'কা' সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি

author img

By

Published : Sep 12, 2022, 10:15 AM IST

Updated : Sep 12, 2022, 11:27 AM IST

Supreme Court to hear CAA on Monday
'কা' সন্দৰ্ভত আজি শুনানি সৰ্বোচ ন্যায়ালয়ত ()

2020 বৰ্ষৰ 10 জানুৱাৰীৰ দিনা কাৰ্যকৰী কৰা হৈছিল বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ ৷ আইনখনক প্ৰত্যাহ্বান জনাই 200 ৰো অধিক আবেদন দাখিল কৰা হৈছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত (200 petitions challenging CAA) । উক্ত আবেদনসমূহৰেই আজি অৰ্থাৎ 12 ছেপ্টেম্বৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হ'ব শুনানি । ভাৰতৰ মুখ্য ন্যায়াধীশ (Chief Justice of India) ইউ ইউ ললিতৰ নেতৃত্বত আৰু ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভট্টক লৈ গঠিত বিচাৰপীঠে গ্ৰহণ কৰিব এই আবেদনৰ শুনানি ।

নেশ্যনেল ডেস্ক,12 ছেপ্টেম্বৰ: আজি সৰ্বোচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হ’ব কা' সন্দৰ্ভত শুনানি ৷ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বত এখন বিচাৰপীঠে CAA ৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব । আজিৰ বিচাৰপীঠে 220খন আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷ বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন (citizenship amendment law)ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা কেইবাখনো আবেদনকে ধৰি সোমবাৰে উচ্চতম ন্যায়ালয়ত 200ৰো অধিক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ(পিআইএল)ৰ শুনানি হ’ব । উল্লেখযোগ্য যে, বিচাৰপীঠে আজি শুনানি গ্ৰহণ কৰিবলগীয়া 220 খন আবেদনৰ ভিতৰত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰো আবেদন তালিকাভুক্ত কৰা হৈছে ।

'We the women of India' শীৰ্ষক এটা সংগঠনে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানিও আজি গ্ৰহণ কৰা হ’ব সৰ্বোচ ন্যায়ালয়ত ৷ কা'ৰ জৰিয়তে আফগানিস্তান, বাংলাদেশ বা পাকিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী বা খ্ৰীষ্টান সম্প্ৰদায়ৰ প্ৰব্ৰজনকাৰীসকলক দেশত নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে ।

উল্লেখ্য যে, নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ CAA বলবতৰ জাননী জাৰি কৰা হৈছিল 2019 চনৰ 12 ডিচেম্বৰৰ দিনা (Citizenship Amendment Act) । আনহাতে, 10 জানুৱাৰী, 2020ত কাৰ্যকৰী কৰা হৈছিল এই আইন । ইয়াৰ পিছতে এই কা' ৰ বিৰুদ্ধে সমগ্ৰ দেশতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদৰ (CAA protests across country) । বিভিন্ন দল-সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছিল । অসমতো বাওঁ গণতান্দ্ৰিক সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সামাজিক দল-সংগঠনে কা'ৰ বিৰোধিতা জনায় কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিছিল(Caa protest in Assam) ।

কা বিৰোধী আন্দোলনত বিভিন্ন দল-সংগঠনে ন্যায়ালয়ত জনোৱা আবেদনৰ ভিত্তিত 2020 চনৰ জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল শীৰ্ষ আদালতে । কিন্তু ক’ভিড-19 মহামাৰীৰ বাবে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে বিষয়টো শুনানি পৰ্যায়লৈ আহিব পৰা নাছিল ৷

কা'ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ চমুকৈ আই ইউ এম এলে নিজৰ আবেদনত কৈছে যে এই আইনখনে নাগৰিকৰ সমতাৰ মৌলিক অধিকাৰ উলংঘা কৰিছে আৰু অবৈধ প্ৰব্ৰজনকাৰীৰ এটা অংশক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰাৰ মনস্থ কৰিছে(Indian Union Muslim League) ৷ ই সম্পূৰ্ণৰূপে সংবিধানৰ পৰিপন্থী ৷

লগতে পঢ়ক: CAAৰ বিৰুদ্ধে আছুৱে ন্যায়ালয়তো যুঁজ অব্যাহত ৰাখিছে: দীপাংক নাথ

Last Updated :Sep 12, 2022, 11:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.