ETV Bharat / bharat

Manipur Women naked protest :'কেৱল এজাহাৰ পঞ্জীয়ন কৰিবলৈ 14 দিন কিয় লাগিছিল?'- উচ্চতম ন্যায়ালয়ৰ কঠোৰ মন্তব্য

author img

By

Published : Jul 31, 2023, 9:41 PM IST

"আৰক্ষীয়ে 4 ৰ পৰা 18 মে'লৈ কি কৰি আছিল? দুগৰাকী মহিলাক বিৱস্ত্ৰ কৰি পেৰেড কৰা হৈছে- এগৰাকীক ধৰ্ষণ কৰা হৈছিল, আৰক্ষীয়ে কি কৰি আছিল?" আৰক্ষীয়ে এখন উকা এজাহাৰ পঞ্জীয়ন কৰিবলৈ 14 দিন সময় লৈছিল... এজাহাৰ পঞ্জীয়ন নকৰাৰ কোনো যৌক্তিকতা থাকিব নোৱাৰে ৷ তৎক্ষণাৎ এজাহাৰ পঞ্জীয়ন কৰাত আৰক্ষীৰ পথত কি বাধা আছিল... এজাহাৰ পঞ্জীয়ন কৰিবলৈ 14 দিন অপেক্ষা কৰাৰ কাৰণ কি? "- মুখ্য ন্যায়াধীশ

supreme-court-on-manipur-violence-and-video-of-women-paraded-naked
'কেৱল এজাহাৰ পঞ্জীয়ন কৰিবলৈ 14 দিন কিয় লাগিছিল?'- উচ্চতম ন্যায়ালয়ৰ কঠোৰ মন্তব্য

নেশ্যনেল ডেস্ক, 31 জুলাই : মণিপুৰত যোৱা 4 মে’ত সংঘটি হোৱা বৰ্বৰ ঘটনাক লৈ কঁপিছে দেশ ৷ দুগৰাকী কুকি-জো সম্প্ৰদায়ৰ মহিলাক বিৱস্ত্ৰ কৰি পেৰেড কৰাৰ ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে উচ্চতম ন্যায়ালয়ে ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰক কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ লবলৈ নিৰ্দেশনা দিছিল ৷ উচ্চতম ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক প্ৰতিনিধিত্ব কৰা পৰামৰ্শদাতাক প্ৰশ্ন কৰি সোধে যে সংঘৰ্ষগ্ৰস্ত ৰাজ্যখনত মহিলাসকলক বিৱস্ত্ৰ আৰু যৌন নিৰ্যাতন কৰাৰ সন্দৰ্ভত আৰক্ষীয়ে কিয় এজাহাৰ পঞ্জীয়ন কৰিবলৈ 14 দিন সময় লৈছিল ? উচ্চতম ন্যায়ালয়ে মন্তব্য প্ৰকাশ কৰিছিল যে ন্যায়াধীশে দণ্ডাধীশৰ ওচৰত বিচাৰ কৰাতকৈ ভুক্তভোগীৰ কাষ চাপিব লাগে ৷

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয়, "এই ঘটনা নিৰ্ভয়া গোচৰৰ দৰে নহয়, কিন্তু এই ঘটনাত আমি সাম্প্ৰদায়িক বিবাদৰ সময়ত সংঘটিত হৈ থকা হিংসাত্মক কাৰ্যকলাপৰ সৈতে মোকাবিলা কৰিছো ৷"

বিচাৰপীঠে উল্লেখ কৰিছিল যে, এই ঘটনাৰ তদন্তৰ দায়িত্ব কেৱল চিবিআই বা এছআইটিক অৰ্পণ কৰাটো পৰ্যাপ্ত নহ'ব ৷ এতিয়াও এই ঘটনাৰ ভুক্তভোগী 19 বছৰীয়া যুৱতীগৰাকীয়ে পৰিয়াল হেৰুৱাই সাহাৰ্য শিবিৰত আছে ৷

মুখ্য ন্যায়াধীশে কৈছিল যে আদালতে তেওঁ দণ্ডাধীশৰ ওচৰলৈ যোৱাটো নিবিচাৰে ৷ এই ন্যায়ৰ প্ৰক্ৰিয়াত ভুক্তভোগীয়ে ন্যায় পোৱাটো নিশ্চিত কৰাব লাগিব ৷ উচ্চতম ন্যায়ালয়ে মহিলা ন্যায়াধীশ আৰু নাগৰিক সমাজৰ সদস্যসকলক এখন সমিতি গঠন কৰাৰ পৰামৰ্শ দিছিল৷

কেন্দ্ৰক প্ৰতিনিধিত্ব কৰা এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণীয়ে মুখ্য ন্যায়াধীশৰ নেতৃত্বত আৰু ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠৰ সন্মুখত প্ৰতিবেদন দাখিল কৰিছিল যে, তেওঁ এছআইটি তদন্তৰ বাবে আদালতৰ আদেশৰ বিৰোধী নহয় ৷ এই ঘটনাৰ সন্দৰ্ভত আদালতক সকলো তথ্য সংগ্ৰহ কৰাত পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুমতি দিবলৈ আহ্বান জনায়৷ লগতে কয় যে এই তদন্তত কেৱল নাগৰিক সমাজৰ (এছআইটি সংবিধানত) নহয় ৰাজ্য চৰকাৰৰো ভূমিকা থাকিব লাগে ৷

বিৱস্ত্ৰ কৰি পেৰেড কৰোৱা মহিলাসকলক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্তৰ বাবে অনুৰোধ জনাইছিল লগতে প্ৰতিবেদনত দাখিল কৰিছিল যে আৰক্ষীয়ে এই জঘন্যকাণ্ড সংঘটিত কৰা সকলত সহযোগিতা কৰিছিল ৷ খোদ আৰক্ষীয়ে মহিলাদুগৰাকীক ভিৰলৈ লৈ গৈছিল আৰু মহিলাসকলক ভিৰত দিছিল আৰু তাৰ পিচত ৰাইজে তেওঁলোকক পথাৰলৈ লৈ গৈছিল ৷

চিব্বলে কেন্দ্ৰই গোচৰটো চিবিআইলৈ স্থানান্তৰ কৰাৰ পদক্ষেপত আপত্তি জনাইছিল ৷ লগতে কৈছিল যে, চৰকাৰে এই গোচৰটো অসমলৈ স্থানান্তৰ কৰা সিদ্ধান্তত ভুক্তভোগী মহিলাসকলে আপত্তি দৰ্শাইছিল ৷ তেতিয়া মেহতাই স্পষ্ট কৰি দিয়ে যে, কেন্দ্ৰই কেতিয়াও গোচৰটো অসমলৈ স্থানান্তৰ কৰিবলৈ বিচৰা নাছিল ৷

জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে কৈছিল যে, " লোকসকল সম্প্ৰতি আতংকিত হৈ আছে, আমি নিশ্চিত নহয় যে জীৱিত লোকসকলে চিবিআইক সঁচা কথা ক'ব নে নাই ৷ তেওঁলোকৰ সঁচা কথা কোৱাৰ আত্মবিশ্বাস থাকিব লাগে ৷" তেওঁ নাগৰিক সমাজৰ মহিলা সদস্যসকলৰ এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিবলৈ কৈছিল, যাতে এই লোকসকলে আগবাঢ়ি আহি তেওঁলোকৰ শংকাহীনভাৱে সঁচা কথা ক'ব পাৰে৷

ভুক্তভোগীসকলে তেওঁলোকৰ অনুৰোধত তেওঁলোকৰ পৰিচয় সুৰক্ষিত কৰিবলৈ অনুৰোধ জনাইছে আৰু এজন আইজি পদবীৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এখন স্বতন্ত্ৰ এছআইটিৰ নেতৃত্বত তদন্ত বিচাৰিছে ৷ তেওঁলোকে ৰাজ্যৰ বাহিৰত বিচাৰ প্ৰক্ৰিয়া স্থানান্তৰ কৰিবলৈ দাবী জনাইছে বুলি মুখ্য ন্যায়াধীশগৰাকীয়ে জোৰ দি কৈছিল ৷

ইফালে, মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰিছিল যে, 4 মে'ত ঘটনাটো সংঘটিত হোৱাৰ লগে লগে এজাহাৰ পঞ্জীয়ন কৰাত কিয় পলম হ’ল? মণিপুৰ চৰকাৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কৈছিল যে এইটো সঁচা যে এজাহাৰখন 18 মে'ত পঞ্জীয়ন কৰা হৈছিল আৰু ইয়াক উকাএজাহাৰ হিচাপে পঞ্জীয়ন কৰা হৈছিল ৷ লগতে এনে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছিল ৷ ৰাজ্যখনত মুঠ 6000 এজাহাৰ দাখিল কৰা হৈছিল ৷

মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰিছিল , "আৰক্ষীয়ে 4 ৰ পৰা 18 মে'লৈ কি কৰি আছিল? দুগৰাকী মহিলাক বিৱস্ত্ৰ কৰি পেৰেড কৰা হৈছে- এগৰাকীক ধৰ্ষণ কৰা হৈছিল, আৰক্ষীয়ে কি কৰি আছিল?" আৰক্ষীয়ে এখন উকা এজাহাৰ পঞ্জীয়ন কৰিবলৈ 14 দিন সময় লৈছিল... এজাহাৰ পঞ্জীয়ন নকৰাৰ কোনো যৌক্তিকতা থাকিব নোৱাৰে ৷ তৎক্ষণাৎ এজাহাৰ পঞ্জীয়ন কৰাত আৰক্ষীৰ পথত কি বাধা আছিল... এজাহাৰ পঞ্জীয়ন কৰিবলৈ 14 দিন অপেক্ষা কৰাৰ কাৰণ কি? "

ভিডিঅ'টো ভাইৰেল হোৱাৰ 24 ঘণ্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ বৰ্তমানলৈকে 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে, মেহতাই কয় যে, 18 মে'ত ঘটনাটো দৃষ্টিগোচৰ কৰা হৈছিল ৷ তেতিয়াই মুখ্য ন্যায়াধীশে কয়, "আমি গ্ৰেপ্তাৰ হোৱালৈ কিয় অপেক্ষা কৰিব লাগিব... এনে ঘটনা সংঘটিত হোৱাৰ বিষয়ে আৰক্ষী থানা অজ্ঞাত আছিল নেকি ?"

মুখ্য ন্যায়াধীশে কয় যে উকা এজাহাৰখন 18 মে'ত পঞ্জীয়ন কৰা হৈছিল, আৰু ইয়াক কিয় 21 জুন, এমাহ তিনি দিনৰ পিচত দণ্ডাধীশৰ ওচৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু এনে 20 খন এজাহাৰ আছিল, আন 20 খন এজাহাৰৰ সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে? মুখ্য ন্যায়াধীশে লগতে মেহতাক সুধিছিল যে, 6000 এজাহাৰৰ কি কি সন্দৰ্ভত ৰুজু কৰা হৈছিল ? ইয়াৰে কিমানখনত মহিলাৰ বিৰুদ্ধে অপৰাধ জড়িত আছে, কিমানটা গুৰুতৰ অপৰাধ যেনে হত্যা, সংঘৰ্ষ, অগ্নিসংযোগ, ইয়াৰ ভিতৰত কিমানখন উকা হিচাপে নথিভুক্ত কৰা হৈছিল?

পৰৱৰ্তী সময়ত আদালতে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক কিমান এজাহাৰ দাখিল, কিমানক আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছে, ভুক্তভোগীসকলক প্ৰদান কৰা আইনী সহায়ৰ স্থিতি, এজাহাৰবোৰৰ ভিত্তিত কিমানৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে, মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা এইটোৱেই একমাত্ৰ ঘটনা নে অন্য ঘটনাও আছে, এনে কিমানখন এজাহাৰ আছে এই বিষয়বোৰৰ তথ্য লৈ পুনৰ মঙলবাৰে আহিবলৈ নিৰ্দেশ দিছিল৷ মুখ্য ন্যায়াধীশে কৈছিল যে সংবাদ মাধ্যমসমূহে মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে ব্যাপকভাৱে প্ৰতিবেদন প্ৰকাশ কৰিছে কিন্তু তাৰ পিচতো ৰাজ্য চৰকাৰৰ ওচৰত এইসমূহ তথ্য নাই ৷

লগতে পঢ়ক: Manipur violence: বীৰেন সিঙক কঠোৰ সমালোচনা মিজোৰামৰ মুখ্যমন্ত্ৰীৰ, জেলেংগাম নামৰ পৃথক ৰাজ্যৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.