত কেন্দ্ৰৰ জাননী জাৰি কৰি স্পষ্ট কৰি দিয়ে যে ন্যায়ালয়ে নিবাচাৰে চৰকাৰে এনেধৰণৰ যিকোনো তথ্য ৰাজহুৱা কৰক যাৰ দ্বাৰা ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি আহি পৰে ৷

চৰকাৰে সংক্ষিপ্ত এফিডেফিটত কৈছিল যে এই সন্দৰ্ভত সংসদত উদ্যোগিক মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইতিমধ্যেই নিজৰ স্থিতি স্পষ্ট কৰি দিছে ৷ তেওঁ স্পষ্ট কৰি দিছে কিছুমান ব্যক্তিগত স্বাৰ্থৰ বাবে বিয়পোৱা যিকোনো ভুল ধাৰণাক আঁতৰ কৰা আৰু এই সন্দৰ্ভত উত্থাপিত কৰা বিষয়ৰ অনুসন্ধানৰ বাবে চৰকাৰে এখন বিশেষজ্ঞ কমিটি গঠন কৰিব ৷

উচ্চতম ন্যায়ালয়ে আবেদনসমূহৰ সন্দৰ্ভত জাননী জাৰি কৰি চৰকাৰক ৰাষ্ট্ৰীয় সুৰক্ষাৰে সম্বন্ধিত যিকোনো কথা ৰাজহুৱা কৰাত নিষেধাজ্ঞা আৰোপ কৰে ৷ লগতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক প্ৰশ্ন কৰে যদি বিষয়াসকলে এই সন্দৰ্ভত এফিডেফিট দাখিল কৰে তেন্তে সমস্যাটো ক’ত ৷ আইন বিষয়াই কয় যে, আমাৰ বিচাৰত উত্তৰ একেটাই যিটো আমি আগৰ এফিডেফিডত উল্লেখ কৰিছিলো ৷

তেওঁ লগতে কয়, অনুগ্ৰহ কৰি আমাৰ দৃষ্টিৰে এই সমস্যাটো পৰ্যবেক্ষণ কৰক কিয়নো আমাৰ এফিডেফিটখন পৰ্যাপ্ত তথ্য উল্লেখ আছে ৷ ভাৰত চৰকাৰ উচ্চতম ন্যায়ালয়ৰ সমকক্ষ ৷

উল্লেখ্য যে, সংসদৰ বৰ্ষাকলীন অধিৱেশনৰ সময়ত পোহৰলৈ আহিছিল পেগাচাছ স্পাইৱেৰ ৷ এই বিষয়টোৱে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত যথেষ্ট বিবাদৰ সৃষ্টি কৰিছিল ৷ ভাৰতীয় সাংবাদিকৰ লগতে কিছুসংখ্যক মন্ত্ৰীক লক্ষ্য কৰি চোৰাংভাৱে নিৰীক্ষণ(snooping) কৰা বুলি এটা আগশাৰীৰ সংবাদগোষ্ঠীয়ে এক প্ৰতিবেদন প্ৰকাশ কৰাৰ পাচতে পেগাচাছৰ বিষয়টোৱে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিল ৷ এই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে গণতন্ত্ৰৰ বুলি ভাবুকিস্বৰূপ বুলি একাংশই মন্তব্য কৰাৰ বিপৰীতে কংগ্ৰেছে সমগ্ৰ বিষয়টোৰ সৈতে বিজেপি জড়িত আছে বুলি অভিযোগ উত্থাপন কৰিছিল ৷

প্ৰকৃততে পেগাচাছ মানে কি?

পেগাচাছ হৈছে ইজৰাইলী চাইবাৰ-সুৰক্ষা প্ৰতিষ্ঠান এনএছঅ'(Israeli cyber-security firm NSO)ৰ দ্বাৰা বিকশিত এক স্পাইৱেৰ ৷ এই স্পাইৱেৰক আই.ও.এছ.(iOS), এপলৰ ম'বাইল অপাৰেটিং চিষ্টেম(Apple's mobile operating system)ৰ লগতে এণ্ড্ৰইড ডিভাইচ(Android devices)ৰ কিছুমান সংস্কৰণৰ ডিভাইচত ইনষ্টল কৰিব পাৰি ৷

পেগাচাছে সেই নিৰ্দিষ্ট ডিভাইছৰ বাৰ্তা পঢ়াৰ লগতে কল ট্ৰেক(tracking calls), পাছৱৰ্ড সংগ্ৰহ(collecting passwords) আৰু আইমেচেজ(iMessage), জি মেইল(Gmail), ভাইবাৰ(Viber), ফেচবুক(Facebook), হোৱাটছএপ(WhatsApp), টেলিগ্ৰাম(Telegram) আৰু স্কাইপ(Skype) আদিৰ পৰা তথ্য সংগ্ৰহ কৰিব পাৰে ৷

2010 চনত তেল-আভিভস্থিত প্ৰতিষ্ঠান(Tel-Aviv based firm) 'এনএছঅ' গ্ৰুপে(NSO Group) পেগাচাছ সৃষ্টি কৰিছিল ৷ এক এনজিঅ'ৰ মতে, প্ৰতিষ্ঠানটো এটা ছফ্টৱেৰ বিকশিত কৰিবলৈ স্থাপন কৰা হৈছিল ৷ যি আইন প্ৰৱৰ্তনকাৰী আৰু চোৰাংচোৱা সংস্থাবোৰক দূৰৱৰ্তী ডিজিটেল ডিভাইচসমূহত প্ৰৱেশ কৰাত সহায় কৰিব পাৰে ৷

অৱশ্যে, গোটটোৱে উল্লেখ কৰিছে যে অপৰাধ আৰু সন্ত্ৰাসৰ মোকাবিলা কৰিবলৈ চৰকাৰী সংস্থাবোৰে একচেতীয়াকৈ ব্যৱহাৰ কৰাৰ বাবে এই স্পাইৱেৰ সৃষ্টি কৰা হৈছিল ৷ 'চিটিজেন লেব'ৰ ২০১৮ চনৰ প্ৰতিবেদন অনুসৰি ভাৰত, বাহৰেইন, কাজাখাস্তান, মেক্সিকো, মৰক্কো, চৌদি আৰৱ আৰু সংযুক্ত আৰৱ এমিৰাটকে ধৰি ৪৫ খন দেশত স্পাইৱেৰ ব্যৱহাৰ কৰা হৈছে ৷

লগতে চাওক: পেগাচাছক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা দিগ্বিজয় সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.