ETV Bharat / bharat

SC on WFI Election : ভাৰতীয় কুস্তি ফেডাৰেচনৰ নিৰ্বাচন; পাঞ্জাব-হাৰিয়ানা হাইকোৰ্টৰ স্থগিতাদেশত হস্তক্ষেপ নকৰে ছুপ্ৰিম কোৰ্টে

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 3:57 PM IST

Updated : Aug 29, 2023, 9:13 PM IST

উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে ভাৰতীয় কুস্তি ফেডাৰেচনৰ (ডব্লিউএফআই) নিৰ্বাচন স্থগিত ৰাখিবলৈ পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে দিয়া পূৰ্বৰ আদেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে । "অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশ বাতিল কৰাৰ বাবে আবেদন কৰাৰ পৰিৱৰ্তে, আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে । সেয়েহে আমি এই বিশেষ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছোঁ ।" বিচাৰপীঠে কয় ।

SC on WFI Election
SC on WFI Election

নিউজ ডেস্ক, ২৯ আগষ্ট : দেশৰ উচ্চতম ন্যায়ালয়ে ভাৰতীয় কুস্তি ফেডাৰেচনৰ (ডব্লিউএফআই) নিৰ্বাচন স্থগিত ৰাখিবলৈ পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয় দিয়া আদেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে । এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে । ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ পংকজ মিথালক লৈ গঠিত এখন বিচাৰপীঠে আবেদনকাৰী অন্ধ্ৰপ্ৰদেশ এমেচাৰ ৰেছলিং এছোচিয়েচনক এই সম্পৰ্কীয় অভিযোগ লৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ কৈছে ।

"আমি এইটো কিয় এক মনোৰঞ্জনৰ বিষয় কৰিছোঁ ? আপোনালোক উচ্চ ন্যায়ালয়লৈ যাওক ।" বিচাৰপীঠে কয় । "অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশ বাতিল কৰাৰ বাবে আবেদন কৰাৰ পৰিৱৰ্তে আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্বাচন কৰিছে । সেয়েহে আমি এই বিশেষ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছোঁ ।" বিচাৰপীঠে লগতে কয় । উল্লেখ্য যে পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, উচ্চ ন্যায়ালয়ৰ ১১ আগষ্টৰ আদেশৰ বিৰুদ্ধে অন্ধ্ৰপ্ৰদেশ এমেচাৰ ৰেছলিং এছোচিয়েচনৰ (এপিএডব্লিউএ) আবেদনৰ শুনানি শীৰ্ষ আদালতে গ্ৰহণ কৰি আছে ।

উল্লেখ্য যে যৌন নিৰ্যাতনৰ অভিযোগক লৈ হোৱা বিতৰ্কৰ পিছত ভাৰতীয় কুস্তি ফেডাৰেচনৰ নিৰ্বাচনত এক বাধাৰ সৃষ্টি হৈছে । ভাৰতীয় কুস্তি ফেডাৰেচনৰ বিদায়ী মুৰব্বী ব্ৰীজভূষণ সিঙে নিজেই এই প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিবলৈ অযোগ্য হৈ পৰিছে । কিয়নো তেওঁ কুস্তি ফেডাৰেচনৰ সভাপতি হিচাপে ১২ বছৰ সম্পূৰ্ণ কৰিছে । তেওঁৰ পৰিয়ালৰ সদস্যসকলো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে অযোগ্য হৈ পৰিছে । ক্ৰীড়া সংহিতা অনুসৰি, কোনো সদস্যক একেৰাহে চাৰি বছৰৰ তিনিটা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিয়া নহয় । এতিয়া পৰৱৰ্তী সময়ত এই নিৰ্বাচন সন্দৰ্ভত কি গতিবিধি হয় সেয়া লক্ষণীয় হ'ব ।

Last Updated : Aug 29, 2023, 9:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.